শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অষ্ট্ৰিয়াৰ দূতাবাসত আদৰণি ‘ইণ্ডিয়ান টাইগাৰ্ছ এণ্ড টাইগ্ৰেছেছৰ’ যুৱ প্ৰতিভাক

টিভি৯ নেটৱৰ্কৰ ‘ইণ্ডিয়ান টাইগাৰছ এণ্ড টাইগ্ৰেছেছ’ৰ অধীনত অষ্ট্ৰিয়াৰ গ্মুণ্ডেনত এসপ্তাহজোৰা পেছাদাৰী ফুটবল প্ৰশিক্ষণ শিবিৰৰ পৰা উভতি আহিছে দেশৰ ভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত ২৮ জন প্ৰতিভাৱান যুৱ ভাৰতীয় ফুটবলাৰ। ইয়াৰ পিছতে নতুন দিল্লীত থকা অষ্ট্ৰিয়াৰ দূতাবাসে এই যুৱ খেলুৱৈসকলক আদৰণি জনায়।

অষ্ট্ৰিয়াৰ দূতাবাসত আদৰণি ‘ইণ্ডিয়ান টাইগাৰ্ছ এণ্ড টাইগ্ৰেছেছৰ’ যুৱ প্ৰতিভাক
অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰদূতৰ সৈতে যুৱ খেলুৱৈসকল
monjit-dutta
Monjit Dutta | Published: 08 Apr 2025 13:03 PM

টিভি৯ নেটৱৰ্কৰ ‘ইণ্ডিয়ান টাইগাৰছ এণ্ড টাইগ্ৰেছেছ’ৰ অধীনত অষ্ট্ৰিয়াৰ গ্মুণ্ডেনত এসপ্তাহজোৰা পেছাদাৰী ফুটবল প্ৰশিক্ষণ শিবিৰৰ পৰা উভতি আহিছে দেশৰ ভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত ২৮ জন প্ৰতিভাৱান যুৱ ভাৰতীয় ফুটবলাৰ। ইয়াৰ পিছতে নতুন দিল্লীত থকা অষ্ট্ৰিয়াৰ দূতাবাসে এই যুৱ খেলুৱৈসকলক আদৰণি জনায়। অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰদূতগৰাকীয়ে অষ্ট্ৰিয়ান ৰেচিডেন্সৰ বাগিচাত যুৱ খেলুৱৈসকলৰ বাবে এক বিশেষ আদৰণি অনুষ্ঠানৰ আয়োজন কৰে আৰু যুৱ খেলুৱৈসকলক সাক্ষাৎ কৰে।

উল্লেখ্য যে টিভি৯ নেটৱৰ্কে এই পদক্ষেপৰ অধীনত দেশৰ যুৱ ফুটবল প্ৰতিভাৰ সন্ধান চলাইছিল। সমগ্ৰ দেশৰ পৰা ৫০ হাজাৰৰো অধিক আবেদনকাৰীৰ মাজৰ পৰা ১২ৰ পৰা ১৭ বছৰৰ ভিতৰৰ ২৮ গৰাকী খেলুৱৈক মূল পৰ্যায়লৈ নিৰ্বাচিত কৰা হৈছিল। নিৰ্বাচিত খেলুৱৈসকলৰ ভিতৰত আছিল ১৬ জন কিশোৰ আৰু ১২ গৰাকী কিশোৰী ফুটবল প্ৰতিভা। ইয়াৰ পিছতে এই খেলুৱৈসকলক অষ্ট্ৰিয়া আৰু জাৰ্মানীত প্ৰশিক্ষণ গ্ৰহণৰ বাবে প্ৰেৰণ কৰা হৈছিল।

