শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শতকৰ পিছতে বৈভৱলৈ ধনৰ উজানঃ মুখ্যমন্ত্ৰীয়েও ঘোষণা কৰিলে বৃহৎ ধনৰাশিৰ পুৰস্কাৰ

মাত্ৰ ১৪ বছৰ ৩২ দিন বয়সৰ বৈভৱে কালি জয়পুৰৰ পৰাই সমগ্ৰ ক্ৰিকেট বিশ্বক দিলে তেওঁৰ আগমণৰ সদম্ভ বতৰা। গুজৰাটৰ বিপক্ষে কিশোৰ বৈভৱে খেলা ঐতিহাসিক ইনিংছটোৰ পিছতে সকলোৰে মুখত ফুটি উঠিছে উচ্চ প্ৰশংসা। পিছ পৰি নাথাকিল বৈভৱৰ গৃহৰাজ্যৰ মুখ্যমন্ত্ৰীও। আনকি তেওঁ ঘোষণা কৰিছে বৃহৎ পৰিমাণৰ পুৰস্কাৰো।

শতকৰ পিছতে বৈভৱলৈ ধনৰ উজানঃ মুখ্যমন্ত্ৰীয়েও ঘোষণা কৰিলে বৃহৎ ধনৰাশিৰ পুৰস্কাৰ
Vaibhav SuryavanshiImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 29 Apr 2025 18:35 PM

সোমবাৰে দেখিবলৈ পোৱা গ’ল আই পি এল ২০২৫ৰ আটাইতকৈ চমকৃত দৃশ্য। সমগ্ৰ ক্ৰিকেট বিশ্বক হচকিত কৰি এগৰাকী ১৪ বৰ্ষীয় তৰুণে জয়পুৰত সৃষ্টি কৰিলে ইতিহাস। এক অকল্পনীয় অথচ বাস্তৱিক চমকেৰে জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত এই কিশোৰটিয়ে নিজৰ বেটেৰে তুলিলে ছয়-চাৰিৰ ফুলজাৰি। নিষ্প্ৰভ কৰি তুলিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ৰথী-মহাৰথীৰ পৰাক্ৰম। এফালৰ পৰা প্ৰতিপক্ষৰ সকলো প্ৰচেষ্টা ব্যৰ্থ কৰি তুলি ইটোৰ পিছত সিকোকে আক্ৰমণে মাত্ৰ ৩৮টা বলতে ১০১ ৰানৰ মাৰমুখী ইনিংছেৰে চৰ্চিত হৈ পৰিল সমগ্ৰ ক্ৰিকেট বিশ্বত।

নাম তেওঁৰ বৈভৱ সূৰ্যবংশী। মাত্ৰ ১৪ বছৰ ৩২ দিন বয়সৰ এই কিশোৰটিয়ে কালি জয়পুৰৰ পৰাই সমগ্ৰ ক্ৰিকেট বিশ্বক দিলে তেওঁৰ আগমণৰ সদম্ভ বতৰা। যদি এই বতৰাই পথ নেহেৰুৱাই, ভাৰতীয় ক্ৰিকেটে নিশ্চিতভাৱে লাভ কৰিব এক নতুন নক্ষত্ৰ। এই সম্ভাৱনা নিজেই দাঙি ধৰিছে বৈভৱে। কালি গুজৰাট টাইটানছৰ বিপক্ষে বৈভৱে মাত্ৰ ৩৮টা বলত ১১টা ছয় আৰু ৭টা ছয়েৰে গঢ়ে নিজৰ এই শতকীয় ইনিংছ।

মাত্ৰ ৩৫টা বলতে শতক সম্পূৰ্ণ কৰি বৈভৱে সৃষ্টি কৰে কেইবাটাও অভিলেখ। আই পি এলকে ধৰি যিকোনো পৰ্যায়ত ক্ৰিকেটৰ সকলো ফৰ্মেটত শতক অৰ্জন কৰা সৰ্বকনিষ্ঠ বেটাৰৰ পৰা আৰম্ভ কৰি আই পি এলত দ্ৰুততম শতক অৰ্জন কৰা ভাৰতীয় খেলুৱৈৰ লগতে আন কেইবাটাও অভিলেখ ৰচে বৈভৱে। কিশোৰ বৈভৱৰ এই ইনিংছটোৰ পিছতে সকলোৰে মুখত ফুটি উঠিছে উচ্চ প্ৰশংসা। পিছ পৰি নাথাকিল বৈভৱৰ গৃহৰাজ্যৰ মুখ্যমন্ত্ৰীও।

ক্ৰিকেট বিশ্বত এতিয়া নৱতম চাঞ্চল্য হৈ পৰা বৈভৱ হৈছে বিহাৰৰ বাসিন্দা। প্ৰকাশিত তথ্য অনুসৰি, কালি তেওঁ খেলা এই ঐতিহাসিক শতকীয় ইনিংছৰ পিছতে বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে বৈভৱ সূর্যবংশীৰ সৈতে ফোনযোগে কথা পাতি তেওঁৰ অতুলনীয় ইনিংছৰ বাবে অভিনন্দন জনায়৷ কেৱল এয়াই নহয়, মুখ্যমন্ত্ৰীয়ে তেওঁক পুৰস্কাৰ হিচাপে ১০ লাখ টকা দিয়াৰ কথাও ঘোষণা কৰে।

লক্ষণীয়ভাৱে এই বিশাল পৰিমাণৰ ধনৰাশিৰ পুৰস্কাৰ লাভৰ পূৰ্বে খেলৰ পিছৰ প্ৰেজেণ্টেচনতো বৈভৱে ৪ লাখ টকা পুৰস্কাৰ হিচাপে লাভ কৰিছিল। প্লেয়াৰ অৱ দ্য মেচৰ বাবে ১ লাখ টকা, সৰ্বাধিক ছয়ৰ বাবে ১ লাখ টকা আৰু ষ্ট্ৰাইকাৰ অৱ দ্য মেচৰ বাবে ১ লাখ টকা, ফেণ্টাছি কিং অৱ দ্য মেচৰ বাবে ১ লাখ টকাৰ পুৰস্কাৰ লাভ কৰিছিল বৈভৱে। তদুপৰি মেচ মাচুল ৰূপে লাভ কৰা ধনৰ সৈতে মিলি প্ৰায় ৩০ লাভ টকা লাভ কৰে বৈভৱে।