আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ টি-২০ খেলুৱৈৰ তালিকাত নাই বুমৰাহৰ নাম! তালিকাত এইগৰাকী ভাৰতীয়

আইচিচি টি-২০ ক্ৰিকেটাৰ অৱ দ্য ইয়েৰ, অৰ্থাৎ বৰ্ষশ্ৰেষ্ঠ টি-২০ খেলুৱৈৰ বাবে মনোনীত খেলুৱৈৰ নামৰ তালিকা ঘোষণা কৰা হৈছে। এই বঁটাৰ বাবে আইচিচিয়ে ৪ জন খেলুৱৈৰ নাম মনোনীত কৰিছে। এই তালিকাত ভাৰত, পাকিস্তান, অষ্ট্ৰেলিয়া আৰু জিম্বাবুৱেৰ ১ জনকৈ খেলুৱৈ আছে। লক্ষণীয়ভাৱে এই তালিকাত সংযোজিত হোৱা নাই ভাৰতৰ তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহৰ নাম।

আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ টি-২০ খেলুৱৈৰ তালিকাত নাই বুমৰাহৰ নাম! তালিকাত এইগৰাকী ভাৰতীয়

বৰ্ষশ্ৰেষ্ঠ টি-২০ খেলুৱৈৰ বাবে মনোনীত এইগৰাকী ভাৰতীয়

Published: 

29 Dec 2024 16:30 PM

চলিত ২০২৪ বৰ্ষটি বিদায়ৰ পথত। বৰ্ষটোৰ বিদায়ৰ প্ৰাকক্ষণত ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আইচিচিয়ে ২০২৪ বৰ্ষত বিভিন্ন শিতানৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা খেলুৱৈৰ তালিকা ক্ৰমশঃ ঘোষণা কৰিছে। শেহতীয়াকৈ আইচিচিয়ে বৰ্ষটোৰ উদীয়মান ক্ৰিকেটাৰ শিতানৰ বাবে মনোনীত খেলুৱৈৰ নাম ঘোষণা কৰিছিল। এতিয়া ঘোষণা কৰা হৈছে আইচিচি টি-২০ ক্ৰিকেটাৰ অৱ দ্য ইয়েৰ, অৰ্থাৎ বৰ্ষশ্ৰেষ্ঠ টি-২০ খেলুৱৈৰ বাবে মনোনীত খেলুৱৈৰ নামৰ তালিকা। এই বঁটাৰ বাবে আইচিচিয়ে ৪ জন খেলুৱৈৰ নাম মনোনীত কৰিছে।

এই তালিকাত ভাৰত, পাকিস্তান, অষ্ট্ৰেলিয়া আৰু জিম্বাবুৱেৰ ১ জনকৈ খেলুৱৈ আছে। লক্ষণীয়ভাৱে এই তালিকাত সংযোজিত হোৱা নাই ভাৰতৰ তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহৰ নাম। চলিত বৰ্ষৰ জানুৱাৰী মাহত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপত ভাৰতৰ খিতাপ জয়ত অন্যতম প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল। তাৰকা পেচাৰগৰাকীয়ে মাত্ৰ ৮.২৬ গড়ে আৰু ৪.১৭ ইক’নমি ৰেটেৰে ১৫টা উইকেট দখল কৰিছিল।

এনে চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে বুমৰাহ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছিল। পিছে আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ টি-২০ খেলুৱৈৰ তালিকাত বুমৰাহৰ নাম এতিয়া অন্তৰ্ভুক্ত হোৱা নাই। তেওঁৰ পৰিৱৰ্তে ভাৰতৰ আন এগৰাকী পেচাৰেহে এই তালিকাত স্থান লাভ কৰিছে। বুমৰাহৰ পেচ বলিং সহযোগী তথা টি-২০ত ভাৰতীয় বলিং আক্ৰমণৰ এইসময়ৰ মূল পেচাৰ হিচাপে ভূমিকা পালন কৰি অহা অৰ্শদীপ সিঙৰ নাম এই বঁটাৰ বাবে মনোনীত হৈছে।

শেহতীয়া সময়ছোৱাত ক্ৰিকেটৰ এই চমু ফৰ্মেটোত ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন আগবঢ়াই আহিছে অৰ্শদীপে। চলিত বৰ্ষটোত ভাৰতৰ সফলতম বলাৰ হিচাপে পৰিগণিত হোৱা অৰ্শদীপে এই বৰ্ষত মুঠ ১৮খন টি-২০ মেচত ১৩.৫ গড়ে ৩৬টা উইকেট দখল কৰে। উল্লেখ্য যে এই বৰ্ষৰ টি-২০ বিশ্বকাপত যুটীয়াভাৱে সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে পৰিগণিত হৈছিল বাওঁহতীয়া পেচাৰগৰাকী।

বিশ্বকাপত মুঠ ১৭ টা উইকেটেৰে অৰ্শদীপে লগতে আফগানিস্তানৰ ফেজলহক ফাৰুকীৰ সৈতে যুটীয়াভাৱে টি-২০ বিশ্বকাপৰ এটা সংস্কৰণত সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপেও অভিলেখ ৰচিছিল। অৰ্শদীপৰ সৈতে এই তালিকাত আছে পাকিস্তানৰ তাৰকা বেটাৰ বাবৰ আজম। এই বৰ্ষত বাবৰে টি-২০ আন্তঃৰাষ্ট্ৰীয়ত আইচিচিৰ সম্পূৰ্ণ সদস্য দলৰ খেলুৱৈৰ ভিতৰত সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে।

বাবৰে চলিত বৰ্ষত মুঠ ২৪ খন মেচত ৩৩.৫৪ গড়ে ৭৩৮ ৰান সংগ্ৰহ কৰিছে। এনে প্ৰদৰ্শনেৰে তেওঁ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰ হিচাপে অভিলেখ ৰচাৰ প্ৰায় কাষ চাপিছে। বৰ্তমান ৰোহিত শৰ্মাই ৪২৩১ ৰানেৰে এই তালিকাত শীৰ্ষত আছে। কিন্তু ইতিমধ্যে তেওঁ এই ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। এতিয়া ৰোহিতক অতিক্ৰমি এই অভিলেখ গঢ়িবলৈ বাবৰক মাত্ৰ ৮ ৰানৰ প্ৰয়োজন।

এই দুগৰাকী এছিয়ান খেলুৱৈৰ উপৰিও জিম্বাবুৱেৰ ছিকন্দৰ ৰাজা আৰু অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেডো টি-২০ ক্ৰিকেটাৰ অৱ দ্য ইয়েৰ বঁটাৰ দৌৰত আছে। এই বৰ্ষত চিকন্দৰ ৰাজাই ২৪খন টি-২০ মেচত ৫৭৩ ৰান সংগ্ৰহ কৰাৰ লগতে বলিঙত মুঠ ২৪টা উইকেটো দখল কৰিছে। আনহাতে, ট্ৰেভিছ হেডে ১৫খন টি-২০ মেচত ৩৮.৫ গড়ে আৰু ১৭৮.৪৭ ষ্ট্ৰাইক ৰেটেৰে ৫৩৯ ৰান সংগ্ৰহ কৰিছে।

আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে দুপৰ টেঙাই, জানক কি কি আছে উপকাৰী গুণ...