সমুখত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীঃ শচীনৰ বিপক্ষে সদাসফল কিংবদন্তি বলাৰে অষ্ট্ৰেলিয়াক দিলে বিৰাট ৰোধৰ মন্ত্ৰণা

সম্প্ৰতি নিজৰ শ্ৰেষ্ঠতম ফৰ্মত নাথাকিলেও আগন্তুক ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে বিৰাট কোহলীক কেন্দ্ৰ কৰি ৰণকৌশল প্ৰস্তুত কৰিছে অষ্ট্ৰেলিয়াই। অষ্ট্ৰেলিয়ান দলটোক এইক্ষেত্ৰত পৰামৰ্শ আগবঢ়াইছে দলটোৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা কিংবদন্তি পেচাৰেও। এই তাৰকাগৰাকী নিজ কেৰিয়াৰত শচীন তেণ্ডুলকাৰৰ বিপক্ষে সদাসফল প্ৰমাণিত হৈছিল।

সমুখত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীঃ শচীনৰ বিপক্ষে সদাসফল কিংবদন্তি বলাৰে অষ্ট্ৰেলিয়াক দিলে বিৰাট ৰোধৰ মন্ত্ৰণা

বিৰাট কোহলী

Published: 

17 Nov 2024 14:38 PM

বৰ্তমান নিজৰ শ্ৰেষ্ঠতম ফৰ্মত নাই ভাৰতীয় দলৰ তাৰকা তথা ক্ৰিকেট বিশ্বৰে অন্যতম শ্ৰেষ্ঠ বেটাৰ বিৰাট কোহলী। দলৰ বেটিং লাইন আপৰ মূল শক্তি কোহলীৰ ফৰ্মহীনতাক লৈ চিন্তিত ভাৰতীয় অনুৰাগী। বিশেষকৈ আগন্তুক ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে কোহলীয়ে ফৰ্ম ঘূৰাই পোৱাটো প্ৰতিগৰাকী অনুৰাগীয়ে কামনা কৰিছে। অৱশ্যে ফৰ্মত নাথাকিলেও যিকোনো দলৰ বাবেই শংকাৰ কাৰণ কোহলী। মেচৰ গতি অকলেই সলনি কৰিব পৰা দক্ষতাৰ বাবে কোহলীৰ প্ৰতি পৃথক ৰণনীতিৰে সাজু হয় প্ৰতিটো দল। ব’ৰ্ডাৰ-গাভাস্কাৰ বাবেও সেয়ে অষ্ট্ৰলিয়াই স্বাভাৱিকতেই কোহলীৰ বিপক্ষে প্ৰস্তুত কৰিছে ৰণনীতি।

কোহলীক ৰোধ কৰাৰ বাবে অষ্ট্ৰেলিয়া দলক সঠিক কৌশল তথা কিটিপ দিছে প্ৰাক্তন খেলুৱৈসকলেও। দলটোৰ প্ৰাক্তন তাৰকা তথা কিংবদন্তি পেচাৰ গ্লেন মেকগ্ৰাথেও আগন্তুক টেষ্ট শৃংখলাত কোহলীক ৰোধ কৰাৰ বাবে আগবঢ়াইছে বিশেষ মন্ত্ৰণা। গ্লেন মেকগ্ৰাথক ক্ৰিকেট ইতিহাসৰে এগৰাকী অন্যতম পেচাৰ হিচাপে গণ্য কৰা হয়। নিজ কেৰিয়াৰত মেকগ্ৰাথ ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰৰ বিপক্ষে সদায়েই যথেষ্ট সফল আছিল পেচাৰগৰাকী।

