West Indies vs Bangladesh Test : ১৫ বছৰৰ পাছত ৱেষ্ট ইণ্ডিজত টেষ্ট মেচত জয়লাভ বাংলাদেশৰ…গঢ়িলে আন এক অভিলেখ…

১৫ বছৰৰ অন্তত ৱেষ্ট ইণ্ডিজত টেষ্ট মেচত জয় লাভ কৰিছে বাংলাদেশে । ২০০৯ চনত ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হোৱা টেষ্টত বাংলাদেশে অন্তিমবাৰৰ বাবে জয়লাভ কৰিছিল। ২০০৯ চনৰ পৰা ১৫ বছৰৰ পাছতে ৱেষ্ট ইণ্ডিজত টেষ্ট মেচত জয়লাভ কৰিছে বাংলাদেশে ।

West Indies vs Bangladesh Test : ১৫ বছৰৰ পাছত ৱেষ্ট ইণ্ডিজত টেষ্ট মেচত জয়লাভ বাংলাদেশৰ...গঢ়িলে আন এক অভিলেখ...

১৫ বছৰৰ পাছত ৱেষ্ট ইণ্ডিজত টেষ্ট খেলত জয়লাভ বাংলাদেশৰ

Published: 

04 Dec 2024 10:15 AM

ৱেষ্ট ইণ্ডিজ আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হোৱা টেষ্ট শৃংখলা ১-১ ব্যৱধানত সমাপ্ত হয় । কিংষ্টনত খেলা দুয়োখন দেশৰ টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টত বাংলাদেশে ১০১ ৰানত জয়লাভ কৰে। মনকৰিবলগীয়া যে, ১৫ বছৰৰ অন্তত ৱেষ্ট ইণ্ডিজত টেষ্ট মেচত জয় লাভ কৰিছে বাংলাদেশে । ২০০৯ চনত ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হোৱা টেষ্টত বাংলাদেশে অন্তিমবাৰৰ বাবে জয়লাভ কৰিছিল। ২০০৯ চনৰ পৰা ১৫ বছৰৰ পাছতে ৱেষ্ট ইণ্ডিজত টেষ্ট মেচত জয়লাভ কৰিছে বাংলাদেশে । ইফালে ৱেষ্ট ইণ্ডিজত একেৰাহে ৭খন টেষ্ট মেচত পৰাস্ত হৈছে বাংলাদেশ।

কিংষ্টন টেষ্টত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি বাংলাদেশে ১৫ বছৰীয়া বাধা অতিক্ৰম কৰে । ইয়াৰ সামন্তৰালভাৱে আন এক অভিলেখ সৃষ্টি কৰিছে বাংলাদেশে । শেহতীয়াকৈ ৱেষ্ট ইণ্ডিজত জয়লাভ কৰা টেষ্টৰ পাছে বাংলাদেশে পাকিস্তান, জিম্বাবুৱে, নিউজিলেণ্ড আৰু শ্ৰীলংকাক অতিক্ৰম কৰিছে । কিংষ্টনৰ এই জয় ৱেষ্ট ইণ্ডিজত বাংলাদেশৰ তৃতীয়টো জয়। আনহাতে পাকিস্তান আৰু জিম্বাবুৱেত ২-২ আৰু নিউজিলেণ্ড আৰু শ্ৰীলংকাত ১-১ ব্যৱধানত জয়লাভ কৰিছে।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে কিংষ্টন টেষ্টত সফলতা লাভ কৰাত দুই বাংলাদেশী খেলুৱৈ – নাহিদ ৰানা আৰু টাইজুল ইছলামে ডাঙৰ ভূমিকা পালন কৰিছিল। প্ৰথম ইনিংছত ৫টা উইকেট দখল কৰি নাহিদে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বাংলাদেশক অগ্ৰগতি লাভ কৰাত সহায় কৰাৰ বিপৰীতে দ্বিতীয় ইনিংছত বাওঁহাতীয়া স্পিনাৰ টাইজুল ইছলামে ৫টা উইকেট দখল কৰি আয়োজক দলটোক পৰাস্ত কৰাত সহায় কৰে। কিংষ্টন টেষ্টত টাইজুল ইছলামে শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।

ৱেষ্ট ইণ্ডিজৰ হৈ কিংষ্টন টেষ্টত জয়লাভ কৰিবলৈ বাংলাদেশে ২৮৭ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। কিন্তু, এই লক্ষ্যৰ সন্মুখত কেৰিবিয়ান দলটোৱে দ্বিতীয় ইনিংছত মাত্ৰ ১৮৫ ৰানহে কৰিবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে প্ৰথমখন টেষ্টত ২০১ ৰানত জয়লাভ কৰিছিল। এনেদৰে দুয়োটা দলৰ মাজৰ টেষ্ট শৃংখলা ১-১ ব্যৱধান ড্ৰ’ত সমাপ্ত হয়।

উল্লেখ্য যে, শৃংখলাত ১১ টা উইকেট দখল কৰা বাংলাদেশৰ টাস্কিন আহমেদ আৰু ১০ টা উইকেট দখল কৰা ৱেষ্ট ইণ্ডিজৰ জেডেন ছিলছ দুয়োজনকে প্লেয়াৰ অৱ দ্য ছিৰিজৰ সন্মানেৰে সন্মানিত কৰা হয়।

অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ ৰহস্যৰ বিষয়ে জানো আহক
ভগৱান শিৱক কিয় নাৰিকল আগবঢ়োৱা নহয়?
চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাবলৈ আৰম্ভ কৰক এই বস্তু
ঘৰত তুলসী গছ আছে নেকি? এনেদৰে কৰক ব্যৱহাৰ, উজ্বল হৈ উঠিব ছাল...