কেতিয়াৰ পৰা হ’ব আৰম্ভ হ’ব আই পি এল ২০২৫? প্ৰকাশ পালে তাৰিখ….
চেম্পিয়নছ ট্ৰফীৰ চৰ্চাৰ মাজতে ক্ৰিকেট অনুৰাগীৰ বাবে আহিছে আন এক গুৰুত্বপূৰ্ণ খবৰ। বিশ্বৰ আটাইতকৈ ব্যয়বহুল ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পৰৱৰ্তী সংস্কৰণ সন্দৰ্ভত প্ৰকাশ পাইছে এই খবৰ। আই পি এল ২০২৫ কেতিয়াৰ পৰা আৰম্ভ হ’ব, সেই লৈ অনুৰাগীৰ মাজত কিছু উৎকণ্ঠা আছিল। বিচিচিআইয়ে আজি এই বিষয়ে ঘোষণা কৰিছে।
ক্ৰিকেট বিশ্বত এতিয়া চেম্পিয়নছ ট্ৰফীৰ বতাহ। গত কিছুদিন ধৰি আইচিচিৰ এই প্ৰতিযোগিতাক লৈ চলিছে ব্যাপক চৰ্চা। চেম্পিয়নছ ট্ৰফীৰ এই চৰ্চাৰ মাজতে ক্ৰিকেট অনুৰাগীৰ বাবে আহিছে আন এক গুৰুত্বপূৰ্ণ খবৰ। বিশ্বৰ আটাইতকৈ ব্যয়বহুল ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পৰৱৰ্তী সংস্কৰণ সন্দৰ্ভত প্ৰকাশ পাইছে এই খবৰ। আই পি এল ২০২৫ কেতিয়াৰ পৰা আৰম্ভ হ’ব, সেই লৈ অনুৰাগীৰ মাজত কিছু উৎকণ্ঠা আছিল। বিচিচিআইয়ে আজি এই বিষয়ে ঘোষণা কৰিছে।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআইৰ বিশেষ সাধাৰণ সভাত এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাৰ অন্তত বিচিচিআইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই এই সিদ্ধান্ত সম্পৰ্কে ঘোষণা কৰে। এই ঘোষণা অনুসৰি অহা ২৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫। অৱশ্যে ছিজনৰ সূচী এতিয়ালৈকে মুকলি কৰা হোৱা নাই। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত ৰাজীৱ শুক্লাই এই বিষয়ে সদৰী কৰিছে।
তেওঁ উল্লেখ কৰা মতে, বৈঠকত বিচিচিআইৰ সচিব আৰু কোষাধ্যক্ষ নিৰ্বাচনৰ বিষয়টিয়েই প্ৰধান বিষয় আছিল। বৈঠকত লগতে আই পি এল আৰম্ভণিৰ তাৰিখ আৰু ৱ’মেন প্ৰিমিয়াৰ লীগৰ স্থানসমূহো নিৰ্ধাৰণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। আই পি এল আৰম্ভণিৰ তাৰিখ সম্পৰ্কে আজি ঘোষণা কৰিলেও ৱ’মেন প্ৰিমিয়াৰ লীগৰ স্থান সন্দৰ্ভত অতি সোনকালে ঘোষণা কৰা হ’ব বুলি তেওঁ লগতে কয়।
উল্লেখ্য যে বিগত সংস্কৰণৰ আই পি এল ২২ মাৰ্চৰ পৰা আৰম্ভ হৈছিল। ছিজনৰ প্ৰথমখন মেচ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু চেন্নাই চুপাৰ কিংছৰ মাজত অনুষ্ঠিত হৈছিল। আনহাতে, ২৬ মে’ত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত ফাইনেল মেচ অনুষ্ঠিত হৈছিল। এই সংস্কৰণত জয়েৰে তৃতীয়বাৰৰ বাবে খিতাপ জয় কৰিছিল কলকাতাই।
ইফালে ৰাজীৱ শুক্লাই আজি চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দল ঘোষণা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰাজীৱ শুক্লাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে কয় যে অহা ১৮ বা ১৯ জানুৱাৰীত বাছনি সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব। অৰ্থাৎ ইয়াৰ পিছতহে চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হ’ব।