বিৰাট কোহলীৰ বেটিঙৰ সময়ত গেলাৰীত টোপনি গ’ল পত্নী অনুষ্কাৰ ! ভিডিঅ’ ভাইৰেল

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত মঙলবাৰে অনুষ্ঠিত হয় চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ প্ৰথমখন ছেমি ফাইনেল । এই মেচখনত দৰ্শকৰ শাৰীত দেখা যায় তাৰকা বেটছমেন বিৰাট কোহলীৰ পত্নী তথা বলীউড অভিনেত্ৰী অনুষ্কা শৰ্মাক । কিন্তু তাতেই অনুষ্কাই এনে এটা কাম কৰিলে যে সম্প্ৰতি ভাইৰেল হৈছে অনুষ্কা শৰ্মাৰ এটা ভিডিঅ' ।

বিৰাট কোহলীৰ বেটিঙৰ সময়ত গেলাৰীত টোপনি গল পত্নী অনুষ্কাৰ ! ভিডিঅ ভাইৰেল

বিৰাট কোহলি আৰু অনুষ্কা

Updated On: 

05 Mar 2025 19:46 PM

চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন ছেমি ফাইনেল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হয় । ৪ মাৰ্চত অনুষ্ঠিত এই খেলখনত টিম ইণ্ডিয়াই বিজয় সাব্যস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । এই জয়ত বিৰাট কোহলীয়ে ৮৪ ৰানৰ ইনিংছেৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ইয়াৰ বাবে তেওঁক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও নিৰ্বাচিত কৰা হয় ।

ভাৰতীয় দলৰ এই গুৰুত্বপূৰ্ণ খেলখনত বিৰাটক অনুপ্ৰেৰণা যোগাবলৈ তেওঁৰ পত্নী অনুষ্কা শৰ্মাও ষ্টেডিয়ামত উপস্থিত আছিল । এতিয়া তেওঁৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে, য’ত তেওঁক শুই থকা দেখা গৈছে । দাবী কৰা হৈছে যে বিৰাটৰ বেটিং চাই থাকোঁতে তেওঁ টোপনি গৈছিল ।

ষ্টেডিয়ামতে শুই পৰিল অনুষ্কা

ভাৰতে বেটিং কৰি থকাৰ সময়তে ১৫ নং অভাৰৰ পিছত বিৰতিৰ সময়ত কেমেৰামেনে অনুষ্কা শৰ্মাক শুই থকা দেখুৱাইছিল । এই সময়ছোৱাত ২৮টা বলত ১৮ ৰান সংগ্ৰহ কৰি ক্ৰীজত আছিল কোহলি । এই দৃষ্টিকোণৰ পৰা চালে তেওঁ অলপ লাহে লাহে বেটিং কৰি আছিল । কিন্তু আমি নিশ্চিতভাৱে ক’ব নোৱাৰো যে কেৱল বিৰাটৰ বেটিঙৰ বাবেই তেওঁ টোপনি আহিছিল । অৱশ্যে বিৰাটৰ লেহেমীয়া ইনিংছৰ কথা ক’লে এই ধৰণৰ বেটিঙৰ আঁৰত এটা ডাঙৰ কাৰণ আছিল ৷ দৰাচলতে পাৱাৰ প্লে’ত দুটা উইকেট হেৰুৱাই ভাৰতীয় দলটো কিছু চাপত পৰিছিল । তেতিয়া ভাৰতক মেচখনত নিয়ন্ত্ৰণ কৰিবলৈ উইকেট ৰক্ষা কৰাৰ লগতে অংশীদাৰিত্বৰ প্ৰয়োজন হৈছিল । সেয়ে কিছু লেহেমীয়াকৈ খেলিছিল কোহলিয়ে ।

অনুষ্কাৰ আন এটা ভিডিঅ’ অতি ভাইৰেল হৈ পৰিছে, য’ত বিৰাটে বিজয়ৰ পিছত তেওঁৰ সন্মুখত উদযাপন কৰা দেখা গৈছে । তেওঁক এনেকৈ উদযাপন কৰা দেখি অনুষ্কা লাজতে ৰঙা পৰি যায় ।

ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ অৰিহণা কোহলিৰ

ডুবাইত প্ৰথম বেটিং কৰি অষ্ট্ৰেলিয়াৰ দলটোৱে ভাৰতক ২৬৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । এই লক্ষ্য অনুসৰণ কৰি টিম ইণ্ডিয়াই নিজেই পঞ্চম অভাৰত প্ৰথমটো উইকেট হেৰুৱায় । সেইবাবেই এই মেচখনৰ প্ৰায় আৰম্ভণিতে কোহলিয়ে বেটিং কৰিবলৈ আহিবলগীয়া হৈছিল । তেওঁৰ আগমনৰ মাত্ৰ দুটা অভাৰৰ পাছত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাও পেভিলিয়নলৈ ৰাওনা হয় । ইয়াৰ পাছতে শ্ৰেয়াছ আয়াৰৰ সৈতে কোহলীয়ে ইনিংছৰ দায়িত্ব লয় আৰু ৯১ ৰানৰ অংশীদাৰিত্ব কৰে । কিন্তু আয়াৰো ভাৰতৰ স্ক’ৰ ১৩৪ ৰান হওঁতেই আউট হয় । ইয়াৰ পাছতে কোহলীয়ে অক্ষৰ পেটেলৰ সৈতে ৪৪ ৰান আৰু কে এল ৰাহুলৰ সৈতে ৪৭ ৰানৰ দুটা গুৰুত্বপূৰ্ণ অংশীদাৰিত্বৰে খেলখন ভাৰতৰ পক্ষলৈ আনে ।

গাখীৰ চাহত নিমখ দি খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক
সপোনত কেতিয়াবা শ্মশান দেখিছে নেকি? তেন্তে জানক ইয়াৰ অৰ্থ...
একেৰাহে এমাহ গাখীৰৰ সৈতে জালুক মিহলাই খালে কি হয় জানেনে?
অনন্ত আম্বানীৰ বনতাৰাত কি কি আৰু কিমান জীৱ-জন্তু আছে?