5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ক্ৰীড়া প্ৰতিভা চিনাক্তকৰণৰ উদ্যোগ লোৱা নাই অসম চৰকাৰে : ভোগেশ্বৰ বৰুৱা

ক্ৰীড়া নীতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে অসমৰ প্ৰথম গৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাই । তেওঁ মন্তব্য প্ৰকাশ কৰিছে যে, গ্ৰামাঞ্চলত ক্ৰীড়া প্ৰতিভা চিনাক্তকৰণ আৰু বিকাশৰ বাবে পৰ্যাপ্ত পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰে।

ক্ৰীড়া প্ৰতিভা চিনাক্তকৰণৰ উদ্যোগ লোৱা নাই অসম চৰকাৰে : ভোগেশ্বৰ বৰুৱা
ভোগেশ্বৰ বৰুৱা
manas-borah
Manas Borah | Updated On: 14 Dec 2024 18:05 PM

ৰাজ্য় চৰকাৰৰ ক্ৰীড়া নীতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে অসমৰ প্ৰথম গৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাই । তেওঁ মন্তব্য প্ৰকাশ কৰিছে যে, গ্ৰামাঞ্চলত ক্ৰীড়া প্ৰতিভা চিনাক্তকৰণ আৰু বিকাশৰ বাবে পৰ্যাপ্ত পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰে। উল্লেখ্য যে, ১৯৬৬ চনতে এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰত স্বৰ্ণ পদক জয় কৰিছিল ভোগেশ্বৰ বৰুৱাই ।

ভোগেশ্বৰ বৰুৱাই কয় যে, “অসমৰ ক’তো ক্ৰীড়া প্ৰতিভা সৃষ্টি হোৱা নাই বুলি ক’বলৈ দুখ লাগে। আগতে আমি নতুন প্ৰতিভাক উলিয়াই আনিবলৈ ক্ৰীড়া শিবিৰ আয়োজন কৰিছিলো, কিন্তু এতিয়া এনেকুৱা হোৱা নাই।” পিটিআইৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰ এইদৰে মন্তব্য প্ৰকাশ কৰে ভোগেশ্বৰ বৰুৱাই । ৮৪ বছৰীয়া ভোগেশ্বৰ বৰুৱাই কয় যে, চৰকাৰে প্ৰশিক্ষক নিয়োগ কৰি যিসকলক জিলাই জিলাই পঠিয়াই এনে শিবিৰ আয়োজন আৰু প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিব পাৰে, কিন্তু এনে পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই।

‘যদি প্ৰশিক্ষক নাথাকে, ক্ৰীড়া প্ৰতিভাক কেনেকৈ বিকাশ কৰিব পাৰিম ? যদি কোনো ক্ৰীড়া অনুষ্ঠান হয়, তেন্তে ল’ৰা-ছোৱালীবোৰক তালৈ লৈ গৈ অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব লাগে । যদি কোনো প্ৰশিক্ষণ বা শিবিৰ নাথাকে, তেন্তে আমাৰ ল’ৰা-ছোৱালীয়ে কেনেকৈ আগবাঢ়িব ? কোনো প্ৰতিযোগিতা অনুষ্ঠিত কৰি ল’ৰা-ছোৱালীক মাতি আনি অংশগ্ৰহণ সুবিধা প্ৰদান কৰা উচিত ।’ এইদৰে কয় ভোগেশ্বৰ বৰুৱাই ।

১৯৬৬ আৰু ১৯৭০ চনত এছিয়ান গেমছত ক্ৰমে স্বৰ্ণ আৰু ৰূপৰ পদক লাভ কৰা বৰুৱাই চৰকাৰে কেৱল নিজাববীয়াকৈ সফলতা অৰ্জন কৰাসকলকহে উৎসাহিত কৰিছে বুলি অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে, ‘চৰকাৰে কাৰোবাক খেলুৱৈ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছেনে? চৰকাৰে খেলপথাৰৰ পৰা প্ৰতিভা চিনাক্তকৰণ ওপৰত গুৰুত্ব দিয়া নাই । কোনোবাই জিলিকি উঠা ছবিখনতহে চৰকাৰক দেখা যায় । আজিকালি সেইটোৱেই হৈছে।’

