শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

BCCIয়ে সলনি কৰিলে নিয়ম! ভাৰতীয় খেলুৱৈৰ সৈতে থাকিব পাৰিব পৰিয়ালৰ লোক

চেম্পিয়নছ ট্ৰফীৰ বাবে বৰ্তমান সময়ত ডুবাইত আছে টীম ইণ্ডিয়া। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চেম্পিয়নছ ট্ৰফীৰ সময়ত খেলুৱৈসকলৰ লগত থাকিব পাৰিব পৰিয়ালৰ লোক। অৱশ্যে ইয়াৰ বাবে বান্ধি দিয়া হৈছে এটা চৰ্ত। 

BCCIয়ে সলনি কৰিলে নিয়ম! ভাৰতীয় খেলুৱৈৰ সৈতে থাকিব পাৰিব পৰিয়ালৰ লোক
ভাৰতীয় খেলুৱৈৰ সৈতে থাকিব পাৰিব পৰিয়ালৰ লোক
trishna-kalita
Trishna Kalita | Published: 18 Feb 2025 15:27 PM

চেম্পিয়নছ ট্ৰফীৰ বাবে BCCI সলনি কৰিলে নিয়ম। বিচিচিআইৰ সৈতে জড়িত সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি বহু সংবাদ মাধ্যমৰ বাতৰিত দাবী কৰা হৈছে যে প্ৰতিযোগিতাখনৰ সময়ত পৰিয়ালৰ লোকক খেলুৱৈসকলৰ সৈতে থাকিবলৈ অনুমতি প্ৰদান কৰিছে ব’ৰ্ডে। অৰ্থাৎ খেলুৱৈয়ে ইচ্ছা কৰিলে চেম্পিয়নছ ট্ৰফীৰ সময়ত তেওঁলোকৰ পৰিয়ালক লগত ৰাখিব পাৰে। অৱশ্যে ইয়াৰ বাবে বান্ধি দিয়া হৈছে এটা চৰ্ত। সেইটো হ’ল তেওঁলোকে মাত্ৰ এখন মেচৰ বাবেহে এই কাম কৰিব পাৰিব। অষ্ট্ৰেলিয়াত অনুষ্ঠিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত পৰাজয়ৰ পিছত BCCI  ১০টাকৈ নতুন নিয়ম কাৰ্যকৰী কৰিছিল। তাৰে ভিতৰত এটা আছিল বিদেশ ভ্ৰমণৰ সময়ত পৰিয়ালৰ লোকক লগত নিয়াৰ সৈতে জড়িত।

মাত্ৰ এখন মেচৰ বাবে এই অনুমতি – উৎস

চেম্পিয়নছ ট্ৰফীৰ বাবে বৰ্তমান সময়ত ডুবাইত আছে টীম ইণ্ডিয়া। পূৰ্বৰ নিয়ম অনুসৰি খবৰটো আছিল যে এই ভ্ৰমণত কোনো ভাৰতীয় খেলুৱৈয়ে নিজৰ পৰিয়ালক লগত লৈ যাব নোৱাৰে বা ৰাখিব নোৱাৰে। অৱশ্যে এতিয়া বিচিচিআইৰ সূত্ৰৰ উদ্ধৃতিৰে সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে যে কোনো ভাৰতীয় খেলুৱৈয়ে বিচাৰিলে যিকোনো এখন মেচৰ বাবে নিজৰ পৰিয়ালক ডুবাইলৈ লৈ যাব পাৰিব।

কিয় নিয়ম সলনি কৰিলে BCCI?

এতিয়া প্ৰশ্ন হয় BCCয়ে কিয় নিজে বনোৱা নিয়ম সলনি কৰিলে? ইয়াৰ কাৰণ এইটোৱে যে বিষয়টো সন্দৰ্ভত এজন জ্যেষ্ঠ বিষয়াই BCCI ৰ সম্পাদক দেৱজিৎ শইকীয়াৰ সৈতে কথা পাতিছিল। ইয়াৰ পিছত সিদ্ধান্ত লোৱা হয় যে খেলুৱৈসকলে যিকোনো এখন মেচৰ বাবে পৰিয়ালৰ লোকক লগত নিব পাৰিব। কিন্তু ইয়াৰ বাবে তেওঁলোকে BCCIক জনাব লাগিব। তেওঁলোকৰ পৰা অনুমতি ল’ব লাগিব।

এতিয়ালৈকে কোনো খেলুৱৈয়ে বিচৰা নাই অনুমতি

প্ৰকাশিত প্ৰতিবেদনত BCCI ৰ এজন বিষয়াৰ হৈ কোৱা হৈছে যে, টীম ইণ্ডিয়াৰ কোনো খেলুৱৈয়ে আৰম্ভণিতে পৰিয়ালৰ সৈতে যোৱা নাই। গতিকে এতিয়া মেচৰ বাবে পৰিয়ালক তালৈ নিমন্ত্ৰণ জনাবলৈ অনুমতি দিয়া হৈছে। ব’ৰ্ডৰ বিষয়াগৰাকীৰ উদ্ধৃতি দি এইটোও কোৱা হৈছে যে এতিয়ালৈকে কোনো খেলুৱৈয়ে নিজৰ পৰিয়ালক ডুবাইলৈ নিমন্ত্ৰণ জনোৱাৰ অনুমতি বিচৰা নাই।

 

লগতে পঢ়ক: বিতৰ্কৰ অৱসান! চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলৰ জাৰ্চিত থাকিব পাকিস্তানৰ নাম