বিদেশত ক্ৰিকেট খেলিবলৈ গ’লে পৰিয়ালৰ সদস্যক কিমান দিন লগত ৰাখিব পাৰিব এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে ?
শেহতীয়া টেষ্ট ছিৰিজত শোচনীয় পৰাজয়ৰ পাচত বিচিচিআইয়ে খেলুৱৈসকলৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলৈ ওলাইছে এক বিশেষ নিয়ম । অতি শীঘ্ৰে প্ৰৱৰ্তন কৰিবলৈ ওলোৱা এই নিয়ম প্ৰতিজন খেলুৱৈয়ে মানি চলিব লাগিব । চাওক সবিশেষ-
ই এছ পি এন ক্ৰিক্ ইনফ’ৰ এক প্ৰতিবেদন অনুসৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে টীম ইণ্ডিয়াৰ বিদেশ ভ্ৰমণৰ সময়ত কঠোৰ প্ৰট’কল ৰূপায়ণ কৰিবলৈ সাজু হৈছে । প্ৰতিবেদনত আৰু কোৱা হৈছে যে বিচিচিআইয়ে খেলুৱৈসকলক পৰিয়ালৰ সৈতে ভ্ৰমণকালত কটোৱা সময় সীমিত কৰিব । অনুশীলন আৰু মেচৰ সময়ত অহা-যোৱা কৰিবলৈও খেলুৱৈসকলক স্বতন্ত্ৰ পৰিবহণত নিষেধাজ্ঞা আৰোপ কৰা হ’ব ।
৪৫ দিনৰ ভ্ৰমণকালত খেলুৱৈসকলৰ পৰিয়ালৰ সদস্যসকল মাত্ৰ ১৪ দিনহে তেওঁলোকৰ লগত থাকিব পাৰিব । ইফালে বিদেশত চুটি ভ্ৰমণৰ সময়ত খেলুৱৈৰ পৰিয়ালৰ সদস্যসকলে এসপ্তাহলৈকে থাকিব পাৰে ।
ESPNcricinfo ৰ মতে, টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা, মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু মুখ্য নিৰ্বাচক অজিত আগৰকাৰে যোৱা শনিবাৰে মুম্বাইত বিচিচিআইৰ বিষয়াসকলক সাক্ষাৎ কৰি নতুন প্ৰট’কলৰ বিষয়ে অৱগত কৰে ।
শেহতীয়াকৈ সমাপ্ত হোৱা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ ত অষ্ট্ৰেলিয়াৰ হাতত ৩-১ ত হতাশাজনক পৰাজয় স্বীকাৰ কৰি টিম ইণ্ডিয়াই লৰ্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) ফাইনেলৰ বাবে যোগ্যতা অৰ্জনৰ সুযোগ হেৰুৱায় ।
অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটছমেন বিৰাট কোহলী বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী আৰু সামগ্ৰিকভাৱে ২০২৪/২৫ চনৰ টেষ্ট ক্ৰিকেটৰ অতি হতাশাজনক প্ৰদৰ্শনৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হয় । ৰোহিত শৰ্মা (তিনিখন মেচত ৩১ ৰান আৰু ৫ ইনিংছত ৬.২০ গড়) আৰু বিৰাট কোহলি (৫খন মেচত ১৯০ ৰান আৰু ২৩.৭৫ গড়ে ৯ ইনিংছত ১ টা শতক) বেটিঙত দুয়োৰে চূড়ান্ত বিপৰ্যয় দেখা গৈছে । গোটেই ছিৰিজখনতে বিৰাটে আউটছাইড অফ ষ্টাম্পৰ ফান্দত পৰিছিল, বিশেষকৈ পেচাৰ স্কট ব’লেণ্ডে তেওঁক চাৰিবাৰকৈ আউট কৰিছিল ।
২০২৪-২৫ বৰ্ষৰ টেষ্ট ছিজন ‘ৰো-কো’ (ৰোহিত আৰু কোহলী)ৰ বাবে দুৰ্বিষহ । ৰোহিতে আঠখন মেচ আৰু ১৫ ইনিংছত গড়ে ১০.৯৩ ৰান কৰি মাত্ৰ ১৬৪ ৰান সংগ্ৰহ কৰি ৫২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে বিৰাটে ১০খন মেচ আৰু ১৯ ইনিংছত ২২.৮৭ গড়ে ৩৮২ ৰান সংগ্ৰহ কৰিবলৈহে সক্ষম হৈছিল ।