চেম্পিয়নছ ট্ৰফীয়ে কপাল ফুলাব এইকেইগৰাকী তাৰকাৰ! বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিত পৰিব প্ৰভাৱ
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআয়য়ে শীঘ্ৰেই নতুন কেন্দ্ৰীয় চুক্তি মুকলি কৰাৰ সম্ভাৱনা আছে। বিচিচিআইৰ এই কেন্দ্ৰীয় চুক্তিত এইবাৰ চেম্পিয়নছ ট্ৰফীৰ স্পষ্ট প্ৰভাৱ পৰিলক্ষিত হোৱা দেখা যাব পাৰে। এই চুক্তিত দেখা পোৱা যাব পাৰে কেইবাখনো নতুন মুখ, আনহাতে বাদ পৰিব পাৰে কেইবাগৰাকীও তাৰকা।

সামৰণি পৰিল আইচিচি চেম্পিয়নছ ট্ৰফীৰ। অপ্ৰতিৰোধ্য গতিৰে এখনো মেচত পৰাজিত নোহোৱাকৈয়ে প্ৰতিযোগিতাৰ খিতাপ জয় কৰে ভাৰতীয় দলে। ভাৰতৰ প্ৰতিগৰাকী খেলুৱৈয়েই নিজৰ অনন্য প্ৰদৰ্শনেৰে চেম্পিয়নছ ট্ৰফী জয়ৰ অংশীদাৰ হৈ পৰে। প্ৰতিযোগিতাখনত দাঙি ধৰা অনবদ্য প্ৰদৰ্শনৰ সুবাদত কেইগৰাকীমান তাৰকা খেলুৱৈয়ে নিজ কেৰিয়াৰতো বিশেষ সাফল্য লাভ কৰাৰ দিশে ধাৱমান হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআয়য়ে শীঘ্ৰেই নতুন কেন্দ্ৰীয় চুক্তি মুকলি কৰাৰ সম্ভাৱনা আছে।
বিচিচিআইৰ এই কেন্দ্ৰীয় চুক্তিত এইবাৰ চেম্পিয়নছ ট্ৰফীৰ স্পষ্ট প্ৰভাৱ পৰিলক্ষিত হোৱা দেখা যাব পাৰে। এই চুক্তিত দেখা পোৱা যাব পাৰে কেইবাখনো নতুন মুখ, আনহাতে বাদ পৰিব পাৰে কেইবাগৰাকীও তাৰকা। বিচিচিআইয়ে জাৰি কৰা ভাৰতীয় দলৰ কেন্দ্ৰীয় চুক্তিত খেলুৱৈসকলক ৪টা গ্ৰেডত ভাগ কৰা হৈছে। গ্ৰেড এ প্লাছ, গ্ৰেড এ, গ্ৰেড বি আৰু গ্ৰেড চি। প্ৰতিটো গ্ৰেডতে বিচিচিআইয়ে কিছু নিয়ম অনুসাৰে স্থান দিয়ে খেলুৱৈসকলক।
শেহতীয়া কেন্দ্ৰীয় চুক্তিত গ্ৰেড এ প্লাছত ৪ জন খেলুৱৈ আছে। চুক্তি প্ৰকাশৰ সম্যত তিনিওটা ফৰ্মেটতে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা চাৰিগৰাকী জ্যেষ্ঠ তাৰকা ৰোহিত শৰ্মা, বিৰাট কোহলী, ৰবীন্দ্ৰ জাদেজা আৰু যশপ্ৰীত বুমৰাহক এই গ্ৰেডত স্থান দিয়া হৈছিল। কিন্তু ৰোহিত, বিৰাট আৰু জাদেজাই ইতিমধ্যে টি-২০ৰ পৰা অৱসৰ লৈছে, সেয়েহে বিচিচিআইয়ে পৰৱৰ্তী সময়ত প্ৰকাশ কৰিবলগা চুক্তিত পৰিৱৰ্তন দেখা পাব পাৰে।
এই তিনি তাৰকাৰ লগতে নতুন কেন্দ্ৰীয় চুক্তিত মহম্মদ চিৰাজৰ গ্ৰেডতো পৰিৱৰ্তন দেখা যাব পাৰে। চেম্পিয়নছ ট্ৰফীৰ দলৰ পৰা বাদ পৰা চিৰাজৰ স্থান এইবাৰ এ গ্ৰেডৰ পৰা অৱনতি ঘটিব পাৰে বুলি আশংকা কৰা হৈছে। উল্লেখ্য যে গ্ৰেড এ প্লাছৰ খেলুৱৈয়ে বিচিচিআইৰ পৰা বছৰি লাভ কৰে ৭ কোটি টকা। আনহাতে গ্ৰেড এ খেলুৱৈয়ে লাভ কৰে ৫ কোটি টকা। বি গ্ৰেডত বছৰি ৩ কোটি আৰু চি গ্ৰেডত ১ কোটি টকা প্ৰদান কৰা হয়।
চলি থকা চুক্তিত গ্ৰেড এ প্লাছত আছিল ৰোহিত শৰ্মা, বিৰাট কোহলী, যশপ্ৰীত বুমৰাহ আৰু ৰবীন্দ্ৰ জাদেজা। গ্ৰেড এত আছিল ৰবীচন্দ্ৰন অশ্বিন, মহম্মদ ছামি, মহম্মদ চিৰাজ, কে এল ৰাহুল, শুভমন গিল আৰু হাৰ্দিক পাণ্ডিয়া। গ্ৰেড বিত স্থান পাইছিল সূৰ্য কুমাৰ যাদৱ, ঋষভ পণ্ট, কুলদীপ যাদৱ, অক্ষৰ পেটেল আৰু যশস্বী জয়ছোৱাল।
আনহাতে গ্ৰেড চিত বিচিচিআইয়ে স্থান দিছিল ৰিংকু সিং, তিলক বাৰ্মা, ৰুতুৰাজ গায়কোৱাড, শ্বাৰ্দুল ঠাকুৰ, শিৱম ডুবে, ৰবি বিষ্ণৈ, জিতেশ শৰ্মা, ৱাশ্বিংটন সুন্দৰ, মুকেশ কুমাৰ, সঞ্জু চেমচন, অৰ্শদীপ সিং, কে এছ ভৰত, প্ৰসিধ কৃষ্ণ, আভেশ খান আৰু ৰজত পাটিদাৰ। এতিয়া নতুন চুক্তিত কেইগৰাকীমান খেলুৱৈৰ গ্ৰেড পৰিৱৰ্তনৰ বিপৰীতে আন কেইগৰাকীমান খেলুৱৈ চুক্তিৰ পৰাই বাদ পৰিব পাৰে।
ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা অশ্বিন চুক্তিৰ পৰা বাহিৰত থাকিব। তাৰ বিপৰীতে ৰজত পাটিদাৰ, কে এছ ভৰত, জিতেশ শৰ্মা, আভেশ খানৰ দৰে খেলুৱৈ চুক্তিৰ পৰা বাদ পৰিব পাৰে। আনহাতে আশ্চৰ্যকৰভাৱে বিগত বাৰ চুক্তিৰ পৰা বাদ পৰা শ্ৰেয়স আয়াৰে এইবাৰ চুক্তিত স্থান পোৱাটো প্ৰায় নিশ্চিত। চেম্পিয়নছ ট্ৰফীত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী আয়াৰৰ লগতে বৰুণ চক্ৰৱৰ্তী, হৰ্ষিত ৰাণাও এইবাৰ চুক্তিৰ আওতালৈ আহিব পাৰে।