অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় দলত অসমৰ উমা ছেত্ৰীঃ টি-২০ চেলেঞ্জাৰ ট্ৰফীৰ প্ৰদৰ্শনে আনি দিলে সুযোগ
উমাই ইতিমধ্যে টি-২০ ফৰ্মেটৰ জৰিয়তে জাতীয় দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছে। তেতিয়াৰ পৰা উমাই জাতীয় দলৰ হৈ চাৰিখন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ খেলিছে। টি-২০ ফৰ্মেটৰ পিছত এতিয়া এদিনীয়া ফৰ্মেটতো জাতীয় দললৈ আমন্ত্ৰিত হৈছে অসমৰ খেলুৱৈগৰাকী।
অষ্ট্ৰেলিয়াৰ বিপক্ষে আগন্তুক এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় মহিলা দলত স্থান লাভ কৰিছে অসমৰ উমা ছেত্ৰীয়ে। প্ৰথম অৱস্থাত ঘোষিত দলত স্থান লাভ নকৰিলেও আঘাতপ্ৰাপ্ত উইকেটকীপাৰ য়স্তিকা ভাটিয়াৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হৈছে উমাক। অষ্ট্ৰেলিয়াত চলি থকা মহিলা বিগ বেচ লীগৰ সময়ত হাতত আঘাত লাভ কৰে য়স্তিকা ভাটিয়াই। এই আঘাতৰ বাবে য়স্তিকা আগন্তুক শৃংখলাটোৰ পৰা বাহিৰ হয় আৰু এনে পৰিস্থিতিত ব’ৰ্ডে উমাক বিকল্প উইকেটকীপাৰ হিচাপে দলত স্থান দিয়ে।
উল্লেখ্য যে উমাই ইতিমধ্যে টি-২০ ফৰ্মেটৰ জৰিয়তে জাতীয় দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছে। গত জুলাই মাহত দক্ষিণ আফ্ৰিকাৰ বিপক্ষে টি-২০ শৃংখলাত অভিষেক ঘটায় উমাই। তেতিয়াৰ পৰা উমাই জাতীয় দলৰ হৈ চাৰিখন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ খেলিছে। এই মেচখনত বেটিঙৰ বাবে বিশেষ সুযোগ লাভ কৰা নাই যদিও উইকেটৰ পিছফালে উমাই নিজৰ দক্ষতা প্ৰমাণ কৰিছে।
টি-২০ ফৰ্মেটৰ পিছত এতিয়া এদিনীয়া ফৰ্মেটতো জাতীয় দললৈ আমন্ত্ৰিত হৈছে অসমৰ খেলুৱৈগৰাকী। অৱশ্যে এই শৃংখলাত উমাই মূল একাদশত স্থান লাভ কৰিব নে নকৰে এতিয়াই কোৱাটো কঠিন। ভাৰতীয় দলৰ প্ৰথম পছন্দৰ উইকেটকীপাৰ হিচাপে ঘোষিত দলটোত আছে ৰিচা ঘোষ। গতিকে উমাৰ পৰিৱৰ্তে ৰিচা ঘোষেই ভাৰতীয় দলত স্থান লাভ কৰাৰ সম্ভাৱনা প্ৰবল।
আগন্তুক এই এদিনীয়া শৃংখলাটোৰ বাবে ভাৰতীয় দলত স্থান লাভৰ ক্ষেত্ৰত উমাৰ শেহতীয়া প্ৰদৰ্শনে পথ মুকলি কৰা বুলিব পাৰি। চলিত মাহৰ আৰম্ভণিতে ঘৰুৱা ছিনিয়ৰ ৱ’মেন টি-২০ চেলেঞ্জাৰ ট্ৰফীত ১৫৪.০০ ষ্ট্ৰাইক ৰেটেৰে বেটিং কৰি ২৩১ ৰান সংগ্ৰহ কৰা উমা দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰ হিচাপে পৰিগণিত হৈছিল। প্ৰতিযোগিতাখনত একমাত্ৰ শতকটোও আহিছিল উমাৰ বেটৰ পৰা।
বিস্ফোৰক বেটিঙেৰে মাত্ৰ ৭১টা বলত ১৬টা চাৰি আৰু ৪টা ছয়েৰে ১২২ ৰান সংগ্ৰহ কৰি উমাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। এনে প্ৰদৰ্শনৰ সুবাদতে নিৰ্বাচকৰ মন জয় কৰিবলৈ সক্ষম হয় উমাই। আগন্তুক এই অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতীয় দলটোতে তিনিখনীয়া এদিনীয়া মেচ খেলিব। অহা ৫ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ এই দ্বিপাক্ষিক শৃংখলা অনুষ্ঠিত হ’ব।
শৃংখলাৰ প্ৰথম দুখন মেচ ৫ আৰু ৮ ডিচেম্বৰত ব্রিজবেনৰ এলেন ব’ৰ্ডাৰ ফিল্ডত অনুষ্ঠিত হ’ব। আনহাতে তৃতীয় তথা অন্তিমখন মেচ ১১ ডিচেম্বৰত পাৰ্থৰ ৱাকা খেলপথাৰত অনুষ্ঠিত হ’ব। উল্লেখ্য যে উমাই ইতিপূৰ্বেও অষ্ট্ৰেলিয়াত খেলাৰ অভিজ্ঞতা লাভ কৰিছে। যোৱা আগষ্ট মাহত ইণ্ডিয়া এ দলৰ সৈতে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল উমাই। অৱশ্যে এই ভ্ৰমণত বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল উইকেটকীপাৰ বেটাৰগৰাকীয়ে।
অষ্ট্ৰেলিয়াৰ বিপক্ষে শৃংখাৰ বাবে ভাৰতীয় মহিলা দলঃ হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (সহ-অধিনায়ক), প্ৰিয়া পুনিয়া, জেমিমাহ ৰ’ড্ৰিগুৱেজ, হাৰলিন দেউল, ৰিচা ঘোষ, তেজল হাছাবনিছ, দীপ্তি শৰ্মা, মিন্নু মণি, প্ৰিয়া মিশ্ৰ, ৰাধা যাদৱ, তিতাছ সাধু, অৰুন্ধতী ৰেড্ডী, ৰেনুকা সিং, ছাইমা ঠাকুৰ, উমা ছেত্ৰী।