কঠোৰ হৈছে বিচিচিআইঃ বান্ধি দিলে এনে নিয়ম, উলংঘন কৰিলেই হ’ব শাস্তি
ভাৰতীয় ক্ৰিকেটৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কিছু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিচিচিআইয়ে। শেহতীয়া পৰ্যালোচনা বৈঠকৰ অন্তত বিচিচিআইয়ে দলৰ ভিতৰচৰাত ঐক্য বৃদ্ধি আৰু দলৰ পুনৰ প্ৰদৰ্শন উন্নত কৰাৰ লক্ষ্যৰে ১০টা কঠোৰ নিয়ম প্ৰৱৰ্তনৰ বাবে সাজু হৈছে। যদি কোনো খেলুৱৈয়ে এই নিয়মসমূহ উলংঘন কৰে, তেতিয়া তেওঁৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
শেহতীয়া কিছুদিন ধৰি ভাৰতীয় ক্ৰিকেট সন্দৰ্ভত দেখা গৈছে বহু অনাকাংক্ষিত চৰ্চা। প্ৰথমে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত পৰাজয়, তাৰ পিছত নিউজিলেণ্ডৰ বিপক্ষে ঘৰুৱা টেষ্ট শৃংখলাত পৰাজয়, অষ্ট্ৰেলিয়াত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত দেখুৱাই অহা শ্ৰেষ্ঠত্বৰ অৱসান আৰু এই শৃংখলাৰ মাজতে ড্ৰেছিং ৰুমৰ বিবাদৰ খবৰ প্ৰকাশে শেহতীয়া সময়ছোৱাত ভাৰতীয় ক্ৰিকেটৰ এক হতাশাজনক ছবি দাঙি ধৰিছে। এনে পৰিস্থিতিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআইয়ে কিছু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছিল।
এই সম্ভাৱনাৰ দৰেই এতিয়া কঠোৰ হৈছে বিচিচিআই। শেহতীয়া পৰ্যালোচনা বৈঠকৰ অন্তত বিচিচিআইয়ে দলৰ ভিতৰচৰাত ঐক্য বৃদ্ধি আৰু দলৰ পুনৰ প্ৰদৰ্শন উন্নত কৰাৰ লক্ষ্যৰে ১০টা কঠোৰ নিয়ম প্ৰৱৰ্তনৰ বাবে সাজু হৈছে। যদি কোনো খেলুৱৈয়ে এই নিয়মসমূহ উলংঘন কৰে, তেতিয়া তেওঁৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। সেই অনুসৰি ব’ৰ্ডে নিলম্বনৰ দৰে ব্যৱস্থাও গ্ৰহণ কৰিব পাৰে।
লগতে শাস্তি হিচাপে খেলুৱৈৰ মেচ মাচুল বা চুক্তিৰ মাচুল কৰ্তন কৰিব পাৰে। সমান্তৰালকৈ খেলুৱৈগৰাকীৰ চুক্তি বাতিল কৰাও হ’ব পাৰে। তদুপৰি, যদি বিচিচিআইয়ে অনুভৱ কৰে যে খেলুৱৈজনে কোনো গুৰুতৰ ভুল কৰিছে, তেতিয়া তেওঁক আইপিএলকে ধৰি আন যিকোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিব পাৰে। চাওঁ আহক বিচিচিআইয়ে প্ৰৱৰ্তন কৰা এই নিয়মসমূহৰ বিষয়ে-
১/ ভাৰতীয় দললৈ নিৰ্বাচিত হোৱাৰ বাবে সকলো খেলুৱৈয়ে ঘৰুৱা ক্ৰিকেট খেলাটো বাধ্যতামূলক কৰিছে বিচিচিআইয়ে। যদি জাতীয় দলৰ কোনো খেলুৱৈয়ে ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতাৰ পৰা বিৰতি ল’ব বিচাৰে, বাছনি সমিতিক আগতীয়াকৈ অৱগত কৰিব লাগিব।