এক প্ৰেছ বিজ্ঞপ্তি যোগে অষ্ট্ৰিয়াৰ দূতাবাসে কয়, যুৱ ক্ৰীড়া আৰু তৃণমূল পৰ্যায়ৰ ফুটবলৰ প্ৰতি ভাৰতৰ সৰ্বোচ্চ পৰ্যায়ৰ সমৰ্থনৰ আঁত ধৰি ২৮ মাৰ্চত অনুষ্ঠিত হোৱা ‘টিভি৯ হোৱাট ইণ্ডিয়া থিংকছ টুডে ছামিট ২০২৫’ৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে যুৱ খেলুৱৈসকলক যাত্ৰাৰ শুভাৰম্ভ কৰাইছিল। ইণ্ডিয়া ফুটবল চেণ্টাৰ ফৰ টেকনিকেল এক্সেলেন্স ইন স্প’ৰ্টছ এণ্ড এডুকেচনৰ সন্মানীয় সভাপতি তথা RIESPOৰ চিইঅ’ অষ্ট্ৰিয়াৰ ক্ৰীড়া দূৰদৰ্শী গেৰহাৰ্ড ৰিডলৰ প্ৰচেষ্টাত গ্মুণ্ডেনত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰটো সম্ভৱ হৈ উঠিছিল।”

‘ইণ্ডিয়ান টাইগাৰছ এণ্ড টাইগ্ৰেছেছ’ৰ লক্ষ্য হৈছে পেছাদাৰী ফুটবল প্ৰশিক্ষণৰ মানদণ্ড উন্নত কৰা আৰু ভাৰতত উদীয়মান ফুটবল প্ৰতিভাৰ (বিশেষকৈ কিশোৰীৰ মাজত) সন্ধান প্ৰক্ৰিয়া উন্নত কৰা। আদৰণি অনুষ্ঠানত ভাৰতত থকা অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰদূত কেথাৰিনা উইজাৰে কয়, “অষ্ট্ৰিয়াৰ পৰা নতুন দক্ষতা, আত্মবিশ্বাস, আৰু আন্তঃৰাষ্ট্ৰীয় পৰিচয় লৈ এই যুৱ ভাৰতীয় ফুটবলাৰসকল ঘূৰি অহাটো অনুপ্ৰেৰণাদায়ক।”

‘ভাৰতীয় যুৱ প্ৰতিভাৰ বাবে দুৱাৰ মুকলি কৰা আৰু অষ্ট্ৰিয়া-ভাৰতৰ জনসাধাৰণৰ মাজত সংযোগ গঢ়ি তোলা পদক্ষেপসমূহক সমৰ্থন কৰি অষ্ট্ৰিয়াই গৌৰৱ অনুভৱ কৰে’ বুলি মন্তব্য কৰে অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰদূতগৰাকীয়ে। ইফালে টিভি৯ নেটৱৰ্কৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া বৰুণ দাসে কয়, “মোৰ দেশৰ হৈ মোৰ সপোন হৈছে ভাৰতীয় দলটোৱে এদিন ফুটবল বিশ্বকাপ জয় কৰা।“

“মোৰ বিশ্বাস ভাৰতত প্ৰতিভা আছে। এই প্ৰতিভা চিনাক্ত কৰি বিশ্বমানৰ মানদণ্ড অনুসৰি আগবঢ়াই নিয়া প্ৰয়োজন। টিভি৯ নেটৱৰ্কে অষ্ট্ৰিয়াৰ IFC & Riespo ধৰি আমাৰ বিশ্বব্যাপী অংশীদাৰসকলৰ সহায়ত এই দিশত আগবঢ়াই নিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”- টিভি৯ নেটৱৰ্কৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া বৰুণ দাসে লগতে কয়।

উল্লেখ্য যে ২৮ জন খেলুৱৈৰ ভিতৰত দুগৰাকী কিশোৰ আৰু দুগৰাকী কিশোৰীয়ে জাৰ্মানীৰ ষ্টুটগাৰ্টত অধিক উন্নত প্ৰশিক্ষণ লাভ কৰে। এই প্ৰশিক্ষণৰ সুবিধাই যুৱ খেলুৱৈসকলক স্বাভাৱিকতেই ভৱিষ্যতে কেৰিয়াৰ অন্বেষণ কৰাৰ অধিক সুযোগ প্ৰদান কৰিব। এই সহযোগিতাই ভাৰত আৰু অষ্ট্ৰিয়াৰ মাজত উচ্চ পৰ্যায়ৰ ৰাজনৈতিক সহযোগিতাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে এক বিকশিত বহনক্ষম অংশীদাৰিত্বৰ ওপৰত আলোকপাত কৰিছে।