আজি ৪১ সংখ্যক অভিৰুচী ক্ৰীড়া দিৱস, ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন এই দিৱস
আজি অভিৰুচি ক্ৰীড়া দিৱস। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজা দিনটোত পালন এই দিৱস। ক্ৰীড়া দিৱস উপলক্ষে পুৱা জজ খেলপথাৰৰ পৰা নেহৰু ষ্টেডিয়ামলৈ উলিওৱা হয় সমূহীয়া দৌৰ।
অভিৰুচি ক্ৰীড়া দিৱস হৈছে অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আয়োজিত হোৱা এক ক্ৰীড়া দিৱস৷ ১৯৮৪ চনৰ পৰা প্ৰত্যেক বছৰে ৩ ছেপ্টেম্বৰ তাৰিখে এই ক্ৰীড়া দিৱস অনুষ্ঠিত হৈ আহিছে৷ অভিৰুচি নামৰ অসমীয়া ক্ৰীড়া আলোচনী এখনৰ সম্পাদক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ উদ্যোগত এই ক্ৰীড়া দিৱসৰ আৰম্ভনি হৈছিল৷
এই দিৱসত অসমৰ বিভিন্ন স্থানত দীৰ্ঘ দূৰত্বৰ দৌৰ আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে বিভিন্ন খেলত সফলতা লাভ কৰা খেলুৱৈসকলক সম্বৰ্দ্ধনা জনোৱা হয়৷ অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন প্ৰান্তত দৌৰ প্ৰতিযোগিতা,সাংস্কৃতিক অনুষ্ঠান আদিৰ উপৰি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজনো কৰা হয়।
অসমৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে অভিৰুচীয়ে উদযাপন কৰি আহিছে এই দিনটো, ক্ৰীড়া দিৱস উপলক্ষে পুৱা জজ খেলপথাৰৰ পৰা নেহৰু ষ্টেডিয়ামলৈ উলিওৱা হয় সমূহীয়া দৌৰ। এই সমূহীয়া দৌৰত অংশগ্ৰহণ কৰে লাভলীনা বৰগোহাঁই। ইফালে ৰাজ্যৰ ভিন্ন প্ৰান্তটো ভোগেশ্বৰী বৰুৱাক সুঁৱৰি ক্ৰীড়া দিৱসৰ আয়োজন কৰা হৈছে।
ইফালে চানমাৰি উৰণ সেতুৰ পৰা নেহৰু ষ্টেডিয়ামলৈ সামূহিক দৌৰ অনুষ্ঠিত হৈছে। আজিৰ দিনটোত গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ আন আন প্ৰান্তত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হৈছে। পুৱাই একাংশ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলে সামূহিক দৌৰত অংশ লোৱা দেখা গৈছে।
খেলৰ মহত্ব
বিভিন্ন সময়ত ৰাজ্যত বহুতো খেল ধেমালি অনুষ্ঠিত কৰা হয়। শিক্ষাৰ্থীসকলৰ বিকাশৰ বাবে আন্তঃবিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা প্ৰত্যেক জুন-জুলাই মাহত জিলা আৰু ৰাজ্যিক পৰ্যায়ত অনুস্থিত হয়। খেলত শিশুৱে আমোদৰ সন্ধান পায়, সেয়াই হ’ল খেল-ধেমালি জৰুৰী। ই হ’ল শিশুৰ নিজৰ কাৰণেই উপভোগ্য আৰু নিজৰ দ্বাৰাই পুৰস্কৃতৰ থলী। সেয়েহে খেলা-ধূলাই শিশুক সন্তোষ প্ৰদান কৰে। খেলা-ধূলাত শিশুৰ অংশগ্ৰহণ স্বতঃস্ফূৰ্ত হয়।
খেল কিয় গুৰুত্বপূৰ্ণ?
যিবিলাক খেলা সক্রিয় আৰু শক্তিশালী, তেনেধৰণৰ খেলাই শিশুৰ মাংসপেশী নিয়ন্ত্ৰণৰ সহায়ক। দেহৰ অংগসমূহৰ পৰিপক্ক দৈহিক বিকাশ আৰু অংগ-সঞ্চালনাৰ দক্ষতা অর্জন কৰিব পাৰি আৰু শিশুৰ এই দক্ষতাবোৰৰ অভ্যসনৰ সুযোগ পায়। খেলৰ দ্বাৰা যিদৰে সিৰাৰ সুষম বিকাশ ঘটে, ঠিক তেনেদৰে সামগ্রিক পেশীৰ সমন্বয়ো ঘটে।
খেলাই কোনো এটা বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। শিশুৱে তেওঁৰ চৌপাশৰ পৰিৱেশৰ সম্বন্ধে জ্ঞান আহৰণ কৰাৰ বেলিকা পাঁচ ইন্দ্ৰিয়ৰ ভূমিকাই উৎস স্থল। এই ক্ষেত্ৰত সংবোধন ইন্দ্ৰিয়ৰ ক্ৰিয়া অতিকৈ গুৰুত্বপূৰ্ণ।