চাহাল-ধনশ্ৰীৰ বিচ্ছেদত অন্তিম মোহৰ লগালে আদালতেঃ বিচ্ছেদৰ লগতে চাহালে দিলে এই নিশ্চিতি….
দীৰ্ঘদিনীয়া চৰ্চাৰ অন্তত আজি আনুষ্ঠানিকভাৱে সম্পৰ্ক বিচ্ছিন্ন কৰিলে ভাৰতীয় দলৰ তাৰকা স্পিনাৰ যুজবেন্দ্ৰ চাহাল আৰু মডেল তথা কৰিঅ’গ্ৰাফাৰ ধনশ্ৰী বাৰ্মাই। প্ৰায় ডেৰ-দুই বছৰ ধৰি দুয়োগৰাকী পৃথকে থাকিবলৈ লোৱাৰ পিছত অৱশেষত আজি বিবাহ বিচ্ছেদ ঘটিল চাহাল আৰু ধনশ্ৰীৰ।

দীৰ্ঘদিনীয়া চৰ্চাৰ অন্তত আজি আনুষ্ঠানিকভাৱে সম্পৰ্ক বিচ্ছিন্ন কৰিলে ভাৰতীয় দলৰ তাৰকা স্পিনাৰ যুজবেন্দ্ৰ চাহাল আৰু মডেল তথা কৰিঅ’গ্ৰাফাৰ ধনশ্ৰী বাৰ্মাই। প্ৰায় ডেৰ-দুই বছৰ ধৰি দুয়োগৰাকী পৃথকে থাকিবলৈ লোৱাৰ পিছত অৱশেষত আজি বিবাহ বিচ্ছেদ ঘটিল চাহাল আৰু ধনশ্ৰীৰ। বিগত কেইবাদিনো ধৰি দুয়োৰে বিবাহ বিচ্ছেদ সম্পৰ্কত ব্যাপক চৰ্চা চলিছিল। সামাজিক মাধ্যম তথা সমাজ মাধ্যমত দুয়োৰে সম্পৰ্কক লৈ যথেষ্ট চৰ্চা পৰিলক্ষিত হৈছিল। ইয়াৰ পিছতে দুয়ো বান্দ্ৰাৰ পৰিয়াল আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল।
অৱশেষত আজি পৰিয়াল আদালতে দুয়োৰে বিবাহ বিচ্ছেদৰ আবেদনত অনুমোদন জনাইছে। ইয়াৰ লগে লগে তেওঁলোকৰ প্ৰায় চাৰি বছৰ তিনি মাহজোৰা বৈবাহিক সম্পৰ্কৰ অন্ত পৰে। আজি মুম্বাই বান্দ্ৰাৰ পৰিয়াল আদালতে চাহাল আৰু ধনশ্ৰীৰ বিবাহ বিচ্ছেদ সন্দৰ্ভত চূড়ান্ত ৰায়দান কৰে। এই শুনানিৰ বাবে চাহাল আৰু ধনশ্ৰীয়ে পৃথকে পৃথকে আদালতত উপস্থিত হয়। এই সময়ছোৱাত দুয়োৰে প্ৰতিক্ৰিয়া জানিবলৈ সংবাদ মাধ্যমৰ লোক উপস্থিত আছিল যদিও দুয়ো প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত থাকে।
উল্লেখ্য যে ২০২০ চনৰ ২৪ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হৈছিল চাহাল আৰু ধনশ্ৰী। কিন্তু তিনি-চাৰি মাহ পূৰ্বে ইনষ্টাগ্ৰামত ইজনে সিজনক আনফ’ল’ কৰাৰ পিছত তেওঁলোকৰ সম্পৰ্কত বিচ্ছেদৰ খবৰ পোহৰলৈ আহিছিল। তাৰ পিছৰে পৰা চাহাল আৰু ধনশ্ৰীৰ বিচ্ছেদৰ বাতৰিয়ে ব্যাপক চৰ্চা লাভ কৰিছিল যদিও যোৱা মাহতহে বিবাহ বিচ্ছেদৰ কাৰ্যবিধি আনুষ্ঠানিকভাৱে আৰম্ভ হয় আৰু ইয়াৰ লগে লগে চলি থকা চৰ্চাৰ দৰেই বিচ্ছেদৰ খবৰ নিশ্চিত হৈ পৰে।
দুয়ো বিবাহ বিচ্ছেদৰ বাবে বান্দ্ৰা পৰিয়াল আদালতত আবেদন কৰিছিল। লক্ষণীয়ভাৱে দুয়ো ৬ মাহৰ কুলিং অৱ পিৰিয়ডৰ পৰা ৰেহাইৰ আাবেদন জনাইছিল যদিও আদালতে এই আবেদন নাকচ কৰিছিল। ইয়াৰ পিছত তেওঁলোকে ব’ম্বে উচ্চ ন্যায়ালয়ত আবেদন জনায় আৰু আদালতে বুধবাৰে পৰিয়াল আদালতক এই বিষয়টো নিষ্পত্তি কৰিবলৈ নিৰ্দেশ দিয়ে। যোৱা ডেৰ-দুই বছৰ ধৰি দুয়ো পৃথকে বাস কৰা বুলি উল্লেখ কৰাৰ বাবে উচ্চ ন্যায়ালয়ে দুয়োকে কুলিং অফ পিৰিয়ডৰ পৰাও ৰেহাই দিয়ে।
এই বিবাহ বিচ্ছেদৰ বিনিময়ত চাহালে ধনশ্ৰীক ৪.৭৫ কোটি টকা প্ৰদান কৰাৰ চুক্তি হয়। ইয়াৰে ৫০ শতাংশ অংশ ইতিমধ্যে যুজবেন্দ্ৰ চাহালে প্ৰদান কৰিছে। এতিয়া দিবলগা ধনৰ বাকী অংশ বিচ্ছেদৰ পিছত ধনশ্ৰীক প্ৰদান কৰিব লাগিব চাহালে। পাৰিবাৰিব এই বিবাদৰ পিছত এতিয়া ২২ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলত মনোনিৱেশ কৰিব চাহালে।