শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

যৌতুকৰ দাবীৰ লগতে অবৈধ সম্পৰ্ক! IPLত তিনিবাৰ হেট্ৰিক লোৱা ভাৰতীয় তাৰকাৰ বিৰুদ্ধে পত্নীয়ে তুলিলে অভিযোগ

ছামিৰ পিছত এতিয়া আন এগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ বিৰুদ্ধেও উঠিছে গাৰ্হস্থ্য হিংসাৰ অভিযোগ। তদুপৰি আন মহিলাৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগো উত্থাপন হৈছে খেলুৱৈগৰাকীৰ বিপক্ষে। স্বয়ং পত্নীয়ে উত্থাপন কৰা এনে অভিযোগৰ পিছত এতিয়া সমস্যা বাঢ়িছে এইগৰাকী ক্ৰিকেটাৰৰ ব্যক্তিগত জীৱনত।

যৌতুকৰ দাবীৰ লগতে অবৈধ সম্পৰ্ক! IPLত তিনিবাৰ হেট্ৰিক লোৱা ভাৰতীয় তাৰকাৰ বিৰুদ্ধে পত্নীয়ে তুলিলে অভিযোগ
ভাৰতীয় ক্ৰিকেটাৰৰ বিপক্ষে গুৰুতৰ অভিযোগ
monjit-dutta
Monjit Dutta | Published: 20 Apr 2025 18:04 PM

কেইটামান বছৰ পূৰ্বে গাৰ্হস্থ্য হিংসা, যৌতুকৰ দাবী, মেচ ফিক্সিং আদি গুৰুতৰ অভিযোগে জোকাৰিছিল ভাৰতীয় ক্ৰিকেট। দেশৰ তাৰকা ক্ৰিকেটাৰ মহম্মদ ছামিৰ বিৰুদ্ধে তেওঁৰ পত্নী হাছিন জাহানে তুলিছিল এনে গুৰুতৰ অভিযোগ। ২০১৮ চনতে ছামিৰ বিপক্ষে পত্নীয়ে তোলা এই অভিযোগৰ গোচৰ এতিয়াও আছে আদালতৰ মজিয়াত। ছামিৰ পিছত এতিয়া আন এগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ বিৰুদ্ধেও উঠিছে গাৰ্হস্থ্য হিংসাৰ অভিযোগ। তদুপৰি আন মহিলাৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগো উত্থাপন হৈছে খেলুৱৈগৰাকীৰ বিপক্ষে।

স্বয়ং পত্নীয়ে উত্থাপন কৰা এনে অভিযোগৰ পিছত এতিয়া সমস্যা বাঢ়িছে এইগৰাকী ক্ৰিকেটাৰৰ ব্যক্তিগত জীৱনত। এনে গুৰুতৰ অভিযোগত অভিযুক্ত এই খেলুৱৈগৰাকী আন কোনো নহয়, তেওঁ হৈছে ভাৰতীয় ক্ৰিকেটৰ এগৰাকী অন্যতম আগশাৰীৰ লেগ স্পিনাৰ অমিত মিশ্ৰ। ভাৰতৰ হৈ ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশ লৈছে অমিত মিশ্ৰই। আই পি এলৰ সফল বলাৰৰ ভিতৰতো নাম উচ্চাৰিত হয় তেওঁৰ।

কিন্তু খেলুৱৈ হিচাপে যথেষ্ট সফলতা অৰ্জন কৰিলেও পত্নী গৰিমা মিশ্ৰই উত্থাপন কৰা অভিযোগৰ পিছত বিতৰ্কত সোমাই পৰিছে তাৰকা লেগ স্পিনাৰগৰাকী। শেহতীয়াকৈ গৰিমা মিশ্ৰই আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰি স্বামী অমিত মিশ্ৰ আৰু শহুৰেকে টকাৰ বাবে তেওঁৰ ওপৰত হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে। গৰিমাৰ মতে, অমিত আৰু তেওঁৰ পৰিয়ালে এখন হোণ্ডা চিটি বাহন আৰু ১০ লাখ টকাৰ বিচাৰি হাৰাশাস্তি কৰে।

ইয়াৰ উপৰিও অমিত মিশ্ৰৰ বহু মহিলাৰ সৈতে অবৈধ সম্পৰ্ক থকা বুলিও অভিযোগ উত্থাপন কৰিছে গৰিমা মিশ্ৰই। উল্লেখ্য যে অমিত মিশ্ৰ আৰু গৰিমাৰ বিয়া হৈছিল ২০২১ চনৰ ২৬ এপ্ৰিলত। অমিত বৰ্তমান ক্ৰিকেটৰ পৰা আঁতৰি আছে আৰু কানপুৰৰ ভাৰতীয় ৰিজাৰ্ভ বেংকত কৰ্মৰত। গৰিমাই অভিযোগ কৰিছে যে অমিত মিশ্ৰই তেওঁক যৌতুকৰ দাবী কৰাৰ লগতে কেইবাবাৰো প্ৰহাৰ কৰিছে।

চাৰি মাহ পূৰ্বে ডিচেম্বৰ মাহত আন মহিলাৰ সৈতে তেওঁৰ সম্পৰ্কত আপত্তি কৰাৰ বাবে অমিত মিশ্ৰই গৰিমাক ঘৰৰ পৰা বাহিৰ কৰি দিছিল বুলিও অভিযোগ তোলা হৈছে। বৰ্তমান গৰিমা মিশ্ৰ মাতৃগৃহত বাস কৰি আছে। পত্নীৰ এই অভিযোগৰ বিপৰীতে অমিত মিশ্ৰই আকৌ পত্নী গৰিমাইহে তেওঁক হাৰাশাস্তি কৰিছে বুলি অভিযোগ তুলিছে। আনকি এবাৰ পত্নীয়ে তেওঁক বেংক কাৰ্যালয়ৰ বাহিৰত প্ৰহাৰ কৰা বুলিও অমিত মিশ্ৰই দাবী কৰে।

উল্লেখ্য যে ২০০৩ চনত ভাৰতৰ হৈ এদিনীয়া আৰু ২০০৮ চনত টেষ্টত অভিষেক ঘটাইছিল অমিত মিশ্ৰই। ইয়াৰ পিছত ২০১০ চনত টি-২০তো তেওঁ অভিষেক ঘটায়। ভাৰতৰ হৈ ২২খন টেষ্টত ৭৬টা, ৩৬খন এদিনীয়াত ৬৪টা আৰু ১০খন টি-২০ মেচত ১৬টা উইকেট দখল কৰিছে অমিত মিশ্ৰই। ইয়াৰ উপৰিও তেওঁ ১৬২ খন আই পি এল মেচত তিনিবাৰ হেট্ৰিকসহ ১৭৪টা উইকেট দখল কৰিছে।