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত মেকগ্ৰাথে ১৩ বাৰ শচীনৰ উইকেট দখল কৰিছিল। সেই মেকগ্ৰাথেই এতিয়া বিৰাট কোহলীক ৰোধ কৰাৰ বাবেই অষ্ট্ৰেলিয়াৰ বৰ্তমানৰ অধিনায়ক পেট কামিন্সক মন্ত্ৰণা প্ৰদান কৰিছে। ফক্স ক্ৰিকেটৰ সৈতে এক সাক্ষাৎকাৰত মেকগ্ৰাথে কোহলীক ‘আৱেগিক’ ব্যক্তি বুলি অভিহিত কৰে। তেওঁৰ মতে, কোহলীৰ আত্মবিশ্বাস পুনৰ ঘূৰি আহিলেই তেওঁ হৈ পৰে আটাইতকৈ বিপজ্জনক খেলুৱৈ।

কিন্তু যেতিয়া কোহলীৰ ওপৰত হেঁচা থাকে আৰু তেওঁ ৰান সংগ্ৰহ কৰিব নোৱাৰে, তেতিয়াই তেওঁক সংগ্ৰাম কৰা দেখা যায় বুলি মেকগ্ৰাথে মন্তব্য কৰে। কোহলীৰ এনে প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি মেকগ্ৰাথে অষ্ট্ৰেলিয়ান দলে প্ৰথমটো বলৰ পৰাই কোহলীৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব লাগে বুলি পৰামৰ্শ দিছে। যদি কোহলীয়ে এটা বা দুটা ইনিংছত ৰান সংগ্ৰহ কৰিব নোৱাৰে, তেতিয়া সমগ্ৰ ছিৰিজতে ৰান সংগ্ৰহত সংগ্ৰাম কৰিব বুলিও মেকগ্ৰাথে লগতে কয়।

মেকগ্ৰাথৰ মতে, নিউজিলেণ্ডৰ বিপক্ষে হোৱাইট ৱাছৰ পিছত ভাৰতীয় দলৰ ওপৰত যথেষ্ট হেঁচা আছে আৰু সেয়ে ভাৰততকৈ অষ্ট্ৰেলিয়া বৰ্তমান শক্তিশালী স্থিতিত আছে তেওঁ মত প্ৰকাশ কৰে। উল্লেখ্য যে সম্প্ৰতি ফৰ্মহীনতাত ভুগি থকা বিৰাট কোহলীয়ে চলিত বৰ্ষত এইপৰ্যন্ত ৬খন টেষ্ট খেলিছে আৰু এই ছয়খন টেষ্টত মাত্ৰ ২২.৭২ গড়ে ৰান সংগ্ৰহ কৰিছে। এনে পৰিস্থিতিত ৰান সংগ্ৰহৰ বাবে কোহলীৰ ওপৰত যথেষ্ট হেঁচা পৰিব।

অৱশ্যে অষ্ট্ৰেলিয়াত কোহলীৰ পূৰ্বৰ প্ৰদৰ্শন অত্যন্ত চমকপ্ৰদ। অষ্ট্ৰেলিয়াত কোহলীয়ে এইপৰ্যন্ত ১৩খন টেষ্ট মেচত ৫৪ গড়ে ১৩৫২ ৰান সংগ্ৰহ কৰিছে। অৰ্জন কৰিছে ৬টা শতক। গতিকে ফৰ্ম নাথাকিলেও অষ্ট্ৰেলিয়ান দলটোৱে কোহলীক সহজভাৱে ল’ব নোৱাৰে। আনহাতে ভাৰতীয় দল তথা অনুৰাগীয়েও ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত কোহলীয়ে পূৰ্বৰ এই ফৰ্মৰ দৰেই প্ৰদৰ্শন দাঙি ধৰিব বুলি আশা প্ৰকাশ কৰিছে।

সপ্তাহৰ এই ৩টা দিনত গৰুক খুওৱাক ৰুটি, পাব আচৰিত ফলাফল!
১৪ বছৰৰ বনবাসৰ সময়ত কিয় এখন শাড়ীয়ে পিন্ধি আছিল মা সীতাই?
মানুহৰ তেজৰ সোৱাদ নিমখীয়া কিয়?
দ্ৰুত গতিত ওজন হ্ৰাস কৰিব বিচাৰিছে নেকি? তেন্তে নিশা এই বস্তুবোৰ নাখাব!