বৰুৱাই কয় যে, ৰাজ্যত যিকোনো ক্ৰীড়া শিবিৰৰ আয়োজন হোৱা প্ৰায় ৬ৰ পৰা ৭ বছৰ হ’ল।  ‘তেওঁলোক (চৰকাৰ) আগ্ৰহী হ’লে মইও আগ্ৰহী হ’লোহেঁতেন। মই নিশ্চিতভাৱে খেলপথাৰলৈ গৈ খেলুৱৈসকলক পৰামৰ্শ দিলোহেঁতেন। যেতিয়া চৰকাৰৰ কোনো ধাৰণা নাথাকে, কোনো উদ্দেশ্য নাই, কোনো লক্ষ্য নাথাকে, তেতিয়া মই কি কৰিম?’এইদৰে কয় ভোগেশ্বৰ বৰুৱাই ।

পিটিআই আগত ক্ৰীড়াবিদ গৰাকীয়ে কয় যে, ‘ পূৰ্বে বছৰি ২ৰ পৰা ৩টা এনে শিবিৰৰ আয়োজন কৰা হৈছিল । আপুনি গৈ ক্ৰীড়া সঞ্চালকক সুধিব। ইমান বছৰে এই ধৰণৰ শিবিৰ আয়োজন কৰা নাই কিয় ! ‘ লগতে তেওঁ সংশ্লিষ্ট বিষয়াসকলক কেইবাবাৰো ক্ৰীড়া শিবিৰ পাতিবলৈ অনুৰোধ জনাইছিল যদিও কোনো সঁহাৰি পোৱা নাই বুলি অভিযোগ কৰে ভোগেশ্বৰ বৰুৱাই ।

সাক্ষাৎকাৰটোত অসমৰ ক্ৰীড়াৰ ভৱিষ্যতৰ সন্দৰ্ভত ভোগেশ্বৰ বৰুৱাই কয় যে,’ মই একো ক’ব নোৱাৰো। যি উচিত সেয়া ক’ম। বৰ্তমান চৰকাৰৰ কাৰ্যকালত একেবাৰে ক্ৰীড়া শিবিৰ আয়োজন কৰা হোৱা নাই।’ উল্লেখ্য যে, তৃণমূল পৰ্যায়ৰ প্ৰতিযোগিতাৰ জৰিয়তে গ্ৰাম্য প্ৰতিভাক চিনাক্ত আৰু প্ৰতিভা বিকাশৰ লক্ষ্যৰে অসম চৰকাৰে বৰ্তমান ‘খেল মহৰণ’ৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰি আছে।

‘খেল মহৰণ’ৰ বিষয়ে সোধাত বৰুৱাই কয়, “সকলো ক্ৰীড়া প্ৰতিভা গাঁৱতে আছে। আমি তেওঁলোকক বিচাৰি প্ৰতিভা বিকাশৰ সুযোগ দিব লাগিব। গ্ৰাম্য ক্ৰীড়াৰ জৰিয়তে প্ৰকৃত প্ৰতিভা বিচাৰি উলিওৱাৰ একমাত্ৰ উপায়, নহ’লে আমি সেই প্ৰতিভা নাপাম।” ইফালে এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী দৌৰবিদ হিমা দাস আৰু অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক প্ৰশংসাৰ কৰি বৰুৱাই কয় যে, তেওঁলোকৰ সফলতাৰ মূল কাৰণ হৈছে পিতৃ-মাতৃৰ প্ৰচেষ্টা। চৰকাৰে কৃতিত্ব লোৱাৰ বাবে একো নাই বুলিও লগতে কয় ভোগেশ্বৰ বৰুৱাই ।

Latest News