5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

টেষ্ট ক্ৰিকেটত গুৰুত্ব দিয়ক বিৰাটে ! কোহলীক কি পৰামৰ্শ দিলে এণ্ডি ৰবাৰ্টছে ?

অধিক জনপ্ৰিয় এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীক শেহতীয়াকৈ বিশেষক পৰামৰ্শ আগবঢ়াইছে কেৰিবিয়ান কিংবদন্তি এণ্ডি ৰবাৰ্টছে । কেৰিবিয়ান কিংবদন্তি গৰাকীয়ে অনুভৱ কৰিছে যে, বিৰাট কোহলীয়ে আহিবলগীয়া দিনবোৰত টেষ্ট ক্ৰিকেটত গুৰুত্ব দিয়াটো অতি প্ৰয়োজন ।

টেষ্ট ক্ৰিকেটত গুৰুত্ব দিয়ক বিৰাটে ! কোহলীক কি পৰামৰ্শ দিলে এণ্ডি ৰবাৰ্টছে ?
বিৰাট কোহলী
manas-borah
Manas Borah | Updated On: 11 Dec 2024 09:32 AM

শেহতীয়াকৈ পাৰ্থ টেষ্টত শতক অৰ্জন কৰিছে বিৰাট কোহলীয়ে । অৱশ্যে বিৰাট কোহলীয়ে যিধৰণে টেষ্ট ক্ৰিকেটত সফলতা লাভ কৰিছে সেই একেধৰণে যোৱা বছৰত ভাৰতীয় সুপৰিচিত ক্ৰিকেটাৰ গৰাকীয়ে বহু বিফলতাৰো সন্মুখীন হৈছে । ইতিমধ্যে বিৰাট কোহলীয়ে টি-২০ ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে । ভাৰতে ১৭ বছৰৰ পাছত এইবাৰ টি-২০ বিশ্বকাপত জয়লাভ কৰাৰ পাছতে বিৰাটে এই ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰে । টেষ্ট আৰু এদিনীয়া ক্ৰিকেট ফৰ্মেটত নিজৰ যাত্ৰা অব্যাহত ৰাখিছে বিৰাট কোহলীয়ে ।

অধিক জনপ্ৰিয় এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীক শেহতীয়াকৈ বিশেষক পৰামৰ্শ আগবঢ়াইছে কেৰিবিয়ান কিংবদন্তি এণ্ডি ৰবাৰ্টছে । কেৰিবিয়ান কিংবদন্তি গৰাকীয়ে অনুভৱ কৰিছে যে, বিৰাট কোহলীয়ে আহিবলগীয়া দিনবোৰত টেষ্ট ক্ৰিকেটত গুৰুত্ব দিয়াটো অতি প্ৰয়োজন । উল্লেখ্য যে,বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাত ভাৰত আৰু আষ্ট্ৰেলিয়াই ১-১ ত সমতা স্থাপন কৰি আছে । পাঁচখনীয়া এই শৃংখলাৰ তৃতীয়খন টেষ্ট মেচ ব্রিজবেনত ১৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব ।

ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয়খন মেচ আৰম্ভ হোৱাৰ পূৰ্বে ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি পেচাৰ এণ্ডি ৰবাৰ্টছে অনুভৱ কৰিছে যে, বিৰাট কোহলীয়ে কেৱল টেষ্ট ক্ৰিকেটতহে গুৰুত্ব দিব লাগে। ৰবাৰ্টছে আশা কৰিছে যে, টেষ্ট ক্ৰিকেটত বেটিং কৰাৰ পুৰণি শৈলী তথা ফৰ্মলৈ ঘূৰি যাব বিৰাট কোহলী।

বিশ্ব ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটছমেনৰ শাৰীত ধৰা হয় বিৰাট কোহলীক । ইতিমধ্যে এই ক্ৰিকেটাৰ গৰাকীয়ে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰি আহিছে । মনকৰিবলগীয়া যে, যোৱা বছৰবোৰত বিৰাটে টেষ্ট ক্ৰিকেটত বৰ বিশেষ সফল হোৱা পৰিলক্ষিত হোৱা নাই । টেষ্টত ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা ৬৪ ইনিংছত মাত্ৰ ১৯৬১ ৰানহে কৰিবলৈ সক্ষম হৈছে বিৰাটে। বেটিং গড় ৰানৰেট-৩২.১৪। এই সময়ছোৱাত মাত্ৰ তিনিটা শতক হে অৰ্জন কৰিছে বিৰাট কোহলীয়ে ।

ইফালে, এক বিশেষ সাক্ষাৎকাৰত কিংবদন্তি ৰবাৰ্টছে কয় যে, এডিলেইডত পৰাজয়ৰ পিছত ভাৰতীয় একাদশৰ কোনো পৰিৱৰ্তন হ’ব নে নহয় নাজানো। কিন্তু বেটিঙৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজন । সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ বেটছমেনে এই ফৰ্মেটত যোৱা পাঁচ বছৰ বিফলতাৰে পাৰ কৰিছে। তেওঁ দীঘলীয়া এই ফৰ্মেটটোৰ ওপৰত গুৰুত্ব দিব লাগে । তেতিয়াহে তেওঁ ফৰ্ম ঘূৰি আহিব বুলি অনুভৱ কৰিছে কিংবদন্তি ৰবাৰ্টছে।

তেওঁ কয় যে, টেষ্ট ক্ৰিকেটত ৰান সংগ্ৰহ কৰাটো তেতিয়াহে সম্ভৱ যেতিয়া কোনোৱে কেৱল এই ফৰ্মেটত মনোনিৱেশ কৰে। টেষ্ট ক্ৰিকেটৰ মানদণ্ড আগৰ দৰে নহয়। বহু ষ্টাৰ বেটছমেনে ভাল প্ৰদৰ্শন কৰাত ব্যৰ্থ হৈছে বুলি উল্লেখ কৰিছে ৰবাৰ্টছে ।

Latest News