দললৈ শ্বামীৰ প্ৰত্যাৱৰ্তন, ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখালৰ বাবে ভাৰতীয় দল ঘোষণা…

বিচিচিআইৰ বাছনি সমিতিয়ে অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত চলিত মাহৰ শেষৰ ফালে ইংলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া টি-২০ শৃংখলাৰ বাবে দল ঘোষণা কৰে। বাছনি সমিতিয়ে দলত মহম্মদ শ্বামীক স্থান দি সকলোকে আচৰিত কৰি তুলিছে।

দললৈ শ্বামীৰ প্ৰত্যাৱৰ্তন, ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখালৰ বাবে ভাৰতীয় দল ঘোষণা...

ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা

Updated On: 

11 Jan 2025 21:10 PM

ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ ছিৰিজৰ বাবে টীম ইণ্ডিয়াৰ স্কোৱাড ঘোষণা কৰিলে ভাৰতীয় ক্ৰিকেট বৰ্ডে । বিচিচিআইৰ বাছনি সমিতিয়ে অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত চলিত মাহৰ শেষৰ ফালে ইংলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া টি-২০ শৃংখলাৰ বাবে দল ঘোষণা কৰে। বাছনি সমিতিয়ে দলত মহম্মদ শ্বামীক স্থান দি সকলোকে আচৰিত কৰি তুলিছে। এবছৰতকৈ অধিক সময় খেলপথাৰৰ পৰা আঁতৰি থকা শ্বামীয়ে টি-২০ ক্ৰিকেটৰ জৰিয়তে পুনৰ দললৈ ঘূৰি আহিছে।

১১ জানুৱাৰী শনিবাৰে বি চি চি আইৰ মুখ্য কাৰ্যালয়ত মুখ্য নিৰ্বাচক অজিত আগৰকাৰৰ নেতৃত্বত বাছনি সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় । য’ত দলটো নিৰ্বাচন কৰা হয় আৰু তাৰ পিছত নিৰ্বাচিত খেলুৱৈসকলৰ নাম ঘোষণা কৰা হয়। উল্লেখ্য যে, ভাৰতীয় দললৈ মহম্মদ শ্বামীৰ প্ৰত্যাৱৰ্তনে এদিনীয়া শৃংখলা আৰু তাৰ পিছত চেম্পিয়নছ ট্ৰফীত নিৰ্বাচিত হোৱাৰ আশা বৃদ্ধি কৰিছে।

অহা ২২ জানুৱাৰীৰ পৰা কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত আৰু ইংলেণ্ডৰ মাজত পাঁচখনীয়া টি-২০ শৃংখলা আৰম্ভ হ’ব। এই শৃংখলাৰ বাবে শ্বামীৰ বাহিৰে বাছনি সমিতিয়ে বিশেষ সিদ্ধান্ত লোৱা নাই। এই ছিৰিজত টিম ইণ্ডিয়াৰ উপ-অধিনায়ক হ’ব স্পিন অলৰাউণ্ডাৰ অক্ষৰ পেটেল। নৱেম্বৰ মাহত দক্ষিণ আফ্ৰিকা ভ্ৰমণত দলটোৰ অংশ হিচাপে থকা বেছিভাগ খেলুৱৈয়েই এই শৃংখলাত নিৰ্বাচিত হৈছে।

তেওঁলোকৰ উপৰিও নীতিশ কুমাৰ ৰেড্ডী, ধ্ৰুৱ জুৰেল আৰু হৰ্ষিত ৰানাও দললৈ ঘূৰি আহিছে । আনহাতে, বাছনি সমিতিয়ে এই শৃংখলাত টি-২০ বিশ্বকাপ বিজয়ী দলৰ অংশ হিচাপে থকা দুজন গুৰুত্বপূৰ্ণ খেলুৱৈ ঋষভ পন্ত আৰু শিৱম ডুবেক সুযোগ দিয়া নাই। এদিনীয়া শৃংখলা আৰু চেম্পিয়নছ ট্ৰফীৰ পৰিপ্ৰেক্ষিতত পন্তক জিৰণি দিয়া হৈছে নে দলৰ পৰা বাদ দিয়া হৈছে সেয়া স্পষ্ট হোৱা নাই। ডুবে অৱশ্যে স্থান লাভ কৰাত ব্যৰ্থ হৈছে।

টি-২০ ছিৰিজৰ বাবে ভাৰতীয় দলটো হৈছে- সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), সঞ্জু চেমছন (উইকেটকীপাৰ), অভিষেক শৰ্মা, তিলক ভাৰ্মা, হাৰ্দিক -পাণ্ডিয়া, ৰিংকু সিং, নীতিশ কুমাৰ ৰেড্ডী, অক্ষৰ পেটেল (উপ-অধিনায়ক), হৰ্ষিত ৰানা, আৰ্শদীপ সিং, মহম্মদ শ্বামী, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণোই , ৱাশ্বিংটন সুন্দৰ, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ)।

মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...
বিশ্বৰ ৫খন দেশ, য'ত ব্যাপক ৰূপত প্ৰচলিত হয় হিন্দী ভাষা
পিতৃৰ জন্মদিন বিশেষভাবে উদযাপন কৰিলে আল্লু অৰ্জুনে, জানক সবিশেষ
শৰীৰৰ কোন অংশত তিল থাকিলে কি হয় ? জানক সবিশেষ