5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অব্যাহত ভাৰতৰ দুৰ্দমনীয় গতিঃ এছিয়ান চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰতীয় হকী দল

চীনত চলি থকা এছিয়ান চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় হকী দলে। প্ৰতিযোগিতাখনৰ ছেমিত আজি ভাৰতে দক্ষিণ কোৰিয়াক ৪-১ ব্যৱধানত পৰাস্ত কৰি ফাইনেলৰ পথ প্ৰশস্ত কৰে ভাৰতীয় হকী দলে। এতিয়া অহা ১৭ ছেপ্টেম্বৰত ফাইনেলত আয়োজক চীনৰ সন্মুখীন হ’ব ভাৰত।

অব্যাহত ভাৰতৰ দুৰ্দমনীয় গতিঃ এছিয়ান চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰতীয় হকী দল
এছিয়ান চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰত
Follow Us
monjit-dutta
Monjit Dutta | Published: 16 Sep 2024 18:40 PM

চলিত এছিয়ান চেম্পিয়নছ ট্ৰফীত নিজৰ উজ্জীৱিত প্ৰৰ্শন অব্যাহত ৰাখিছে ভাৰতীয় হকী দলে। প্ৰতিযোগিতাখনত অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি পেৰিছ অলিম্পিকৰ ব্ৰঞ্জ জয়ী ভাৰতীয় হকী দলটোৱে আজি প্ৰশস্ত কৰিছে ফাইনেলৰ পথ। আজি অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ ছেমি ফাইনেলত ভাৰতীয় দলে দক্ষিণ কোৰিয়াক ৪-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। এইদৰে ডিফেণ্ডিং চেম্পিয়ন তথা প্ৰতিযোগিতাৰ আটাইতকৈ সফল দল ভাৰতে পঞ্চমটো খিতাপৰ প্ৰায় কাষ চাপিছে।

ভাৰতীয় দলৰ জয়ত পুনৰ এবাৰ প্ৰধান ভূমিকা লৈ জিলিকি উঠে অধিনায়ক হৰমনপ্ৰীত সিং। দলক সমুখৰ পৰা নেতৃত্ব দি হৰমনপ্ৰীতে দুটাকৈ গ’ল স্ক’ৰ কৰে। এতিয়া ক্ৰমাগত দ্বিতীয়টো আৰু সামগ্ৰিকভাৱে পঞ্চমটো খিতাপ জয়ৰ লক্ষ্যৰে ফাইনেলত আয়োজক চীনৰ মুখামুখি হ’ব ভাৰতীয় দল। অহা ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ এই খিতাপ দখলৰ মেচ।

আজি ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ বিপক্ষে প্ৰথমৰ পৰাই আক্ৰমণাত্মক প্ৰদৰ্শন দাঙি ধৰে ভাৰতীয় দলে। প্ৰথম কোৱাৰ্টাৰ শেষ হোৱাৰ ঠিক পূর্বে ১৩ মিনিটত উত্তম সিঙে দলৰ হৈ প্রথমটো গ’ল স্ক’ৰ কৰে। দ্বিতীয় কোৱাৰ্টাৰত মেচৰ ১৯ ​​মিনিটত লাভ কৰা পেনাল্টী কৰ্ণাৰৰ সুযোগ কাৰ্যকৰী কৰি অধিনায়ক হৰমনপ্ৰীতে দলক ২-০ৰ অগ্ৰগতি প্ৰদান কৰে।

আনহাতে তৃতীয় কোৱাৰ্টাৰত মেচৰ ৩২ মিনিটত জৰ্মনপ্ৰীত সিঙে আন এটা গ’লেৰে ব্যৱধান ৩-০লৈ বৃদ্ধি কৰে। অৱশ্যে এই গ’লটোৰ এক মিনিট পিছতে প্ৰত্যাক্ৰমণ চলাই কোৰিয়াই লাভ কৰে প্ৰথমটো গ’লৰ সোৱাদ। পেনাল্টী কৰ্ণাৰত ইয়াং জিহুনে এটা গ’ল স্ক’ৰ কৰি ব্যৱধান ১-৩লৈ হ্ৰাস কৰে। কিন্তু কোৰিয়াৰ এই সফলতাৰ হাঁহি দীৰ্ঘস্থায়ী নহ’ল। কোৱাৰ্টাৰৰ অন্তিম মুহূৰ্তত হৰমনপ্ৰীতে পুনৰ আন এটা গ’লেৰে ভাৰতৰ বিজয় প্ৰায় নিশ্চিত কৰি তোলে।

চতুৰ্থ তথা অন্তিম কোৱাৰ্টাৰ গ’লশূন্যভাৱে সমাপ্ত হোৱাৰ লগে লগে ভাৰতীয় দলৰ ৪-১ ব্যৱধানত জয় নিশ্চিত হয় আৰু ফাইনেলত প্ৰৱেশ কৰে। ভাৰতৰ সমুখত ফাইনেলত প্ৰতিদ্বন্দী চীনৰ প্ৰত্যাহ্বান বিশেষ কঠিন নহ’ব বুলিয়েই অনুমান কৰা হৈছে। ইতিমধ্যে লীগ পৰ্যায়ৰ প্ৰথমখন মেচতো দুয়োটা দল মুখামুখি হৈছিল আৰু এই মেচখনত দুৰন্ত প্ৰদৰ্শনেৰে ভাৰতে চীনক ৩-০ ব্যৱধানত জয়লাভ কৰিছিল।

লক্ষণীয়ভাৱে চলিত প্ৰতিযোগিতাখনত এইপৰ্যন্ত এখন মেচতো পৰাজয়ৰ মুখ দেখা নাই ভাৰতে। গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন মেচত জয়েৰে ছেমিত প্ৰৱেশ কৰা ভাৰতে আজি কোৰিয়াক পৰাস্ত কৰি জয়ৰ এই ধাৰা ৬খন মেচলৈ বৃদ্ধি কৰে। এই ধাৰা অব্যাহত ৰাখিয়েই এতিয়া ১৭ ছেপ্টেম্বৰত ভাৰতে খিতাপত চুম্বন আঁকিব বুলি আশাৰে বাট চাইছে দেশৰ প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমীয়ে।

Latest News