ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত দেখা যাব চেটেশ্বৰ পূজাৰাক! দেখা যাব নতুন ভূমিকাত…
অহা ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ আগে আগে আঘাতৰ সমস্যাই জুৰুলা কৰিছে ভাৰতীয় দলক। আঘাতৰ বাবে শৃংখলাৰ প্ৰথমখন টেষ্টৰ পৰা বাদ পৰিব পাৰে শুভমন গিল। ইফালে অধিনায়ক ৰোহিত শৰ্মাও প্ৰথমখন টেষ্টত অনিশ্চিত হৈ আছে। তাৰ মাজতে এই শৃংখলাত পূজাৰাৰ যোগদানৰ খবৰ পোহৰলৈ আহিছে।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে প্ৰস্তুতিত ব্যস্ত ভাৰতীয় ক্ৰিকেট দল। অহা ২২ নৱেম্বৰৰ পৰা এই গুৰুত্বপূৰ্ণ শৃংখলা আৰম্ভ হ’ব। কিন্তু তাৰ আগমুহূৰ্তত আঘাতৰ সমস্যাই জুৰুলা কৰিছে ভাৰতীয় দলক। আঘাতৰ বাবে শৃংখলাৰ প্ৰথমখন টেষ্টৰ পৰা বাদ পৰিব পাৰে শুভমন গিল। ইফালে অধিনায়ক ৰোহিত শৰ্মাও প্ৰথমখন টেষ্টত অনিশ্চিত হৈ আছে। ইফালে দলৰ এনে আভ্যন্তৰীণ পৰিস্থিতিৰ সময়তে ভাৰতীয় অনুৰাগীৰ বাবে এক বিশেষ খবৰ পোহৰলৈ আহিছে।
ব’ৰ্ডাৰ-গাভাস্কাৰ শৃংখলাৰ বাবে ঘোষিত ভাৰতীয় দলত স্থান লাভ কৰা নাছিল টেষ্ট বিশেষজ্ঞ চেটেশ্বৰ পূজাৰাক। এনে পৰিস্থিতিত ভাৰতীয় দলৰ অনুৰাগীসকল কিছু পৰিমাণে ক্ষুব্ধ হৈছিল। পিছে শেহতীয়া খবৰ অনুসৰি আগন্তুক এই শৃংখলাত দেখা যাব তাৰকা ক্ৰিকেটাৰগৰাকীক। অৱশ্যে খেলুৱৈ হিচাপে নহয়, আন এক ভূমিকাতহে দেখা যাব চেটেশ্বৰ পূজাৰাক। আগন্তুক ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত পূজাৰাই লাভ কৰিছে এক বিশেষ দায়িত্ব।
পূজাৰাই এই শৃংখলাত এগৰাকী ধাৰাভাষ্যকাৰ হিচাপে দায়িত্ব পালন কৰিব। ইয়াৰ বাবে তেওঁ যথেষ্ট পৰিমাণৰ ধনো লাভ কৰিব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পূজাৰাক হিন্দী কমেণ্টৰীৰ বাবে ষ্টাৰ স্প’ৰ্টছে চুক্তিবদ্ধ কৰিছে আৰু এনে পৰিস্থিতিত এই গুৰুত্বপূৰ্ণ শৃংখলাৰ সময়ত পূজাৰাই মেচৰ ধাৰা বিৱৰণী দিয়াৰ সমান্তৰালকৈ অনুৰাগীৰ সৈতে বিশেষজ্ঞ হিচাপে মতামত শ্বেয়াৰ কৰিব।
উল্লেখ্য যে ২০২৩ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পিছৰে পৰা ভাৰতীয় দলৰ পৰা বাহিৰত আছে চেটেশ্বৰ পূজাৰা। শেহতীয়াকৈ পূজাৰাই ৰঞ্জী ট্ৰফীৰ লগতে কাউন্টি ক্ৰিকেটতো উন্নত প্ৰদৰ্শন দাঙি ধৰিছিল যদিও জাতীয় দললৈ প্ৰত্যাৱৰ্তন সম্ভৱ নহ’ল। লক্ষণীয়ভাৱে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত পূজাৰাৰ প্ৰদৰ্শন যথেষ্ট উন্নত। এই শৃংখলাত পূজাৰাই এইপৰ্যন্ত ৫০.৮২ গড়ে ২০৩৩ ৰান সংগ্ৰহ কৰিছে।
এই শৃংখলাত চেটেশ্বৰ পূজাৰাই ৪ বাৰকৈ মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছে। আনহাতে বিৰাট কোহলীয়ে মাত্ৰ এবাৰহে এই কৃতিত্ব লাভ কৰিছে। আনহাতে ভাৰতীয় দলৰ বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মাই এইপৰ্যন্ত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত এনে সাফল্য লাভ কৰা নাই। এনে পৰিসংখ্যাই অষ্ট্ৰেলিয়াৰ বিপক্ষে এই শৃংখলাত পূজাৰাৰ প্ৰদৰ্শন স্পষ্টৰূপত তুলি ধৰিছে।