5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ব্যৰ্থ টীম ইণ্ডিয়া, ১০ বছৰৰ পাছত অষ্ট্ৰেলিয়াৰ দখলত বৰ্ডা-গাভাস্কাৰ ট্ৰফী…

ছিডনীত অনুষ্ঠিত হৈছিল বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ৰ অন্তিমখন খেল। এই খেলখনত অষ্ট্ৰেলিয়াই টীম ইণ্ডিয়াৰ বিৰুদ্ধে একপক্ষীয়ভাৱে জয়লাভ কৰে। ইয়াৰ লগে লগে ভাৰতীয় দলটোৱে এই শৃংখলাত ১-৩ ব্যৱধানত পৰাস্ত হয়।

ব্যৰ্থ টীম ইণ্ডিয়া, ১০ বছৰৰ পাছত অষ্ট্ৰেলিয়াৰ দখলত বৰ্ডা-গাভাস্কাৰ ট্ৰফী…
টীম ইণ্ডিয়াImage Credit source: PTI
manas-borah
Manas Borah | Updated On: 05 Jan 2025 11:26 AM

ছিডনী ক্ৰিকেট খেলপথাৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ৰ অন্তিমখন খেল। এই খেলখনত অষ্ট্ৰেলিয়াই টীম ইণ্ডিয়াৰ বিৰুদ্ধে একপক্ষীয়ভাৱে জয়লাভ কৰে। ইয়াৰ লগে লগে ভাৰতীয় দলটোৱে এই শৃংখলাত ১-৩ ব্যৱধানত পৰাস্ত হয়। টীম ইণ্ডিয়াই ৫ মেচৰ এই শৃংখলাটো জয়ৰে আৰম্ভ কৰিছিল যদিও পাছৰ এখনো মেচত জয়ী হ’ব নোৱাৰিলে । ইফালে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী দখলৰ দীৰ্ঘদিনীয় অপেক্ষা সফলতাৰে সমাপ্ত কৰে অষ্ট্ৰেলিয়াই আৰু লগতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈও যোগ্যতা অৰ্জন কৰে ।

এই পৰাজয় টীম ইণ্ডিয়াৰ বাবে অতি বেদনাদায়ক। আচলতে ভাৰতীয় দলটোৱে ১০ বছৰৰ পাছত বৰ্ডা-গাভাস্কাৰ ট্ৰফীত পৰাজয়ৰ সন্মুখীন হৈছে । ইফালে, অষ্ট্ৰেলিয়াই ১০ বছৰৰ পাছত এই ট্ৰফী দখল কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পূৰ্বে ২০১৪-১৫ বৰ্ষৰ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত টীম ইণ্ডিয়া পৰাস্ত হৈছিল, তেতিয়া অষ্ট্ৰেলিয়াই ২-০ ব্যৱধানত জয়লাভ কৰিছিল। ইয়াৰ পিছত দুয়োটা দলৰ মাজত ৪ খন ছিৰিজ খেলিছিল আৰু প্ৰতিবাৰেই টিম ইণ্ডিয়াই জয়লাভ কৰিছিল ।

ছিডনী টেষ্টত টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় ভাৰতীয় দলটোৱে । কিন্তু ভাৰতীয় দলটোৱে বেটিঙত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে । টীম ইণ্ডিয়াই প্ৰথম ইনিংছত মাত্ৰ ১৮৫ ৰানহে কৰিবলৈ সক্ষম হৈছিল। এই ইনিংছত ঋষভ পণ্টে সৰ্বাধিক ৪০ ৰান সংগ্ৰহ কৰে, তেওঁৰ বাহিৰে আন কোনো বেটছমেনে ক্ৰীজত বেছি সময় থাকিব নোৱাৰিলে। একে সময়তে অষ্ট্ৰেলিয়াৰ হৈ স্কট ব’লেণ্ডে সৰ্বাধিক ৪ উইকেট দখল কৰে। মিচেল ষ্টাৰ্কে ৩ টা উইকেট দখল কৰিবলৈ সক্ষম হয়।

ইয়াৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছটোও বিশেষ একো নাছিল । মাত্ৰ ১৮১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে অষ্ট্ৰেলিয়াই। প্ৰসিদ্ধ কৃষ্ণ আৰু মহম্মদ চিৰাজে ৩-৩ উইকেট দখল কৰি দলক অগ্ৰগতি দিয়াৰ লগতে যশপ্ৰীত বুমৰাহ-নীতিশ ৰেড্ডীয়ে ২ টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল । এই ইনিংছত অষ্ট্ৰেলিয়াৰ হৈ বিউ ৱেবষ্টাৰে সৰ্বাধিক ৫৭ ৰান সংগ্ৰহ কৰে।

ভাৰতীয় বলাৰসকলে প্ৰথম ইনিংছত ভাল বলিং কৰিছিল, যাৰ বাবে দলটোৱে ৪ ৰানৰ অগ্ৰগতি লাভ কৰিছিল। কিন্তু ভাৰতীয় বেটছমেনসকলে দ্বিতীয় ইনিংছতো ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে । ঋষভ পণ্টে ৩৩টা বলত ৬১ ৰানৰ দ্ৰুত ইনিংছ খেলিছিল যদিও ইয়াৰ পিছতো ভাৰতীয় দলটোৱে মাত্ৰ ১৫৭ ৰান সংগ্ৰহ কৰি অষ্ট্ৰেলিয়াৰ বাবে ১৬২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । এই লক্ষ্যত উপনীত হোৱাত অষ্ট্ৰেলিয়াই কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিল আৰু তেওঁলোকে সহজেই জয়ী হৈছিল।

Latest News