ৰোহিতক শকত আখ্যা দি নিন্দিত কংগ্ৰেছ নেত্ৰীঃ তীব্ৰ গৰিহণা বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াৰ

কংগ্ৰেছ নেত্ৰী তথা দলটোৰ মুখপাত্ৰ ডাঃ শ্বামা মহম্মদে নিজা এক্স হেণ্ডেল যোগে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাক শকত বুলি অভিহিত কৰাৰ লগতে ভাৰতীয় ইতিহাসৰ আটাইতকৈ অপ্ৰভাৱশালী অধিনায়ক বুলিও অভিহিত কৰিছিল। এই বিতৰ্ক সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই।

ৰোহিতক শকত আখ্যা দি নিন্দিত কংগ্ৰেছ নেত্ৰীঃ তীব্ৰ গৰিহণা বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াৰ

ৰোহিত শৰ্মা আৰু বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়া

Published: 

03 Mar 2025 14:32 PM

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাপে ক্ৰমাগত দ্বিতীয়টো আইচিচি খিতাপৰ সন্ধানত নামিছে ৰোহিত শৰ্মা। বিগত বৰ্ষত ভাৰতীয় দলক নেতৃত্ব দি ৰোহিত শৰ্মাই টি-২০ বিশ্বকাপ জয় কৰাৰ পিছত এতিয়া অপৰাজেয় গতিৰে চলিত চেম্পিয়নছ ট্ৰফীৰ ছেমিফাইনেলত উপনীত হৈছে। তাৰ পূৰ্বে ২০২৩ চনত এদিনীয়া বিশ্বকাপ আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপতো ৰোহিতৰ নেতৃত্বত ফাইনেলপৰ্যন্ত আগুৱাছিল ভাৰতক। পিছে চলিত চেম্পিয়নছ ট্ৰফীৰ মাজতে ভাৰতীয় অধিনায়কগৰাকীক উদ্দেশ্যি কংগ্ৰেছৰ এগৰাকী নেত্ৰীয়ে কৰিছিল এক বিতৰ্কিত পোষ্ট।

কংগ্ৰেছ নেত্ৰী তথা দলটোৰ মুখপাত্ৰ ডাঃ শ্বামা মহম্মদে নিজা এক্স হেণ্ডেল যোগে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাক শকত বুলি অভিহিত কৰাৰ লগতে ভাৰতীয় ইতিহাসৰ আটাইতকৈ অপ্ৰভাৱশালী অধিনায়ক বুলিও অভিহিত কৰিছিল। তেওঁৰ এই পোষ্টটোৱে সমগ্ৰ দেশতে ব্যাপক বিতৰ্কৰ সৃষ্টি কৰিছিল। এনে পৰিস্থিতিত কংগ্ৰেছ দলে বিষয়টোত হস্তক্ষেপ কৰি স্পষ্টীকৰণ দিয়ে আৰু লগতে নিজ দলৰ নেত্ৰীগৰাকীক ছ’চিয়েল মিডিয়াৰ পৰা তেওঁৰ পোষ্ট আঁতৰাবলৈ নিৰ্দেশ দিয়ে।

ইফালে এই বিতৰ্ক সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই। শ্বামা মহম্মদৰ এই বক্তব্যক তীব্ৰ গৰিহণা দি দেৱজিৎ শইকীয়াই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘এজন দায়িত্বশীল ব্যক্তিৰ বাবে এনে তুচ্ছ মন্তব্য কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক’ বুলি মন্তব্য কৰে। ভাৰতীয় দল সম্প্ৰতি এক গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাৰ মাজত আছে আৰু তেনে সময়ত এনে মন্তব্যৰ ফলত দল তথা খেলুৱৈসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে বুলি তেওঁ লগতে কয়।

এইদৰে কংগ্ৰেছ নেত্ৰীগৰাকীৰ মন্তব্যক গৰিহণা দি বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই লগতে এনে মন্তব্য নকৰিবলৈ অনুৰোধ জনায়। উল্লেখ্য যে কংগ্ৰেছৰ মুখপাত্ৰ তথা পেছাত দন্ত চিকিৎসক ডাঃ শ্বামা মহম্মদে নিজৰ এক্স একাউণ্টত ৰোহিতক টেগ কৰি এটা পোষ্টত লিখিছিল, “এজন খেলুৱৈ হিচাপে ৰোহিত শৰ্মা অধিক শকত। তেওঁৰ ওজন কমাব লাগিব। আৰু নিশ্চিতভাৱে ৰোহিত ভাৰতৰ আটাইতকৈ অপ্ৰভাৱশালী অধিনায়ক।”

তেওঁৰ এই পোষ্টটো মুহূৰ্ততে ভাইৰেল হৈ পৰে আৰু এনে মন্তব্যৰ বাবে তীব্ৰ নিন্দাৰ সন্মুখীন হয়। ইয়াৰ পিছতে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ অধ্যক্ষ পৱন খেৰাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ স্পষ্টীকৰণ দি নিজা এক্স হেণ্ডেলত কয় যে দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ডাঃ শ্বামা মহম্মদে কিংবদন্তি ক্ৰিকেটাৰগৰাকীৰ সন্দৰ্ভত কৰা মন্তব্যই দলটোৰ আনুষ্ঠানিক দৃষ্টিভংগীক প্ৰতিনিধিত্ব নকৰে। শ্বামা মহম্মদক তেওঁৰ পোষ্ট ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিয়া বুলিও পৱন খেৰাই লগতে কয়।

জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে সমান্তৰালকৈ শ্বামা মহম্মদক ভৱিষ্যতে এনে পোষ্টৰ পৰা আঁতৰি থাকিবলৈও পৰামৰ্শ দিয়া হৈছে বুলি জানিবলৈ দিয়ে। ইয়াৰ পিছতে শ্বামা মহম্মদে এই বিতৰ্কিত পোষ্টটো ডিলিট কৰে। তেওঁ লগতে নিজৰ বক্তব্য স্পষ্ট কৰি কাকো অপমান কৰিবলৈ এই টুইট কৰা নাছিল বুলি মন্তব্য কৰে। টুইটটোৰ জৰিয়তে তেওঁ কেৱল এগৰাকী খেলুৱৈ হিচাপে ৰোহিতৰ ওজন অতিৰিক্ত বুলি ক’ব বিচাৰিছিল আৰু কোনো বডি শ্বেমিং কৰা নাই বুলি উল্লেখ কৰে শ্বামা মহম্মদে।

ভুলতো বেগত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আৰ্থিক সমস্যাই...
মূৰত টুপী, হাতত কেমেৰা, সন্মুখত সিংহ... বিশ্ব বন্যপ্ৰাণী দিৱসত বিশেষ ৰূপত প্ৰধানমন্ত্ৰী মোদী
Holi 2025: ফাকুৱা বা হোলী উৎসৱ কিয় পালন কৰা হয় জানক
কিদৰে পাালন কৰিব লাগে ৰমজানৰ ৰোজা? জানক সবিশেষ