মাতৃৰ মৃত্যু, সন্তানৰ বাবে পৰিয়ালৰ সন্ধানত শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুনৰ…
আই পি এল চলি থকাৰ মাজতে অৰ্জুন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰে এটা বিশেষ ঘৰৰ সন্ধানত আছে। এই সন্দৰ্ভত তেওঁ সামাজিক মাধ্যমত বিশেষ পোষ্ট কৰে।

অৰ্জুন তেণ্ডুলকাৰ
বৰ্তমান চলি আছে আই পি এল ২০২৫ (IPL 2025) । এইবাৰ মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছে শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰে। এই ছিজনত তেওঁ এতিয়ালৈকে এখন মেচো খেলাৰ সুযোগ লাভ কৰা নাই। অৱশ্যে চেষ্টাৰ ক্ষেত্ৰত তেওঁ কৃপনালীও কৰা নাই। হয়তো শীঘ্ৰেই আই পি এলত খেলাৰ সুযোগ লাভ কৰিব পাৰে অৰ্জুনে। এতিয়া শচীন পুত্ৰৰ লক্ষ্য হ’ল সুবিধা লব পৰাতো। কিন্তু এতিয়া অন্য এটা বিষয়ে চিন্তা বৃদ্ধি কৰিছে শচীন তনয়ৰ। অৰ্জুনক লাগে এটা মৰমলগা ঘৰ!
বৰ্তমান আই পি এলৰ ব্যস্ততা। তাৰ মাজতে অৰ্জুনে সময় উলিয়াই ‘ভোলু’ৰ বাবে এটা মৰমলগা ‘ঘৰ’ বিচাৰি আছে । তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এই সন্দৰ্ভত জনতালৈ এক বিশেষ আহ্বান জনাইছে। তেওঁ কৈছে যে, “ভোলুৰ মাতৃৰ মৃত্যু হৈছে। মই তেওঁৰ বাবে ভাল পৰিয়াল এটা বিচাৰো”। অৰ্জুনৰ এই প্ৰচেষ্টা কিমান সোনকালে সফল হ’ব সেয়া কোৱা টান। বহুতে কৈছে যে অৰ্জুনে এয়া অতি ভাল পদক্ষেপ গ্ৰহণ কৰিছে।
একেবাৰে সৰু ভোলু। বয়স মাত্ৰ ৪৫ বছৰ। কিন্তু ভোলুৰ মাতৃৰ মৃত্যু হৈছে। অৰ্জুনে সৰু কুকুৰৰ পোৱালী এটাৰ বিষয়ে এই পোষ্ট কৰিছে। এই পোষ্টটোত লগতে ভোলুৰ এখন ফটো দিছিল। ফটোখনতে অৰ্জুনে সকলো তথ্য প্ৰদান কৰিছিল। অৰ্জুনে পোষ্ট কৰা ইনষ্টা ষ্টৰীটোৰ মতে ভোলুৰ মাতৃৰ মৃত্যু হৈছে। যি পৰিয়ালে ভোলুৰ জীৱন ৰক্ষা কৰিছে সেই পৰিয়ালটোৰ পোহনীয়া জীৱ-জন্তু সন্দৰ্ভত কোনো জ্ঞান নাই। গতিকে ভোলুৰ বাবে তেওঁ এনে এটা পৰিয়ালৰ সন্ধান কৰি আছে যিয়ে ভালদৰে পোহনীয়া জন্তুৰ লালন পালন কৰিব পাৰে।
পোষ্টটো
উল্লেখ্য যে, অৰ্জুনৰ নিজা পোহনীয়া জন্তুও আছে। প্ৰায়ে অৰ্জুনে পোহনীয়া জন্তুৰ সৈতে সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰা দেখা যায়। ।এনে পৰিস্থিতিক ক’ব পাৰি যে ভোলুয়ে এখন ঘৰ পালে তেওঁ যথেষ্ঠ সুখী হ’ব।