বিচিচিআইৰ একাউণ্টত ধনৰ বন্যাঃ এবছৰতে আয় হ’ল ৪২০০ কোটি টকা
সাম্প্ৰতিক সময়ত ক্ৰিকেট বিশ্বৰ আটাইতকৈ ধনৱন্ত ক্ৰিকেট ব’ৰ্ড হিচাপে পৰিগণিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআই। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ক্ষেত্ৰত প্ৰতিনিয়ত বৃদ্ধি পাইছে উপাৰ্জন। আৰু সেইবাবেই ব’ৰ্ডৰ বেংক বেলেঞ্চো ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই বৃদ্ধিৰ পৰিমাণো সাধাৰণ নহয়, বৰঞ্চ ৪ হাজাৰ কোটিতকৈও অধিক।

এসময়ত স্প’নছৰ বিচাৰি হাবাথুৰি খাবলগা হৈছিল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। খেলুৱৈৰ পাৰিশ্ৰমিকৰ বাবেও নাছিল টনকীয়াল পুঁজি। তেনে এক অৱস্থাৰ পৰা ক্ৰমাৎ আগুৱাই আহি আজি ক্ৰিকেট বিশ্বৰ আটাইতকৈ ধনৱন্ত ক্ৰিকেট ব’ৰ্ড হিচাপে পৰিগণিত হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআই। এনে শক্তিশালী আৰ্থিক স্থিতিৰ বাবেই এতিয়া আইচিচিৰ ভিতৰতো বিচিচিআই বিশেষ প্ৰভাৱশালী হৈ পৰিছে। সাধাৰণতে ব্যৱসায়িক ক্ষেত্ৰত বৃ্হৎ কোম্পানীৰ উত্থান-পতন সাধাৰণ নিয়ম। কিন্তু এই নিয়মৰ যেন উৰ্ধত বিচিচিআই।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ক্ষেত্ৰত প্ৰতিনিয়ত বৃদ্ধি পাইছে উপাৰ্জন। আৰু সেইবাবেই ব’ৰ্ডৰ বেংক বেলেঞ্চো ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই বৃদ্ধিৰ পৰিমাণো সাধাৰণ নহয়, বৰঞ্চ ৪ হাজাৰ কোটিতকৈও অধিক। হয়, যোৱা বিত্তীয় বৰ্ষত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ বেংক বেলেঞ্চ প্ৰায় ৪২০০ কোটি টকা বৃদ্ধি পাইছে। এইদৰে বৃ্হৎ পৰিমাণৰ মুনাফা বৃদ্ধিৰ ফলত এতিয়া বিচিচিআইৰ একাউণ্টত ২০ হাজাৰ কোটিতকৈও অধিক টকা জমা হৈছে।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দৰে বিশ্বৰ আটাইতকৈ ধনৱন্ত ক্ৰিকেট লীগ চলোৱা্ৰ লগতে আইচিচিৰ পৰা ধনৰ সৰ্বাধিক অংশ লাভৰ সুবাদত ভাৰতীয় ব’ৰ্ডৰ আয় আন যিকোনো দেশৰ ক্ৰিকেট ব’ৰ্ডতকৈ অধিক। প্ৰতি বছৰে ইয়াৰ জৰিয়তে বিচিচিআইয়ে বিপুল উপাৰ্জন কৰে। আৰু এইদৰে প্ৰতি বছৰে বিচিচিআইৰ একাউণ্টত বিপুল পৰিমাণৰ ধন জমা হয়। এক প্ৰতিবেদন অনুসৰি এইবাৰ আয়ৰ এই ধনৰাশি প্ৰায় ৪২০০ কোটি টকা।
এক প্ৰতিবেদন অনুসৰি ২০২৩ বিত্তীয় বৰ্ষত ব’ৰ্ডৰ সৈতে নগদ ধন আৰু বেংকৰ বেলেঞ্চ প্ৰায় ১৬৪৯৩ কোটি টকা আছিল আৰু এই পৰিমাণ এতিয়া ২০,৬৮৬ কোটি টকালৈ বৃদ্ধি পাইছে। এইদৰে বিচিচিআইৰ তহবিলত এবছৰতে প্ৰায় ৪২০০ কোটি টকা বৃদ্ধি হৈছে। কেৱল এয়াই নহয়, যোৱা বিত্তীয় বৰ্ষত ব’ৰ্ডৰ মুঠ উপাৰ্জনে আশা কৰাতকৈও অধিক হৈছে। বিচিচিআইয়ে এই বিত্তীয় ব’ৰ্ডত প্ৰায় ৮৯৯৫ কোটি টকা উপাৰ্জন কৰিছে।
এতিয়া চলিত বিত্তীয় বৰ্ষত বিচিচিআইয়ে ১০ হাজাৰ কোটিতকৈ অধিক উপাৰ্জন কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে বিচিচিআইৰ আয়ৰ মূল উৎস হৈছে আই পি এল আৰু ভাৰতীয় দলৰ মেচৰ সম্প্ৰচাৰৰ অধিকাৰস্বত্বৰ দ্বাৰা। ২০২২ চনত বিচিচিআইয়ে ৫ বছৰৰ বাবে আই পি এলৰ সম্প্ৰচাৰৰ অধিকাৰস্বত্ব প্ৰায় ৪৮ হাজাৰ কোটি টকাত বিক্ৰী কৰিছিল। ইয়াৰ বাবে প্ৰতি বছৰে ব’ৰ্ডৰ আয় বৃদ্ধি পায়।
আনহাতে ২০২৩ চনত ব’ৰ্ডে ভাৰতীয় ক্ৰিকেটৰ সম্প্ৰচাৰৰ অধিকাৰস্বত্ব ৫৯৬৩ কোটি টকাত বিক্ৰী কৰিছিল। ইয়াৰ উপৰিও আইচিচিৰ ৰাজহ পৰা বিচিচিআইয়ে ৩৯ শতাংশ ধন লাভ কৰে। অৰ্থাৎ ইয়াৰ পৰাও ভাৰতীয় ব’ৰ্ডৰ আয় যথেষ্ট বেছি। তদুপৰি বিচিচিআইয়ে মহিলা প্ৰিমিয়াৰ লীগৰ সম্প্ৰচাৰ অধিকাৰস্বত্ব, ফ্ৰেঞ্চাইজি মাচুল আৰু অন্যান্য স্প’নচৰৰৰ পৰাও বিপুল আয় কৰে।



