পাকিস্তানী খেলুৱৈৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ! বাংলাদেশৰ প্ৰশিক্ষকে দাখিল কৰিব ৩৫ কোটি টকাৰ মানহানিৰ গোচৰ
পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমান বাংলাদেশৰ স্পিন বলিং প্ৰশিক্ষক মুস্তাক আহমেদে পাকিস্তানৰ মহান খেলুৱৈ দুগৰাকীলৈ আইনী জাননী প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ উপৰিও তেওঁলোকৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাৰ কথা কয় বলিং প্ৰশিক্ষকজনে। এইসকল খেলুৱৈসকলৰ সৈতে পাকিস্তানৰ হৈ বহু ক্ৰিকেট মেচো খেলিছে মুস্তাক আহমেদে।

পাকিস্তানী খেলুৱৈৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ
চেম্পিয়নছ ট্ৰফী ২০২৫ত পাকিস্তানৰ পৰৱৰ্তী মেচ হ’ব বাংলাদেশৰ বিৰুদ্ধে। কিন্তু, ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ পূৰ্বে বাংলাদেশৰ স্পিন বলিং প্ৰশিক্ষক মুস্তাক আহমেদে পাকিস্তানৰ দুজন প্ৰবীণ খেলুৱৈয়ে তেওঁক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে। কেমেৰাৰ সন্মুখতে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ লগতে ৩৫ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিব বুলিও কৈছে বলিং প্ৰশিক্ষকগৰাকীয়ে। মুস্তাক আহমেদৰ মতে, অচিৰেই তেওঁৰ অধিবক্তাই কিংবদন্তি ক্ৰিকেটাৰসকললৈ আইনী জাননী প্ৰেৰণ কৰিব।
পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমান বাংলাদেশৰ স্পিন বলিং প্ৰশিক্ষক মুস্তাক আহমেদে পাকিস্তানৰ মহান খেলুৱৈ দুগৰাকীলৈ আইনী জাননী প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ উপৰিও তেওঁলোকৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাৰ কথা কয় বলিং প্ৰশিক্ষকজনে। তেওঁলোক হ’ল ৱাছিম আক্ৰাম আৰু ৱাকাৰ ইউনিছ। এইসকল খেলুৱৈৰ সৈতে পাকিস্তানৰ হৈ বহু ক্ৰিকেট মেচো খেলিছে মুস্তাক আহমেদে।
হাৰাশাস্তিৰ অভিযোগ, ৩৫ কোটি টকাৰ মানহানিৰ গোচৰ
‘স্প’ৰ্টছ চেণ্ট্ৰেল’ নামৰ ইউটিউব চেনেলৰ শ্ব’ত মুস্তাক আহমেদে আক্ৰাম আৰু ৱাকাৰক মুকলি ভাবুকি প্ৰদান কৰে। তেওঁ এটা ভিডিঅ’ মেছেজ ৰেকৰ্ড কৰি পঠিয়াইছিল। ৱাকাৰ আৰু আক্ৰামৰ স্প’ৰ্টছ শ্ব’ত বহি তেওঁৰ সমালোচনা কৰাত কোনো আপত্তি নাই মুস্তাক আহমেদৰ। কিন্তু দুয়োৰে বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছে মুস্তাকে। ইয়াৰ বিনিময়ত তেওঁ ৩৫ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰাৰ ভাবুকিও দিছে। ইয়াৰে ৱাকাৰ ইউনিছৰ বিৰুদ্ধে ২০ কোটি টকাৰ আৰু ৱাছিম আক্ৰামৰ বিৰুদ্ধে ১৫ কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰা হ’ব।
ৱাকাৰ আৰু আক্ৰমে মোৰ আত্মবিশ্বাস দমন কৰিলে- মুস্তাক
পাকিস্তানৰ হৈ একেলগে খেলা দিনবোৰ স্মৰণ কৰি এই মন্তব্য কৰে মুস্তাক আহমেদে। প্ৰশিক্ষকগৰাকীয়ে বৰ্ণনা কৰে যে, আগতে কেনেকৈ তেওঁৰ আত্মবিশ্বাস দমন কৰিবলৈ চেষ্টা কৰা হৈছিল। এতিয়া তেওঁ দুয়োৰে সৈতে আদালতত দেখা-দেখি হ’ব। ইফালে মুস্তাক আহমেদৰ এই মুকলি ভাবুকিৰ পিছত ৱাকাৰ ইউনিছে তেওঁৰ ওচৰত এয়াৰত ক্ষমা বিচৰা দেখা গৈছে। কিন্তু, ৱাছিম আক্ৰাম হাৰ মানিবলৈ সাজু নাছিল। তেওঁ আদালতত মুস্তাক আহমেদক লগ পোৱাৰ কথা কয়।
অৱশ্যে ক্ৰীড়া প্ৰদৰ্শনৰ সময়ত ঘটা এই সকলোবোৰ ঘটনা যেন প্ৰবীণ খেলুৱৈসকলে ইজনে সিজনক জোকাই থকাৰ এটা অংশ। কাৰণ শ্ব’ৰ সময়ত ৱাকাৰেও কোৱা দেখা গৈছিল যে, এতিয়া আমাৰ শ্ব’টো ভাল হ’ব। গতিকে এই গোটেই বিষয়টো কম গুৰুতৰ আৰু ধেমালিৰ দৰেহে বেছি যেন লাগে।