বিৰাট কোহলীলৈ আইনী জাননী! কি কাৰণত আহিছে এই সংকট?

অষ্ট্ৰেলিয়াৰ বিপক্ষে চলিত শৃংখলাত সামগ্ৰিকভাৱে প্ৰায় ব্যৰ্থ হৈছে। এনে পৰিস্থিতিত মেলবৰ্ণত হ’বলগীয়া গুৰুত্বপূৰ্ণ মেচখনত কোহলীয়ে আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰিব বুলি সকলোৱে আশা কৰিছে। পিছে মেলবৰ্ণ টেষ্টৰ পূৰ্বে বিৰাট কোহলীলৈ আহিছে এক বিপদ। এক আইনী জাননী লাভ কৰিছে ভাৰতীয় তাৰকা ক্ৰিকেটাৰগৰাকীয়ে।

বিৰাট কোহলীলৈ আইনী জাননী! কি কাৰণত আহিছে এই সংকট?

বিৰাট কোহলীলৈ আইনী জাননী

Published: 

22 Dec 2024 14:58 PM

সম্প্ৰতি ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে অষ্ট্ৰেলিয়াত আছে সাম্প্ৰতিক ভাৰতীয় ক্ৰিকেটৰ মেৰুদণ্ডস্বৰূপ বিৰাট কোহলী। ইতিমধ্যে এই শৃংখলাৰ তিনিখন মেচ অনুষ্ঠিত হৈ গৈছে। অহা ২৬ ডিচেম্বৰৰ পৰা শৃংখলাৰ চতুৰ্থখন মেচ মেলবৰ্ণত আৰম্ভ হ’ব। পাৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত শতক সংগ্ৰহ কৰাৰ বিপৰীতে কোহলী চলিত এই শৃংখলাত সামগ্ৰিকভাৱে প্ৰায় ব্যৰ্থ হৈছে। এনে পৰিস্থিতিত মেলবৰ্ণত হ’বলগীয়া গুৰুত্বপূৰ্ণ মেচখনত কোহলীয়ে আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰিব বুলি সকলোৱে আশা কৰিছে।

পিছে মেলবৰ্ণ টেষ্টৰ পূৰ্বে বিৰাট কোহলীলৈ আহিছে এক বিপদ। এক আইনী জাননী লাভ কৰিছে ভাৰতীয় তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। ব্যৱসায় সংক্ৰান্তীয় কাৰণত এনে বিপদৰ সন্মুখীন হৈছে কোহলী। বাংগালুৰুত কোহলীয়ে এক ৰেষ্টুৰেণ্ট ব্যৱসায় চলাই আছে। কোহলীৰ মালিকানাধীন বিখ্যাত এই ৰেষ্টুৰেণ্টখনৰ নাম হৈছে One 8 Commune। বাংগালুৰুত থকা এই ৰেষ্টুৰেণ্টখনৰ বিপক্ষে উত্থাপিত হৈছে নিয়ম উলংঘা কৰাৰ অভিযোগ।

নিয়ম উলংঘাৰ অভিযোগতে কোহলীৰ এই ৰেষ্টুৰেণ্টখনলৈ পৌৰ নিগমে জাননী জাৰি কৰিছে। প্ৰকাশিত খবৰ অনুসৰি, বাংগালুৰু ব্ৰুহাট মহানগৰ পালিকাই অগ্নিনিৰ্বাপক প্ৰমাণ পত্ৰৰ অভাৱত কোহলীৰ ৰেষ্টুৰেণ্টখনলৈ প্ৰেৰণ কৰিছে এই জাননী। কোহলীৰ লগতে আন এজন ব্যক্তিও এই ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰী। বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামৰ সমীপত এই ৰেষ্টুৰেণ্টখন অৱস্থিত।

বাংগালুৰুৰ ভেংকটেশ নামৰ এগৰাকী সমাজ কৰ্মীয়ে দাখিল কৰা অভিযোগৰ পিছতে বাংগালুৰু ব্ৰুহাট মহানগৰ পালিকাই One 8 Communeৰ বিৰুদ্ধে এই জাননী জাৰি কৰিছে। জানিব পৰা মতে, অগ্নিনিৰ্বাপক বাহিনীৰ পৰা সুৰক্ষা সম্পৰ্কীয় আপত্তিহীন প্ৰমাণ পত্ৰ (NoC) নোলোৱাকৈয়ে কোহলী আৰু তেওঁৰ ব্যৱসায়িক অংশীদাৰে এই ৰেষ্টুৰেণ্টখন চলাই আছে।

বাংগালুৰুৰ আড়ম্বৰপূৰ্ণ এম জি ৰোডৰ ৰত্নম কমপ্লেক্সৰ ষষ্ঠ মহলাত অৱস্থিত এই ৰেষ্টুৰেণ্টখনক বাংগালুৰু ব্ৰুহাট মহানগৰ পালিকাৰ শান্তিনানগৰ সংমণ্ডলৰ স্বাস্থ্য বিষয়াই জাননী জাৰি কৰিছে আৰু আগন্তুক ৭ দিনৰ ভিতৰত এই জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিছে। উত্তৰ দাখিলত ব্যৰ্থ হ’লে ৰেষ্টুৰেণ্টখনৰ বিপক্ষে ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে। লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বেও ২৯ নৱেম্বৰতো এই ৰেষ্টুৰেণ্টখনলৈ জাননী প্ৰেৰণ কৰা হৈছিল।

কিন্তু ৰেষ্টুৰেণ্টৰ তৰফৰ পৰা এই জাননীৰ প্ৰতি কোনো সঁহাৰি জনোৱা নাছিল। তদুপৰি চলিত মাহৰ জুলাই মাহতো আন এক বিতৰ্কত সোমাইছিল ৰেষ্টুৰেণ্টখন। নিৰ্ধাৰিত সময়তকৈ অধিক সময় খোলা থকাৰ বাবে আৰক্ষীয়ে ৰেষ্টুৰেণ্টখনৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছিল। নিৰ্ধাৰিত ১ বজাৰ সময়সীমা আওকাণ কৰি ১.২০ বজালৈকে গ্ৰাহকৰ পৰা অৰ্ডাৰ লোৱাৰ বাবে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছিল ৰেষ্টুৰেণ্টখনৰ বিপক্ষে।

শীতকালত সুন্দৰ হৈ পৰিব আপোনাৰ ছাল, মন কৰক এইসমূহ দিশলৈ...
চুলি হৈ পৰিব দীঘল, ক'লা, ঘন আৰু মজবুত! মাত্ৰ ব্যৱহাৰ কৰক এই সামগ্ৰী
নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...