5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

৫ হাজাৰো অধিক খেলুৱৈ, ৬১০ খন মেচ; নতুন ফৰ্মেটত অনুষ্ঠিত হ’ব ৭২ বছৰ অতিক্ৰম কৰা বৰদলৈ ট্ৰফী…!

ভাৰতৰ অন্যতম পুৰণি আৰু জনপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ জনপ্ৰিয়তা পুনৰ ঘূৰি আহিছে । অহা বৰ্ষৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হ’বলগীয়া বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাত এইবাৰ ৫৬০০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ লগতে ৬১০খন মেচ অনুষ্ঠিত হ’ব।

৫ হাজাৰো অধিক খেলুৱৈ, ৬১০ খন মেচ; নতুন ফৰ্মেটত অনুষ্ঠিত হ’ব ৭২ বছৰ অতিক্ৰম কৰা বৰদলৈ ট্ৰফী…!
বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা
Follow Us
manas-borah
Manas Borah | Published: 28 Sep 2024 18:19 PM

আমি সৰুতে শুনিছিলো বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ কথা । ভাৰতৰ অন্যতম পুৰণি আৰু জনপ্ৰিয় এই বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ জনপ্ৰিয়তা পুনৰ ঘূৰি আহিছে । অহা বৰ্ষৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হ’বলগীয়া বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাত এইবাৰ ৫৬০০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ লগতে ৬১০খন মেচ অনুষ্ঠিত হ’ব। ইতিমধ্যে প্ৰতিযোগিতাখনৰ আয়োজক গুৱাহাটী ক্ৰীড়া সন্থাই ৭২ বছৰ অতিক্ৰম কৰা বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাখনক পুনৰ জনপ্ৰিয় কৰি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।

উল্লেখ্য যে,অসমৰ প্রথম মুখ্যমন্ত্রী ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ নামেৰে এই প্রতিযোগিতাখনৰ প্রথম সংস্কৰণ ১৯৫২ চনত অনুষ্ঠিত হৈছিল ৷ গুৱাহাটী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াই কয় যে, “আৰম্ভণিৰ পৰা নব্বৈৰ দশকৰ প্ৰায় প্ৰথমাৰ্ধলৈকে বৰদলৈ ট্ৰফী কেৱল অসমতে নহয়, উত্তৰ-পূব আৰু অন্যান্য চুবুৰীয়া ৰাজ্যতো এক জনপ্ৰিয় প্ৰতিযোগিতা আছিল। এই প্ৰতিযোগিতাৰ বাবে মানুহে গোটেই বছৰটো অপেক্ষা কৰিছিল।”

প্ৰথমে গুৱাহাটী ক্ৰীড়া সন্থাৰ ঘৰুৱা খেলপথাৰ জজ ফিল্ডত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখন পৰৱৰ্তী সময়ত নেহৰু ষ্টেডিয়ামলৈ স্থানান্তৰ কৰা হয়। বিগত ১০ বছৰত অৱশ্যে এই প্ৰতিযোগিতাখন ৰাজ্যৰ বিভিন্ন চহৰত অনুষ্ঠিত হৈছিল। শইকীয়াই কয় যে, বৰদলৈ ট্ৰফীৰ সমান্তৰালকৈ মুম্বাইৰ ৰভাৰ্ছ কাপ আৰু দিল্লীৰ ডিচিএম কাপ আদিৰ দৰে অন্যান্য লিগেচি ফুটবল প্ৰতিযোগিতাৰ জনপ্ৰিয়তাও কমিছে।

ইয়াৰ লগতে গুৱাহাটী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াই কয় যে, অসমৰ জনসাধাৰণৰ আৱেগ জড়িত থকা বৰদলৈ ট্ৰফীৰ গৌৰৱময় দিনবোৰ ঘূৰাই অনাৰ বাবে গুৱাহাটী ক্ৰীড়া সন্থাই প্ৰচেষ্টা চলাই আহিছে। ৰাজ্য চৰকাৰৰ সমৰ্থনত এই প্ৰতিযোগিতাখনক পুনৰ নতুন ৰূপত আনুষ্ঠিত কৰিবলৈ লোৱা হৈছে বুলি কয় শইকীয়াই ।

গুৱাহাটী ক্ৰীড়া সন্থাই জানিবলৈ দিয়া অনুসৰি, এইবাৰ নতুন ফৰ্মেটৰ অধীনত এই প্ৰতিযোগিতাখন তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব। এইবাৰ ৪৫ দিনীয়াকৈ অনুষ্টিত হ’ব বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা । এই প্ৰতিযোগিতাত প্ৰায় ৬১০খন খেল অনুষ্ঠিত হ’ব, য’ত ২৮০ টাতকৈও অধিক ক্লাব আৰু ৫,৬০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে গুৱাহাটী ক্ৰীড়া সন্থাই ।

দেৱজিৎ শইকীয়াই জানিবলৈ দিয়া অনুসৰি, জিলা পৰ্যায়ৰ মেচসমূহ অহা বছৰৰ ২০ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ’ব । তাৰ পিছত ক্লাষ্টাৰ পৰ্যায়ৰ মেচসমূহ অনুষ্ঠিত হ’ব আৰু শেষত চূড়ান্ত ৰাউণ্ডৰ খেলসমূহ অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছে শকীয়াই । তেওঁ লগতে কয় যে, প্ৰথমবাৰৰ বাবে একেদিনাই ৰাজ্যৰ ৩৫খন জিলাতে বৰদলৈ ট্ৰফী খেল আৰম্ভ কৰা হ’ব।

প্ৰতিখন জিলা ক্ৰীড়া সন্থাই নিজৰ শীৰ্ষ আঠটা ক্লাব নিৰ্বাচন কৰিব, যিবোৰে প্ৰথম পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। জিলা চেম্পিয়নসকলে ক্লাষ্টাৰ ৰাউণ্ডত খেলিব আৰু ক্লাষ্টাৰ পৰ্যায়ৰ পৰা বিজয়ী আৰু ৰানাৰ্ছ আপসকলে চূড়ান্ত ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰিব বুলি জানিবলৈ দিছে গুৱাহাটী ক্ৰীড়া সন্থাই । ১ মাৰ্চৰ পৰা জজ ফিল্ডত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত ৰাউণ্ডত গুৱাহাটী প্ৰিমিয়াৰ লীগৰ শীৰ্ষ দুটা দলেও অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে, বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাত মোহন বাগানে ৭টা খিতাপ জয় কৰি সৰ্বাধিক সফল দল হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে অইল ইণ্ডিয়াই যোৱা সংস্কৰণত জয়লাভ কৰিছিল।

Latest News