IPLত মেচ ফিক্সিঙৰ প্ৰৱণতা, খেলুৱৈসকলক দিয়া হৈছে লোভনীয় প্ৰস্তাৱ! মাষ্টাৰমাইণ্ড কোন?

বিশ্বৰ সৰ্ববৃহৎ আৰু বিখ্যাত ক্ৰিকেট লীগ IPLত মেচ ফিক্সিঙৰ গোন্ধ। দুৰ্নীতি সংঘটিত কৰিবলৈ খেলুৱৈসকলক প্ৰলোভিত কৰাৰ বহু প্ৰচেষ্টা চলোৱা হৈছে। বিচিচিআইৰ দুৰ্নীতি বিৰোধী আৰু নিৰাপত্তা ইউনিটে ইতিমধ্যে লীগৰ ১০টা দলকে সকীয়াই দিছে।

IPLত মেচ ফিক্সিঙৰ প্ৰৱণতা, খেলুৱৈসকলক দিয়া হৈছে লোভনীয় প্ৰস্তাৱ! মাষ্টাৰমাইণ্ড কোন?

IPLত মেচ ফিক্সিঙৰ প্ৰৱণতা

Updated On: 

17 Apr 2025 09:02 AM

ক্ৰমাৎ ৰোমাঞ্চকৰ হৈ পৰিছে আই পি এল ২০২৫ৰ। ইয়াৰ মাজতে পোহৰলৈ আহিছে আচৰিত খবৰ । সংবাদ মাধ্যমৰ খবৰ অনুসৰি আইপিএলৰ ১৮ সংখ্যক ছিজনত ফিক্সিঙৰ চেষ্টা অব্যাহত আছে। BCCI ৰ দুৰ্নীতি বিৰোধী আৰু নিৰাপত্তা ইউনিটে (ACSU) ইতিমধ্যে লীগৰ ১০টা দলকে সকীয়াই দিছে। তেওঁলোকে সকীয়াই দিছে যে, যদি কোনোবাই তেওঁৰ সৈতে কোনোবাই যোগাযোগ কৰিবলৈ চেষ্টা কৰে তেন্তে তৎক্ষণাত খবৰ দিব লাগিব। ACSUৰ মতে, প্ৰতিযোগিতাখনৰ ওপৰত বৰ্তমান দুৰ্নীতিৰ ডাৱৰে ছানি ধৰিছে। ইয়াৰ বাবে খেলুৱৈ, প্ৰশিক্ষক, সহায়ক কৰ্মচাৰী, দলৰ মালিক আৰু কমেণ্টটৰ্ছৰ পৰিয়ালক ব্যয়বহুল উপহাৰ দি আকৰ্ষণ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।

মাষ্টাৰমাইণ্ড কোন?

ক্ৰিকবাজত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ACSUৰ মতে, হায়দৰাবাদৰ এজন ব্যৱসায়ীয়ে প্ৰতিযোগিতাখনত অংশগ্ৰহণকাৰীসকলৰ সৈতে বন্ধুত্ব গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। যদিও, এতিয়াও তথ্য প্ৰকাশ কৰা হোৱা নাই, কিন্তু নিশ্চিতভাৱে পোহৰলৈ আহিছে যে এই ব্যৱসায়ীজনৰ জুৱাৰীৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে। ইয়াৰ পূৰ্বেও তেওঁ এনে দুৰ্নীতিৰ সৈতে জড়িত হৈ আছে। তেওঁৰ পুৰণি অভিলেখ আছে। সেয়ে আই পি এলৰ লগত যিকোনো প্ৰকাৰে জড়িত সকলোকে আকছুৱে সকীয়াই দিছে। লগতে কোৱা হৈছে যে, যদি এই ব্যৱসায়ীজনে কোনো ধৰণে যোগাযোগ কৰিবলৈ চেষ্টা কৰে তেন্তে তৎক্ষণাত ৰিপৰ্ট দিব লাগিব। লগতে তেওঁৰ সৈতে যিকোনো সম্ভাৱ্য সম্পৰ্ক বা সংযোগ প্ৰকাশ কৰিব লাগিব।

প্ৰতিবেদন অনুসৰি এই ব্যক্তিজনে নিজকে অনুৰাগী বুলি অভিহিত কৰি খেলুৱৈ, প্ৰশিক্ষক, সহায়ক কৰ্মচাৰী আৰু ফ্ৰেঞ্চাইজিৰ মালিকৰ ওচৰ চাপিবলৈ চেষ্টা কৰিছে। খবৰ অনুসৰি তেওঁক দলীয় হোটেল আৰু মেচতো দেখা গৈছে। তেওঁ নিজৰ টাৰ্গেটক ব্যক্তিগত ঠাইলৈ নিমন্ত্ৰণ জনাইছে। কেৱল দলৰ সদস্যকেই নহয়, তেওঁলোকৰ পৰিয়ালকো উপহাৰ দি থকাৰ তথ্য পোৱা গৈছে।

ক্ৰিকবাজৰ মতে, অনুৰাগীৰ ৰূপ লৈ তেওঁ খেলুৱৈ, প্ৰশিক্ষক আৰু কমেণ্টটৰ্ছৰ পৰিয়ালৰ সদস্যক গহনাৰ দোকান আৰু দামী হোটেললৈ লৈ যোৱাৰ প্ৰস্তাৱ দিয়ে। কেৱল এয়াই নহয়, ছচিয়েল মিডিয়াৰ জৰিয়তে বহিঃৰাজ্যত বাস কৰা আত্মীয়ৰ সৈতেও যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে।

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক