এয়াই অন্তিম মেচ, গাব্বাত আৰু দেখা নাযাব ভাৰতীয় দলক! আঁৰৰ কাৰণ জানেনে?
ভাৰতীয় দলৰ গাব্বাত আছে এক গৌৰৱময় ঐতিহ্য। ২০২০-২১ চনৰ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত ভাৰতীয় দলে গাব্বাত অষ্ট্ৰেলিয়াৰ আধিপত্যৰ অৱসান ঘটাই প্ৰথমবাৰৰ বাবে ঘৰুৱা দলটোক গাব্বাত পৰাজয়ৰ সোৱাদ দি জয় কৰিছিল টেষ্ট শৃংখলা। এই গাব্বাতে আজিৰ পৰা তৃতীয় টেষ্ট অনুষ্ঠিত হৈছে। পিছে গাব্বাত এয়াই ভাৰতীয় দলৰ অন্তিমখন টেষ্ট হ’ব।
আজিৰ পৰা আৰম্ভ হৈছে গাব্বা টেষ্ট। চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন টেষ্টৰ বাবে আজিৰ পৰা গাব্বাত প্ৰতিযোগিতাত নামিছে ভাৰত আৰু অষ্ট্ৰেলিয়া। পিছে নেৰানেপেৰা বৰষুণৰ বাবে এইপৰ্যন্ত মাত্ৰ ১৩.২ অভাৰৰ খেলহে সম্ভৱ হৈছে আৰু বৰষুণ অব্যাহত থকাৰ বাবে বন্ধ হৈ আছে মেচ। এই মেচখনত ট্ছত জয়ী হৈ ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই অষ্ট্ৰেলিয়াক প্ৰথমে বেটিং কৰাৰ বাবে আমন্ত্ৰণ জনায়। কেংগাৰু বাহিনীৰ দুই অপেনাৰ খাৱাজা আৰু মেকছুইনীয়ে ধৈৰ্যশীল বেটিঙেৰে ইনিংছ আৰম্ভ কৰি এইপৰ্যন্ত ২৮ ৰানৰ যুটি বান্ধিছে। খাৱাজাই ১৯ আৰু মেকছুইনীয়ে ৪ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছে।
উল্লেখ্য যে ভাৰতীয় দলৰ গাব্বাত আছে এক গৌৰৱময় ঐতিহ্য। ২০২০-২১ চনৰ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত ভাৰতীয় দলে গাব্বাত অৱসান ঘটাইছিল অষ্ট্ৰেলিয়াৰ আধিপত্য। প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াক গাব্বাত পৰাজয়ৰ সোৱাদ দি ভাৰতীয় দলে জয় কৰিছিল টেষ্ট শৃংখলা। ভাৰতীয় ক্ৰিকেট ইতিহাসতে এই সাফল্যই এক বিশেষ স্থান দখল কৰিছে। ২১ চনত গাব্বা জয়ৰ এই ইতিহাস পুনৰ দোহাৰি তোলাৰ লক্ষ্যৰেই নিশ্চিতভাৱে এই টেষ্টতো যুঁজ দিব ভাৰতে।
তাতোকৈ আন এক কাৰণত গাব্বাৰ এই টেষ্ট ভাৰতীয় দলৰ বাবে বিশেষ হৈ পৰিছে। ভাৰতীয় দলৰ বাবে গাব্বাত এইখনেই হ’ব অন্তিমখন টেষ্ট মেচ। ইয়াৰ পিছত আৰু ভাৰতীয় দলে গাব্বাত পুনৰ টেষ্ট খেলাৰ সুযোগ লাভ নকৰে। ইয়াৰ আঁৰত আছে অত্যন্ত এক গুৰুত্বপূৰ্ণ আৰু বিশেষ কাৰণ। ব্ৰিজবেনস্থিত এই ষ্টেডিয়ামখনত অনুষ্ঠিত হ’ব ২০৩২ চনৰ অলিম্পিক আৰু পেৰালিম্পিক গেমছ। অলিম্পিক গেমছৰ বাবে সাজু কৰি তোলা হ’ব গাব্বাক।
অলিম্পিক ২০৩২ৰ মুকলি অনুষ্ঠান আৰু সামৰণি অনুষ্ঠান গাব্বাৰ খেলপথাৰত অনুষ্ঠিত হ’ব। লগতে অলিম্পিকৰ কেইটামান ইভেণ্টৰ খেল অনুষ্ঠিত হ’ব। এই অলিম্পিকৰ বাবে নতুন ৰূপত সজাই তোলা হ’ব গাব্বাক। সেই উদ্দেশ্যে এই ক্ৰিকেট ষ্টেডিয়াম নতুন ৰূপত নিৰ্মাণৰ বাবে ১৩৭৫ কোটি টকা ব্যয় কৰা হ’ব। এই বৃ্হৎ বাজেটৰ জৰিয়তে গাব্বাক আধুনিক ষ্টেডিয়ামলৈ ৰূপান্তৰিত কৰা হ’ব।
এইদৰে পুনৰ নিৰ্মাণৰ পিছত গাব্বাত দৰ্শকৰ ক্ষমতা ৫০ হাজাৰ পৰ্যন্ত হ’ব। বৰ্তমান গাব্বাত দৰ্শকৰ ক্ষমতা ৪২ হাজাৰ, অৰ্থাৎ এই ক্ষমতা ৮ হাজাৰ বৃদ্ধি কৰা হ’ব। অৱশ্যে গাব্বাত ভাৰতীয় দলৰ বাবে এইখন অন্তিমখন মেচ হ’লেও আৰু কিছুদিনলৈ গাব্বাত ক্ৰিকেট মেচ উপভোগ কৰিব পাৰিব অনুৰাগীয়ে। এই খেলপথাৰত অন্তিমখন মেচ ২০২৫-২৬ বৰ্ষৰ এছেছ শৃংখলাৰ সময়ত অনুষ্ঠিত হ’ব।
ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া পাঁচখন খেলৰ এছেছ শৃংখলাৰ প্ৰথমখন খেল ২১ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ পাৰ্থ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ৪ ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ গাব্বাত দ্বিতীয়খন খেল অনুষ্ঠিত হ’ব। ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই মেচখন গাব্বা ক্ৰিকেট ষ্টেডিয়ামৰ অন্তিমখন মেচ হিচাপে পৰিগণিত হ’ব।