২/ বিচিচিআইয়ে মেচৰ পৰা আৰম্ভ কৰি অনুশীলনলৈকে সকলো সময়তে একেলগে যাত্ৰা কৰাটো বাধ্যতামূলক কৰিছে। কোনো বিশেষ কাৰণত পৰিয়ালৰ সৈতে পৃথকে যাত্ৰা কৰিবলৈ বাছনি সমিতিৰ অধ্যক্ষ, মুখ্য প্ৰশিক্ষকৰ পৰা অনুমতি ল’ব লাগিব।
৩/ বিচিচিআইয়ে খেলুৱৈৰ সামগ্ৰীৰ ক্ষেত্ৰতো সীমা নিৰ্ধাৰণ কৰিছে। কোনো শৃংখলাৰ বাবে ভ্ৰমণৰ সময়ত যদি তেওঁলোকে সীমাৰ বাহিৰত সামগ্ৰী নিব বিচাৰে, তাৰ বাবে নিজাকৈ খৰচ বহন কৰিব লাগিব। ব’ৰ্ডৰ নিৰ্দেশনা অনুসৰি ৩০ দিনতকৈ অধিক সময়ৰ বিদেশ ভ্ৰমণৰ বাবে খেলুৱৈয়ে ৫টা বেগ (৩টা ছুটকেছ আৰু ২টা কিট বেগ) বা ১৫০ কিলোগ্ৰাম পৰ্যন্ত ওজন কঢ়িয়াই নিব পাৰে।
আনহাতে সহায়ক কৰ্মচাৰীসকলে ৩টা বেগ (২টা ডাঙৰ আৰু এটা সৰু ছুটকেছ) বা ৮০ কিলোগ্ৰাম ওজনৰ সামগ্ৰী লগত নিব পাৰিব। যদি ভ্ৰমণ ৩০ দিনতকৈ কম সময়ৰ হয় তেতিয়া খেলুৱৈসকলে ৪ বেগ (২টা ছুটকেছ আৰু ২টা কিট বেগ) বা ১২০ কিলোগ্ৰামলৈকে ওজনৰ অনুমতি দিয়া হ’ব। সহায়ক কৰ্মচাৰীয়ে ২টা বেগ (২টা ছুটকেছ) বা ৬০ কিলোগ্ৰাম পৰ্যন্ত ওজন কঢ়িয়াব পাৰে। ঘৰুৱা শৃংখলাৰ সময়তো দ্বিতীয় নিয়ম প্ৰযোজ্য হ’ব।
৪/ এতিয়াৰ পৰা কোনো খেলুৱৈয়ে শৃংখলাৰ সময়ত নিজৰ ব্যক্তিগত কৰ্মচাৰী যেনে চেফ, পাৰ্চনেল মেনেজাৰ, প্ৰশিক্ষক, সচিব বা কোনো সহায়ক লগত লৈ যাব নোৱাৰে। ইয়াৰ বাবে তেওঁ প্ৰথমে ব’ৰ্ডৰ পৰা অনুমতি ল’ব লাগিব।
৫/ খেলুৱৈসকলে বাংগালুৰুৰ বিচিচিআই চেণ্টাৰ অৱ এক্সেলেন্সলৈ যিকোনো ব্যক্তিগত সামগ্ৰী বা সঁজুলি প্ৰেৰণ কৰিবলৈ দল পৰিচালনাৰ সৈতে কথা পাতিব লাগিব। যদি কোনো অতিৰিক্ত খৰচ হয়, তেন্তে তেওঁলোকে নিজেই বহন কৰিব লাগিব।
৬/ কঠোৰ স্থিতি গ্ৰহণ কৰি ব’ৰ্ডে স্পষ্টকৈ উল্লেখ কৰিছে যে এতিয়াৰ পৰা খেলুৱৈসকলে সমগ্ৰ অনুশীলনৰ সময়ত একেলগে থাকিব লাগিব আৰু একেলগে যাত্ৰা কৰিব লাগিব। সময়ৰ পূৰ্বে কোনো খেলুৱৈয়ে অনুশীলন এৰিব নোৱাৰিব।
৭/ বিচিচিআইৰ নতুন নিয়ম অনুসৰি কোনো ভ্ৰমণ বা শৃংখলাৰ সময়ত খেলুৱৈয়ে ব্যক্তিগত বিজ্ঞাপন শ্বুটিং কৰিব নোৱাৰিব।
৮/ যদি দলে ৪৫ দিন বা তাতকৈ অধিক সময় বিদেশ ভ্ৰমণলৈ যায়, সেই ভ্ৰমণত যিকোনো খেলুৱৈৰ পত্নী, সংগী বা পৰিয়ালে তেওঁৰ লগত মাত্ৰ ১৪ দিনহে থাকিব পাৰিব। এই সময়ছোৱাত তেওঁলোকৰ থকাৰ বাহিৰে আন কোনো খৰচ বিচিচিআইয়ে বহন নকৰে।
৯/ অফিচিয়েল এড শ্বুট, প্ৰচাৰমূলক কাৰ্যকলাপ বা ব’ৰ্ডৰ যিকোনো অনুষ্ঠানত খেলুৱৈসকলে উপস্থিত থকাটো বাধ্যতামূলক কৰিছে বিচিচিআইয়ে।
১০/ ইয়াৰ উপৰিও মেচ বা শৃংখলা সোনকালে শেষ হয়, তেতিয়া সকলোৱে নিৰ্দিষ্ট পৰিকল্পনা অনুসৰি যাত্ৰা কৰিব। সময়ৰ পূৰ্বে কোনো সদস্যই দল এৰিব নোৱাৰে, অৰ্থাৎ প্ৰতিগৰাকী সদস্য দলৰ লগত থাকিব লাগিব।