5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ছিডনী টেষ্টৰ পৰা বাহিৰ আকাশদীপ, নাথাকে ৰোহিতো! অনুশীলনস্থলীৰ পৰা পোৱা গ’ল ইংগিত

এই শৃংখলাত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা চূড়ান্ত ৰূপে ব্যৰ্থ হৈ পৰিছে। ৰোহিতে এতিয়ালৈকে ৩খন মেচৰ ৫ ইনিংছত মাত্ৰ ৬.২০ গড়ে ৩১ ৰান সংগ্ৰহ কৰিছে। এনে ব্যৰ্থতাৰ পিছত ৰোহিতৰ টেষ্ট কেৰিয়াৰৰ ভৱিষ্যত সন্দিহান হৈ পৰিছে। এতিয়া শেহতীয়া কিছু দৃশ্যই এই শংকা অধিক ঘণীভূত কৰি তুলিছে।

ছিডনী টেষ্টৰ পৰা বাহিৰ আকাশদীপ, নাথাকে ৰোহিতো! অনুশীলনস্থলীৰ পৰা পোৱা গ’ল ইংগিত
অনিশ্চয়তাত ৰোহিতৰ টেষ্ট কেৰিয়াৰ!
monjit-dutta
Monjit Dutta | Published: 02 Jan 2025 14:00 PM

শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পঞ্চম তথা অন্তিমখন টেষ্ট। ইতিমধ্যে শৃংখলাৰ চতুৰ্থখন মেচত মেলবৰ্ণত দৰ্শনীয় জয়েৰে অষ্ট্ৰেলিয়াই ২-১ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে। এতিয়া ইয়াৰ লগে লগে বিগত চাৰিটা সংস্কৰণৰ পিছত প্ৰথমবাৰ এই শৃংখলাত ভাৰতৰ আধিপত্য ৰোধ কৰিবলৈ সক্ষম হৈছে অষ্ট্ৰেলিয়াই। এতিয়া ছিডনী টেষ্ট ড্ৰ’ কৰিলেই ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী হস্তগত কৰিব কেংগাৰু বাহিনীয়ে। ইফালে পাৰ্থ টেষ্ট জয়ৰ পিছত পৰৱৰ্তী তিনিখন মেচত শোচনীয় বেটিং প্ৰদৰ্শনেৰে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী হেৰুওৱাৰ শংকাত ভুগিছে ভাৰতে।

ইয়াৰ সমান্তৰালকৈ ভাৰতৰ বাবে এতিয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ স্বপ্নও দুৰূহ হৈ পৰিছে। এতিয়া ছিডনী টেষ্টত জয়েৰে ভাৰতে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ড্ৰ’ কৰাৰ লগতে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ আশাও কিঞ্চিত জীয়াই ৰাখিব পাৰিব। এইক্ষেত্ৰত প্ৰধানকৈ ভাৰতীয় বেটিং বিভাগৰ প্ৰদৰ্শন হ’ব গুৰুত্বপূৰ্ণ। মূলতঃ দুৰ্বল বেটিং প্ৰদৰ্শনৰ বাবেই এডিলেইড আৰু মেলবৰ্ণ টেষ্টত পৰাজয়ৰ সন্মুখীন হৈছে ভাৰতীয় দল।

এই শৃংখলাত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা চূড়ান্ত ৰূপে ব্যৰ্থ হৈ পৰিছে। পাৰ্থ টেষ্টত অনুপস্থিত ৰোহিতে পৰৱৰ্তী তিনিওখন মেচতে দলৰ নেতৃত্ব বহন কৰিছে যদিও তেওঁৰ বেটিং প্ৰদৰ্শন অত্যন্ত শোচনীয়। ৰোহিতে এতিয়ালৈকে ৩খন মেচৰ ৫ ইনিংছত মাত্ৰ ৬.২০ গড়ে ৩১ ৰান সংগ্ৰহ কৰিছে। এনে ব্যৰ্থতাৰ পিছত ৰোহিতৰ টেষ্ট কেৰিয়াৰৰ ভৱিষ্যত সন্দিহান হৈ পৰিছে। এতিয়া শেহতীয়া কিছু দৃশ্যই এই শংকা অধিক ঘণীভূত কৰি তুলিছে।

