কানপুৰ টেষ্টত বাংলাদেশী অনুৰাগীক প্ৰহাৰৰ অভিযোগঃ কিয় জড়িত হৈছে চিৰাজৰ নাম! | Bangladesh vs India test Bangladeshi fan abused during kanpur test Mohammed Siraj Assam news - Assam Tv9

কানপুৰ টেষ্টত বাংলাদেশী অনুৰাগীক প্ৰহাৰৰ অভিযোগঃ কিয় জড়িত হৈছে চিৰাজৰ নাম!

Published: 

27 Sep 2024 17:33 PM

ভাৰত আৰু বাংলাদেশৰ মাজত কানপুৰত আজিৰ পৰা আৰম্ভ হোৱা টেষ্টৰ সময়ত এগৰাকী বাংলাদেশী অনুৰাগীক একাংশ ভাৰতীয় অনুৰাগীয়ে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে। এই ঘটনাৰ সৈতে জড়িত হৈ পৰিছে ভাৰতীয় দলৰ তাৰকা পেচাৰ মহম্মদ চিৰাজৰ নাম। এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৈতে কিয় জড়িত হৈছে চিৰাজৰ নাম, জানিবলৈ পঢ়ক এই লেখা।

কানপুৰ টেষ্টত বাংলাদেশী অনুৰাগীক প্ৰহাৰৰ অভিযোগঃ কিয় জড়িত হৈছে চিৰাজৰ নাম!

ভাৰত-বাংলাদেশ টেষ্টৰ সময়ত অঘটন

Follow Us On

ভাৰত আৰু বাংলাদেশৰ মাজত আজিৰ পৰা কানপুৰত আৰম্ভ হৈছে টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ। অৱশ্যে বৰষুণৰ বাবে আজি প্ৰথমদিনা মাত্ৰ ৩৫ অভাৰৰ খেলহে সম্ভৱ হয়। দিনটোৰ খেল সামৰণিৰ পৰলৈ বাংলাদেশে প্ৰথমে বেটিং কৰি তিনি উইকেট হেৰুৱাই ১০৭ ৰান সংগ্ৰহ কৰিছে। বৰষুণৰ বাবে মেচ উপভোগৰ আশাৰে ষ্টেডিয়ামৰ গেলাৰীত থকা দুই দলৰ অনুৰাগী বিফল মনোৰথেই উভতিবলগা হয়। কিন্তু তাৰ মাজতে গেলাৰীত সংঘটিত হোৱা এক ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। মেচ চলি থকাৰ সময়তে গেলাৰীত বহি থকা এগৰাকী বাংলাদেশী অনুৰাগীক প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি বাংলাদেশৰ বেটিঙৰ মাজতে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত গেলাৰীত বহি থকা টাইগাৰ ৰবি নামৰ বাংলাদেশৰ এগৰাকী অনুৰাগীক প্ৰহাৰ কৰে একাংশ ভাৰতীয় অনুৰাগীয়ে। এই আক্ৰমণৰ পিছত গেলাৰীতে ক্ৰন্দনৰত অৱস্থাত দেখা যায় টাইগাৰ ৰবিক আৰু এনে পৰিস্থিতিত ষ্টেডিয়ামত কৰ্তব্যৰত আৰক্ষীয়ে তেওঁক চিকিৎসালয়লৈ লৈ যায়।

বাংলাদেশী অনুৰাগীগৰাকীয়ে গেলাৰীত বহি কিছু শ্ল’গান দি থকাৰ সময়তে কাষতে বহি থকা ভাৰতীয় অনুৰাগী কেইজনমানৰ সৈতে তৰ্ক আৰম্ভ হয়। এই তৰ্ক লাহে লাহে উত্তপ্ত হৈ পৰে আৰু ইয়াৰ পিছতে ভাৰতীয় অনুৰাগীসকলে ৰবিক প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে। লক্ষণীয়ভাৱে এই ঘটনাৰ সৈতে জড়িত হৈ পৰিছে ভাৰতীয় দলৰ তাৰকা পেচাৰ মহম্মদ চিৰাজৰ নাম।

কিন্তু এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৈতে কিয় নাম সাঙোৰ খাই পৰিছে মহম্মদ চিৰাজৰ নাম! সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা দাবী অনুসৰি মেচখনৰ সময়ত টাইগাৰ ৰবিয়ে মহম্মদ চিৰাজক উদ্দেশ্যি গালি-গালাজ কৰিছিল। তেওঁৰ এনে আচৰণত ভাৰতীয় অনুৰাগীসকল ক্ষুব্ধ হৈ পৰে আৰু ইয়াৰ পিছতে হোৱা বাদ-বিবাদে শাৰীৰিক আক্ৰমণৰ ৰূপ লয় বুলি দাবী কৰা হৈছে।

আনহাতে ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীয়ে বাংলাদেশী অনুৰাগীজনক প্ৰহাৰৰ অভিযোগ অস্বীকাৰ কৰিছে। এ্গৰাকী আৰক্ষী বিষয়াৰ ভাষ্য মতে বাংলাদেশী অনুৰাগীজনে উশাহ-নিশাহ লোৱাত অসুবিধা হৈছিল আৰু ভালদৰে কথাও ক’ব পৰা নাছিল। তেওঁৰ মতে অত্যধিক গৰমৰ বাবে এনে অৱস্থাৰ সন্মুখীন হৈছিল ৰবি। অৱশ্যে মেডিকেল ৰিপৰ্ট পোৱাৰ পিছতহে বিষয়টোৰ বিষয়ে স্পষ্ট তথ্য দিব পৰা হ’ব বুলি তেওঁ লগতে কয়।

আৰক্ষীয়ে আক্ৰমণৰ ঘটনা অস্বীকাৰ কৰিলেও বাংলাদেশী অনুৰাগীজনে তেওঁক আক্ৰমণ কৰা বুলি দাবী কৰিছে। চিকিৎসালয়লৈ নিয়াৰ সময়ত বাংলাদেশী অনুৰাগীজনে সংবাদ মাধ্যমৰ আগত তেওঁৰ কঁকাল আৰু পেটত আঘাত কৰা বুলি মন্তব্য কৰে। ইফালে মেচখন চলি থকাৰ সময়তে ষ্টেডিয়ামৰ বাহিৰত দেখিবলৈ পোৱা গ’ল বাংলাদেশৰ ক্ৰিকেট দলৰ বিৰুদ্ধে প্ৰতিবাদ।

শেহতীয়াকৈ বাংলাদেশত হোৱা ৰাজনৈতিক পট-পৰিৱৰ্তনৰ পিছত হিংসাত্মক ঘটনাত বহু হিন্দু পৰিয়াল ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱাৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে। বাংলাদেশ ক্ৰিকেট দল মেচখনৰ বাবে কানপুৰত উপস্থিত হোৱাৰ পিছতে বহু সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল।

প্ৰতিদিনে কেঁচা নহৰু খোৱাৰ উপকাৰীতাৰ বিষয়ে জানেনে?
নৰসিংহৰ পাত পাচলি নে মচলা? জানক সঠিক উত্তৰ
অত্যাধিক চাহ খোৱা অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? জানক বিশেষজ্ঞৰ পৰা
কেঁচা অমিতাই স্বাস্থ্যক কেনেদৰে প্ৰভাৱিত কৰে? বিশেষজ্ঞৰ পৰা জানক
Exit mobile version