শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতীয় দলত ব্যাপক সালসলনিঃ চেম্পিয়নছ ট্ৰফী জয়ত ভূমিকাৰ পিছতো দলত স্থান হেৰুৱালে ৩ সদস্যই

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ বাতৰি গৌতম গম্ভীৰৰ ঘনিষ্ঠ সহযোগী তথা ভাৰতীয় দলৰ সহকাৰী প্ৰশিক্ষক অভিষেক নায়াৰক ব’ৰ্ডে অপসাৰণ কৰিছে। অভিষেক নায়াৰৰ উপৰিও ফিল্ডিং প্ৰশিক্ষক টি দিলীপ আৰু ফিটনেচ ট্ৰেইনাৰ সোহম দেশাইকো দলৰ পৰা বাদ দিয়া হৈছে।

ভাৰতীয় দলত ব্যাপক সালসলনিঃ চেম্পিয়নছ ট্ৰফী জয়ত ভূমিকাৰ পিছতো দলত স্থান হেৰুৱালে ৩ সদস্যই
ভাৰতীয় দলত ব্যাপক পৰিৱৰ্তন
monjit-dutta
Monjit Dutta | Published: 17 Apr 2025 16:38 PM

সম্প্ৰতি আই পি এলৰ ৰোমাঞ্চ উপভোগত ব্যস্ত ভাৰতীয় ক্ৰিকেট অনুৰাগী। এই উন্মাদনাৰ মাজতে পিছে ভাৰতীয় অনুৰাগীৰ বাবে এক বিশেষ খবৰ আনিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ বাতৰি গৌতম গম্ভীৰৰ ঘনিষ্ঠ সহযোগী তথা ভাৰতীয় দলৰ সহকাৰী প্ৰশিক্ষক অভিষেক নায়াৰক ব’ৰ্ডে অপসাৰণ কৰিছে। শেহতীয়া বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতীয় দলৰ দুৰ্বল প্ৰদৰ্শন আৰু ড্ৰেছিং ৰুমৰ ভিতৰুৱা কথা লিক হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআইয়ে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

অভিষেক নায়াৰৰ উপৰিও ফিল্ডিং প্ৰশিক্ষক টি দিলীপ আৰু ফিটনেচ ট্ৰেইনাৰ সোহম দেশাইকো দলৰ পৰা বাদ দিয়া হৈছে। প্ৰতিবেদন অনুসৰি দুয়োজনেই ৩ বছৰতকৈ অধিক সময় দলৰ সৈতে জড়িত আছিল আৰু সেয়ে নিয়ম অনুসৰি এতিয়া তেওঁলোক পুনৰ ভাৰতীয় দলৰ অংশীদাৰ নহ’ব। চেম্পিয়নছ ট্ৰফী জয় কৰাৰ পিছতো বিচিচিআইয়ে মাত্ৰ ৮ মাহৰ ভিতৰতে এই তিনি সদস্যক দলৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইফালে প্ৰতিবেদন মতে, অভিষেক নায়াৰ আৰু ফিল্ডিং প্ৰশিক্ষক টি দিলীপৰ স্থানত আন কোনো প্ৰশিক্ষক নিযুক্তি দিয়া নহয়। বৰ্তমান সীতাংশু কোটক বেটিং প্ৰশিক্ষক আৰু ৰিয়ান টেন ড’চাটে সহকাৰী প্ৰশিক্ষকৰ দায়িত্বত আছে। ড’চাটেই এতিয়া ফিল্ডিং প্ৰশিক্ষকৰ অতিৰিক্ত দায়িত্বও বহন কৰিব পাৰে। অৱশ্যে ফিটনেচ ট্ৰেইনাৰ সোহম দেশাইৰ স্থানত আন এজন সদস্যক নিযুক্তি দিয়া হ’ব পাৰে।

দেশাইৰ স্থানত এড্ৰিয়ান লে ৰ’ক্সে নিযুক্তি লাভ কৰিব পাৰে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। বৰ্তমান এড্ৰিয়ান আই পি এল ২০২৫ত পঞ্জাৱ কিংছৰ সৈতে জড়িত। ইয়াৰ পূৰ্বে তেওঁ কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতেও কাম কৰিছিল। তদুপৰি ২০০২-০৩ চনত তেওঁ ভাৰতীয় দলৰ সৈতেও কাম কৰিছিল। অৱশ্যে এই প্ৰতিবেদন সন্দৰ্ভত বিচিচিআইয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। শীঘ্ৰেই বিচিচআইয়ে এই বিষয়ত নিশ্চিতি প্ৰদান কৰাৰ সম্ভাৱনা আছে।

সম্প্ৰতি ট্ৰেইনিং এচিছটেণ্ট হিচাপে ৰাঘবেন্দ্ৰ, দয়ানন্দ গৰাণী, ফিজিঅ’থেৰাপিষ্ট কমলেশ জৈন, মালিচ কৰোঁতা হিচাপে অৰুণ কানাডে, চেতন কুমাৰ, ৰাজীৱ কুমাৰ, টিম অপাৰেচন মেনেজাৰ সুমিত মল্লপুৰকাৰ, এজন ছিকিউৰিটি মেনেজাৰ আদি বহুকেইজন সদস্য ভাৰতীয় দলৰ সৈতে জড়িত হৈ আছে। লক্ষণীয়ভাৱে আই পি এল ২০২৫ৰ উদ্বোধনী অনুষ্ঠানৰ দিনটোত বিচিচিআই এপেক্স কমিটীৰ বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকত কেন্দ্ৰীয় চুক্তি সন্দৰ্ভত আলোচনা হোৱা বুলি জানিব পৰা গৈছে। বৈঠকৰ দুদিন পিছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ চুক্তি ঘোষণা কৰা হয়। কিন্তু পুৰুষ দলৰ চুক্তি এতিয়াও ঘোষণা কৰা হোৱা নাই। সূত্ৰ অনুসৰি পুৰুষ দলৰ কেন্দ্ৰীয় চুক্তিত এইবাৰ কিছু বৃহৎ পৰিৱৰ্তন দেখা পোৱা যাব। আই পি এলৰ পাছতে ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে বিচিচিআইয়ে কেন্দ্ৰীয় চুক্তি ঘোষণা কৰিব পাৰে।