5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মেলবৰ্ণত ক্ৰীজত টিকিবই নোৱাৰিব হেডে! এইগৰাকী ভাৰতীয় পেচাৰে দিলে মুকলি হুংকাৰ…

চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতৰ বিপক্ষে পৰিচিত ধাৰাবাহিকতা অব্যাহত ৰাখিছে ট্ৰেভিছ হেডে। পাৰ্থ টেষ্টত ব্যৰ্থ হ’লেও এডিলেইড আৰু গাব্বা টেষ্টত বিফোৰক শতকেৰে ভাৰতীয় বলিং আক্ৰমণক থকাসৰকা কৰি তুলিছে বাওঁহতীয়া বেটাৰগৰাকীয়ে। ভাৰতৰ বাবে এক কথাত মূৰৰ কামোৰণি হৈ পৰা হেডক মেলবৰ্ণ টেষ্টৰ পূৰ্বে হুংকাৰ দিছে এগৰাকী ভাৰতীয় পেচাৰে।

মেলবৰ্ণত ক্ৰীজত টিকিবই নোৱাৰিব হেডে! এইগৰাকী ভাৰতীয় পেচাৰে দিলে মুকলি হুংকাৰ…
ট্ৰেভিছ হেড
monjit-dutta
Monjit Dutta | Published: 22 Dec 2024 13:05 PM

সাম্প্ৰতিক সময়ছোৱাত ক্ৰিকেট বিশ্বৰ আটাইতকৈ শক্তিধৰ দল হিচাপে যিকোনো ফৰ্মেটতে ভাৰতীয় দলৰ নাম প্ৰথমৰ ফালেই উচ্চাৰিত হ’ব। বেটিং, বলিং, ফিল্ডিং আটাইকেইটা দিশতে ভাৰতীয় দলে প্ৰমাণ কৰিছে শক্তি। পিছে ভাৰতৰ এই শক্তি যেন নিষ্ক্ৰিয় হৈ পৰে এগৰাকী বিশেষ খেলুৱৈৰ সমুখত। ধাৰাবাহিকতা ৰক্ষাৰে বিগত সময়ছোৱাত ভাৰতীয় দলৰ সাফল্যৰ পথত দুৰ্ভেদ্য প্ৰাচীৰ হৈ থিয় দিছে এই খেলুৱৈজনে। শক্তিশালী ভাৰতীয় বলিং লাইন আপক হেলাৰঙে শক্তিহীন কৰি তোলা এই খেলুৱৈজন আন কোনো নহয়, অষ্ট্ৰেলিয়াৰ বিস্ফোৰক বেটাৰ ট্ৰেভিছ হেড।

বিগত বৰ্ষত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল আৰু এদিনীয়া বিশ্বকাপৰ ফাইনেলত শতকীয় ইনিংছেৰে ভাৰতৰ মুখৰ পৰা জয় কাঢ়ি নিছিল হেডে। ভাৰতৰ বিপক্ষে এই দুৰ্জয় গতি হেডে চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীটো অব্যাহত ৰাখিছে। পাৰ্থ টেষ্টত ব্যৰ্থ হ’লেও এডিলেইড আৰু গাব্বা টেষ্টত বিফোৰক শতকেৰে ভাৰতীয় বলিং আক্ৰমণক থকাসৰকা কৰি তুলিছে বাওঁহতীয়া বেটাৰগৰাকীয়ে। এনে ধাৰাবাহিকতাৰে ভাৰতৰ বাবে এক কথাত হেড এতিয়া মূৰৰ কামোৰণি হৈ পৰিছে।

চলিত শৃংখলাটোৰ চতুৰ্থখন টেষ্ট অহা ২৬ ডিচেম্বৰৰ পৰা মেলবৰ্ণত অনুষ্ঠিত হ’ব। দুয়োটা দলেই বক্সিং ডে’ টেষ্টখনৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে। শৃংখলাটোত এতিয়ালৈকে দুটা শতকেৰে সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰ হিচাপে হেডে পুনৰ মেলবৰ্ণতো ভাৰতীয় বলাৰৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ আশংকা কৰিছে সকলোৱে। তেনে শংকাৰ মাজতে ভাৰতীয় দলৰ এগৰাকী পেচাৰে হেড প্ৰসঙ্গত মেলবৰ্ণ টেষ্টৰ বাবে এক তীব্ৰ হুংকাৰ দিছে।

মেলবৰ্ণত হেডক ক্ৰীজত খোপনি পুতিবলৈকে দিয়া নহ’ব বুলি হুংকাৰ দিছে পেচাৰ আকাশদীপে। মেলবৰ্ণ টেষ্টৰ পূৰ্বে এক সংবাদ মেলত আকাশদীপে ভাৰতীয় দলৰ বলিং পৰিকল্পনা সম্পৰ্কে আভাস দাঙি ধৰে। বেগী বলাৰ হিচাপে অনুশাসন বজাই ৰাখি উইকেটৰ দুয়োটা দিশৰ পৰা বলিং কৰা হ’ব বুলি উল্লেখ কৰি আকাশদীপে লগতে পিটচ আৰু অৱস্থাৰ মূল্যায়ন কৰি সেই অনুসৰি পৰিকল্পনা কৰা হ’ব বুলি সংবাদ মেলত জানিবলৈ দিয়ে।

সংবাদমেলত আকাশ দীপে অষ্ট্ৰেলিয়াৰ তাৰকা বেটছমেন ট্ৰেভিছ হেডকো প্ৰত্যাহ্বান জনায়। এই শৃংখলাত ভাৰতীয় দলৰ বাবে আটাইতকৈ মূৰৰ কামোৰণি হৈ পৰা হেড সন্দৰ্ভত আকাশদীপে কয়, “মই ভাবো ট্ৰেভিছ হেডে বিশেষকৈ শ্বৰ্ট বলৰ বিৰুদ্ধে সংগ্ৰাম কৰে। আমি তেওঁক ক্ৰীজত থিতাপি ল’বলৈ নিদিওঁ। আমি নিৰ্দিষ্ট ক্ষেত্ৰত বলিং কৰিম আৰু আশা কৰিম যে তেওঁ ভুল কৰিবলৈ বাধ্য হ’ব, ই আমাৰ বাবে সুযোগৰ সৃষ্টি কৰিব।”

উল্লেখ্য যে চলিত শৃংখলাটোত এইপৰ্যন্ত দুটা শতকৰ সহায়ত হেডে ৪০৯ ৰান কৰিবলৈ সক্ষম হৈছে। লক্ষণীয়ভাৱে গাব্বা টেষ্টৰ দ্বিতীয় ইনিংছৰ সময়ত আঘাতপ্ৰাপ্ত হয় ট্ৰেভিছ হেড। আঘাত পোৱাৰ পিছত তেওঁক কিছু অসহক যেনো দেখিবলৈ পোৱা গৈছিল। অৱশ্যে এতিয়ালৈকে তেওঁৰ আঘাতৰ বিষয়ে স্পষ্টকৈ কোনো তথ্য প্ৰকাশ পোৱা নাই। মেলবৰ্ণ টেষ্টত তেওঁৰ অংশগ্ৰহণ কৰিব নে নকৰে, সেয়াও এতিয়ালৈকে নিশ্চিত হোৱা নাই।

Latest News