5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অনিশ্চয়তাত গাব্বা টেষ্টৰ ফলাফল! তৃতীয় দিনৰ পূৰ্বে আহিল এনে সংকটৰ খবৰ…

ব্ৰিজবেনৰ গাব্বাত শনিবাৰৰ পৰা আৰম্ভ হোৱা তৃতীয় টেষ্টৰ প্ৰথম দিনা মাত্ৰ ১৩.২ অভাৰৰ পিছতে বৰষুণৰ বাবে খেল স্থগিত ৰাখিবলগীয়া হয়। অৱশ্যে দ্বিতীয় দিনা কোনো হানি-বিঘিনি নঘটাকৈ ৮৮ অভাৰৰ খেল সম্পন্ন হয়। কিন্তু কাইলৈ পুনৰ গাব্বা টেষ্টত বৰষুণে বাধা দিয়াৰ সম্ভাৱনা আছে।

অনিশ্চয়তাত গাব্বা টেষ্টৰ ফলাফল! তৃতীয় দিনৰ পূৰ্বে আহিল এনে সংকটৰ খবৰ…
গাব্বা টেষ্টত বৰষুণৰ বাধা!
monjit-dutta
Monjit Dutta | Published: 15 Dec 2024 23:42 PM

ক্ৰিকেট বিশ্বৰ আটাইতকৈ ৰোমাঞ্চকৰ আৰু চৰ্চিত দ্বিপাক্ষিক শৃংখলা হিচাপে সদায়ে চৰ্চিত হৈ আহিছিল অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা এছেজ টেষ্ট শৃংখলা। পিছে এতিয়া এই শৃংখলাতকৈয়ো যেন অধিক ৰোমাঞ্চকৰ আৰু প্ৰতীক্ষিত শৃংখলা হিচাপে পৰিগণিত হৈছে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী। সাম্প্ৰতিক সময়ত শক্তি আৰু প্ৰদৰ্শনৰ দিশৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰতিদ্বন্দিতালৈ লক্ষ্য ৰাখি এই টেষ্ট শৃংখলাক এছেজতকৈয়ো আগস্থান দিয়া পৰিলক্ষিত হৈছে। চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীতে এয়া পুনৰ এবাৰ পৰিলক্ষিত হৈছে।

পাঁচখনীয়া এই শৃংখলাটোত এইপৰ্যন্ত ভাৰত আৰু অষ্ট্ৰেলিয়াই এখনকৈ মেচত জয়েৰে ১-১ ব্যৱধানত সমতা সমস্থিতিত আছে। শনিবাৰৰ পৰা শৃংখলাৰ তৃতীয়খন টেষ্ট আৰম্ভ হৈছে। ব্ৰিজবেনৰ গাব্বাত হোৱা এই টেষ্টখনৰ প্ৰথম দিনা পিছে মাত্ৰ ১৩.২ অভাৰৰ পিছতে বৰষুণৰ বাবে খেল স্থগিত ৰাখিবলগীয়া হয়। অৱশ্যে দ্বিতীয় দিনা কোনো হানি-বিঘিনি নঘটাকৈ ৮৮ অভাৰৰ খেল সম্পন্ন হয়। আজি ষ্টেমিয়ামত দৰ্শকৰ অভূতপূৰ্ব সঁহাৰিও দেখা গৈছিল।

গাব্বা টেষ্টত কাইলৈ তৃতীয়টো দিন। কাইলৈৰ এই দিনটোতো পিছে দৰ্শক তথা অনুৰাগীৰ আশা ভংগৰ সম্ভাৱনাই দেখা দিছে। বৰষুণৰ বাবে টেষ্টখনৰ তৃতীয় দিনাও ব্যাহত হোৱাৰ সম্ভাৱনা আছে। তৃতীয় দিনৰ বতৰৰ আগজাননীয়ে তেনে এক আশংকাই গা কৰি তুলিছে। বতৰৰ প্ৰতিবেদনৰ পৰা কাইলৈৰ বাবে হতাশাজনক দৃশ্যহে সমুখলৈ আহিছে। প্ৰতিবেদন অনুসৰি আগন্তুক দিনত গাব্বাত ধাৰাসাৰ বৰষুণ হ’ব পাৰে।

মেচৰ তৃতীয় দিনা অৰ্থাৎ কাইলৈও বৰষুণৰ সম্ভাৱনা আছে। পুৱাৰ ভাগত বৰষুণৰ সম্ভাৱনা অত্যন্ত বেছি আৰু সেয়ে প্ৰথমটো চেচন বৰষুণৰ বাবে বাতিল হোৱাৰ সম্ভাৱনাই অধিক। অৱশ্যে দূপৰীয়া ভাগত বৰষুণ হোৱাৰ সম্ভাৱনা কম। এনে পৰিস্থিতিত দ্বিতীয় আৰু তৃতীয় চেচনৰ খেল হোৱাৰ কিছু আশা আছে। যদি বতৰৰ এই প্ৰতিবেদন অনুসাৰেই কাইলৈ ব্ৰিজবেনত প্ৰকৃতিৰ ৰূপ দেখা যায়, তেতিয়াহে অনুৰাগীৰ কিছু হ’লেও আশা পূৰ হ’ব।

উল্লেখ্য যে টেষ্টখনৰ আজি দ্বিতীয় দিনাৰ খেল সামৰণিলৈ অষ্ট্ৰেলিয়াই ৭ উইকেটত ৪০৫ ৰান সংগ্ৰহ কৰিছে। ট্ৰেভিছ হেডে ভাৰতীয় দলক বিপৰ্যস্ত কৰি আজিও ১৫২ ৰানৰ আন এক শতকীয় ইনিংছ খেলে। শতক অৰ্জন কৰে অভিজ্ঞ ষ্টিভ’ স্মিথেও। আনহাতে ভাৰতৰ হৈ বুমৰাহে পাঁচটা উইকেট দখল কৰে। অষ্ট্ৰেলিয়াই ইতিমধ্যেই এক শক্তিশালী স্ক’ৰ থিয় কৰি ভাৰতীয় দলৰ সমুখত চিন্তাৰ পৰিস্থিতি সৃষ্টি কৰিছে।

এনে পৰিস্থিতিত মেচখনত সম্ভাৱনা জীয়াই ৰাখিবলৈ হ’লে ভাৰতীয় দলে কাইলৈ অতি সোনকালেই অষ্ট্ৰেলিয়াৰ আন তিনিটা উইকেট দখল কৰি দলটোৰ ইনিংছ সমাপ্তি ঘটাবলৈ চেষ্টা চলাব। আনহাতে অষ্ট্ৰেলিয়ায়ো নিজৰ স্ক’ৰত আৰু কিছু ৰান সংযোগ কৰিব বিচাৰিব। দলটোৰ এই ক্ষেত্ৰত প্ৰধান আশা হ’ব ৪৫ ৰানত অপৰাজিত থকা উইকেটকীপাৰ বেটাৰ এলেক্স কেৰী।

Latest News