ভাৰতত বিশ্বকাপ খেলিবলৈ নাহে পাকিস্তান! বিচিচিআইয়ে ল’ব এনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ভাৰতত অনুষ্ঠিত হ’বলগীয়া মহিলা বিশ্বকাপৰ বাবে ভাৰতলৈ নাহে পাকিস্তান ক্ৰিকেট দল। এনে পৰিস্থিতিত এতিয়া বিশ্বকাপৰ বাবে বিচিচিআইয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব লগা হৈছে। বিশ্বকাপ আয়োজনৰ বাবে বিচিচিআইয়ে ইতিমধ্যে পাঁচটা স্থান নিৰ্ধাৰণ কৰিছে। পাকিস্তান দলৰ বাবেও এক বিকল্প পন্থা হাতত কৰিছে বিচিচিআইয়ে।

ভাৰতত বিশ্বকাপ খেলিবলৈ নাহে পাকিস্তান! বিচিচিআইয়ে ল’ব এনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত...

বিশ্বকাপ সন্দৰ্ভত বিচিচিআইৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Published: 

24 Mar 2025 23:43 PM

প্ৰায় ৮ বছৰৰ পিছত চলিত বৰ্ষত অনুষ্ঠিত হৈছিল আইচিচিৰ অন্যতম এক প্ৰধান ইভেণ্ট চেম্পিয়নছ ট্ৰফী। এই প্ৰতিযোগিতাৰ আয়োজনৰ স্বত্ব লাভ কৰিছিল ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানে। এইদৰে প্ৰায় ২৯ বছৰৰ পিছত দেশখনে কোনো আইচিচি ইভেণ্ট আয়োজনৰ সুবিধা লাভ কৰিছিল। প্ৰতিযোগিতাখন সফল কৰি তুলিবলৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে সেয়ে চলাইছিল ব্যাপক প্ৰস্তুতি। কিন্তু চেম্পিয়নছ ট্ৰফী আৰম্ভ হোৱাৰ আগে আগে বিচিচিআইৰ এক সিদ্ধান্তক কেন্দ্ৰ কৰি প্ৰতিযোগিতাখনৰ আয়োজনৰ স্থান অনিশ্চয়তাৰ মাজত সোমাই পৰিছিল।

বিচিচিআইয়ে প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দল পাকিস্তানলৈ প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰি হাইব্ৰিড মডেলত চেম্পিয়নছ ট্ৰফী আয়োজনৰ প্ৰস্তাৱ দিয়ে। আনহাতে বিচিচিআইৰ এই প্ৰস্তাৱত পিচিবিয়ে প্ৰথম অৱস্থাত সন্মতি জনোৱাৰ পৰা বিৰত থাকে। অৱশ্যে পিছত দীঘলীয়া বৈঠকৰ অন্তত হাইব্ৰিড মডেলত পিচিবিয়ে সন্মতি জনায় আৰু ভাৰতৰ সকলো মেচ ডুবাইতে অনুষ্ঠিত হয়। হাইব্ৰিড মডেলত সন্মতি দিয়াৰ সময়ত পিচিবিয়ে আন কিছুমান চৰ্তও আৰোপ কৰে।

এনে এক চৰ্ত অনুসৰিয়েই এতিয়া চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ভাৰতত অনুষ্ঠিত হ’বলগীয়া মহিলা বিশ্বকাপৰ বাবে ভাৰতলৈ নাহে পাকিস্তান ক্ৰিকেট দল। এনে পৰিস্থিতিত এতিয়া বিশ্বকাপৰ বাবে বিচিচিআইয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব লগা হৈছে। বিশ্বকাপ আয়োজনৰ বাবে বিচিচিআইয়ে ইতিমধ্যে পাঁচটা স্থান নিৰ্ধাৰণ কৰিছে। পাকিস্তান দলৰ বাবেও এক বিকল্প পন্থা হাতত কৰিছে বিচিচিআইয়ে।

অৱশ্যে এইপৰ্যন্ত বিশ্বকাপত পাকিস্তানৰ স্থান নিশ্চিত হোৱা নাই। অহা মাহত হ’বলগীয়া বিশ্বকাপৰ কোৱালিফায়াৰত অংশগ্ৰহণ কৰি পাকিস্তানে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জনৰ চেষ্টা চলাব। যদি পাকিস্তানে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে, তেতিয়া আন কোনো নিৰপেক্ষ স্থানত পাকিস্তানৰ মেচ আয়োজনৰ বাবে বিচিচিআইয়ে সিদ্ধান্ত গ্ৰহণ কৰিব।

চেম্পিয়নছ ট্ৰফীৰ ক্ষেত্ৰত বিচিচিআই আৰু পিচিবিৰ মাজত হোৱা চুক্তিৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিচিচিআইয়ে। এই চুক্তি অনুসৰি ২০২৪-২৭ চনৰ ভিতৰত হ’বলগীয়া আইচিচি প্ৰতিযোগিতাসমূহৰ মেচসমূহ নিৰপেক্ষ স্থানত খেলিব ভাৰত আৰু পাকিস্তানে। উল্লেখ্য যে আগন্তুক মহিলা বিশ্বকাপৰ মেচসমূহ ইন্দোৰ, বিশাখাপট্টনম, তিৰুৱনন্তপুৰম, গুৱাহাটী আৰু মুলনপুৰ (চণ্ডীগড়)ত অনুষ্ঠিত হ’ব।

Period Cramps: মাহেকীয়াত পেটৰ বিষৰ সমস্যা কিয় হয়?
Hanuman Janmotsav 2025: হনুমান জয়ন্তী কেতিয়া? জানক পূজাৰ শুভ সময়
ধনৰ অভাৱ দূৰ কৰিবলৈ পাকঘৰত ৰাখক এই বস্তু, জানক সবিশেষ...
কৰমুক্ত IPLৰ পৰা কিদৰে ধন উপাৰ্জন কৰে চৰকাৰে?