ছিডনীত অনুষ্ঠিত হ’বলগীয়া পঞ্চম টেষ্টতে ৰোহিত দলত নাথাকিব পাৰে বুলি চৰ্চা চলিছে। কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া এই গুৰুত্বপূৰ্ণ মেচখনৰ বাবেআনুশীলনত ব্যস্ত ভাৰতীয় দল। ভাৰতীয় দলৰ ফিল্ডিং অনুশীলনৰ এখন বিশেষ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। সাধাৰণতে খেলপথাৰত শ্লিপত ফিল্ডিং কৰা দেখা যায় ৰোহিতক। ছিডনী টেষ্টৰ বাবে দলৰ আন খেলুৱৈসকলে নিজ স্থানত ফিল্ডিং কৰে যদিও দেখা নগ’ল ৰোহিতক।

কোহলী, ৰাহুল, নীতিশ ৰেড্ডী, যশস্বী জয়ছোৱাল আৰু শুভমন গিলক শ্লিপত ফিল্ডিং কৰা দেখা গৈছে যদিও ৰোহিত শৰ্মাক এই অনুশীলনৰ সময়ত অনুপস্থিত দেখা যায়। এই ছবিখন প্ৰকাশ হোৱাৰ পিছতে ছিডনীত ৰোহিত দলত নাথাকিব বুলি চৰ্চা অধিক হৈ পৰিছে। সমান্তৰালকৈ অনুশীলনৰ সময়ৰ আন দুখন ছবিয়েই এই সন্দেহ অধিক কৰি তুলিছে। ইয়াৰে এখনত প্ৰশিক্ষক গম্ভীৰৰ সৈতে বুমৰাহক আলোচনাৰত অৱস্থাত দেখা গৈছে।

পাৰ্থ টেষ্টত বুমৰাহৰ নেতৃত্বতে ভাৰতে জয়লাভ কৰি শৃংখলাত অগ্ৰগতি লাভ কৰিছিল। এতিয়া ছিডনীত পুনৰ বুমৰাহে নেতৃত্ব চম্ভালিব পাৰে বুলি চৰ্চা চলিছে। লগতে মুখ্য নিৰ্বাচক অজিত আগৰকাৰৰ সৈতে গম্ভীৰৰ আলোচনাৰ ছবিয়েও এনে সম্ভাৱনাই প্ৰকট কৰা বুলি আলোচিত হৈছে। আনকি সংবাদমেলত গৌতম গম্ভীৰক ছিডনীত ৰোহিতৰ স্থান সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ টছৰ সময়ত মূল একাদশৰ সিদ্ধান্ত লোৱা হ’ব বুলি উল্লেখ কৰিছিল।

এইদৰে অধিনায়ক ৰোহিতৰ স্থানৰ প্ৰসঙ্গ স্পষ্টকৈ এৰাই চলাত অনুৰাগীৰ মাজত চৰ্চা তীব্ৰতৰ হৈ পৰিছে। অৱশ্যে ছিডনীত বেটিং অনুশীলনৰ সময়ত ৰোহিতক নেট অনুশীলন চলোৱা দেখা গৈছে। তেওঁৰ সৈতে পিছে গিলকো বেটিং অনুশীলন কৰা দেখা গৈছে। ইফালে এই অন্তিম টেষ্টখনৰ পৰা বাহিৰ হৈছে পেচাৰ আকাশদীপ। পিঠিৰ সমস্যাৰ বাবে পঞ্চম টেষ্টত তেওঁ দলত নাথাকিব বুলি সন্বাদ মেলত জানিবলৈ দিয়ে গম্ভীৰে। তেওঁৰ স্থানত এতিয়া হৰ্ষিত ৰানাই পুনৰ সুযোগ পোৱাৰ সম্ভাৱনা আছে।

Latest News