5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গাব্বা টেষ্টৰ বাবে ঘোষণা অষ্ট্ৰেলিয়াৰ মূল একাদশঃ কোহলীলৈ সকাহ, চিন্তা বাঢ়িল ভাৰতৰ!

চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন টেষ্টৰ বাবে আজি মূল একাদশ ঘোষণা কৰিছে ঘৰুৱা দল অষ্ট্ৰেলিয়াই। ঘোষিত এই মূল একাদশত দেখা গৈছে এটা পৰিৱৰ্তন। এই পৰিৱৰ্তন এফালে বিৰাট কোহলীৰ বাবে সকাহ আৰু আনফালে ভাৰতৰ বাবে চিন্তনীয় বিবেচিত হৈছে। কাইলৈৰ পৰা গাব্বাত এই টেষ্ট আৰম্ভ হ’ব।

গাব্বা টেষ্টৰ বাবে ঘোষণা অষ্ট্ৰেলিয়াৰ মূল একাদশঃ কোহলীলৈ সকাহ, চিন্তা বাঢ়িল ভাৰতৰ!
গাব্বা টেষ্টৰ বাবে অষ্ট্ৰেলিয়াৰ মূল একাদশ ঘোষণা
monjit-dutta
Monjit Dutta | Published: 13 Dec 2024 14:50 PM

সাম্প্ৰতিক সময়ত ক্ৰিকেট বিশ্বৰ আটাইতকৈ ৰোমাঞ্চকৰ তথা প্ৰতিদ্বন্দিতাপূৰ্ণ দ্বিপাক্ষিক শৃংখলা হিচাপে পৰিগণিত হৈ পৰিছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী। ক্ৰিকেট বিশ্বৰ এই দুই শক্তিশালী দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতাৰ নিদৰ্শন চলিত শৃংখলাতো পৰিলক্ষিত হৈছে। শৃংখলাৰ প্ৰথম মেচত ভাৰতীয় দলে জয়লাভ কৰাৰ পিছত দ্বিতীয় মেচত জয়লাভ কৰিছে অষ্ট্ৰেলিয়াই আৰু এইদৰে শৃংখলাত ১-১ ব্যৱধানত সমতা স্থাপন কৰিছে। কাইলৈৰ পৰা ব্ৰিজবেনৰ গাব্বাত অনুষ্ঠিত হ’ব শৃংখলাৰ তৃতীয়খন মেচ।

এই টেষ্টখনৰ বাবে আজি মূল একাদশ ঘোষণা কৰিছে ঘৰুৱা দল অষ্ট্ৰেলিয়াই। ঘোষিত এই মূল একাদশত দেখা গৈছে এটা পৰিৱৰ্তন। এডিলেইড টেষ্টত স্থান পোৱা স্ক’ট ব’লাণ্ডক গাব্বা টেষ্টৰ বাবে দলৰ পৰা বাদ দিয়া হৈছে আৰু তেওঁৰ স্থানত দললৈ প্ৰত্যাৱৰ্তন ঘটিছে তাৰকা পেচাৰ জ’ছ হেজেলউডৰ। পাৰ্থ টেষ্টত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা হেজেলউড আঘাতৰ বাবে দ্বিতীয়খন টেষ্টৰ পৰা বাদ পৰিছিল।

পিছে আঘাতমুক্ত হৈ এতিয়া সম্পূৰ্ণ ফিট হৈ পৰিছে তাৰকা পেচাৰগৰাকী আৰু সেয়ে দলৰ অধিনায়ক পেট কামিন্সে গাব্বাত অনুষ্ঠিত হ’বলগীয়া তৃতীয়খন টেষ্টৰ বাবে হেজেলউডক অন্তৰ্ভুক্ত কৰিছে। হেজেলউডৰ স্থানত এডিলেইড টেষ্টত সুযোগ পোৱা স্কট ব’লাণ্ডে অৱশ্যে নিৰাশ কৰা নাছিল দলক। দুয়োটা ইনিংছতে ষ্টাৰ্ক আৰু কামিন্সক যোগ্য সহযোগিতা আগবঢ়াই ব’লাণ্ডে দখল কৰিছিল মুঠ ৫টা উইকেট।

দিবানৈশ টেষ্টখনৰ প্ৰথম ইনিংছত ২টা উইকেট দখল কৰাৰ পিছত দ্বিতীয় ইনিংছতো তেওঁ ৩টা উইকেট দখল কৰিছিল। অৱশ্যে অষ্ট্ৰেলিয়াৰ পেচ আক্ৰমণত হেজেলউডে সদায়েই আগস্থান পাই আহিছে আৰু সেই হিচাপে তেওঁৰ স্থান গাব্বা টেষ্টত প্ৰায় নিশ্চিত আছিল। চলিত শৃংখলাৰ প্ৰথমখন টেষ্টতো ভাৰতীয় বেটাৰৰ সমুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল হেজেলউডে। আউট কৰে। পাৰ্থ টেষ্টত তেওঁ ৫টা উইকেট দখল কৰিছিল।

এই টেষ্টখনৰ প্ৰথম ইনিংছত ৪টা আৰু দ্বিতীয় ইনিংছত ১টা উইকেট দখল কৰিছিল তাৰকা পেচাৰগৰাকীয়ে। ভাৰতৰ বাবে হেজেলউড গাব্বাত কঠিন প্ৰত্যাহ্বান হৈ পৰিব পাৰে। টেষ্টত ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ চতুৰ্থ সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হেজলউড। তদুপৰি গাব্বাতো হেজেলউডৰ প্ৰদৰ্শন যথেষ্ট উন্নত। এতিয়ালৈকে গাব্বাত মুঠ আঠখন টেষ্টত হেজেলউডে ৩৭ টা উইকেট দখল কৰিছে।

আনহাতে ব’লাণ্ড বাদ পৰাৰ বাবে সকাহ লাভ কৰিছে বিৰাট কোহলীয়ে। ব’লাণ্ডৰ বিপক্ষে টেষ্টত কোহলী দুবাৰ মুখামুখি হৈছে আৰু এই দুয়োবাৰেই কোহলীৰ উইকেট দখল কৰিছিল ব’লাণ্ডে। পেচাৰগৰাকীৰ বিৰুদ্ধে এই দুবাৰৰ মুখামুখিত কোহলীয়ে মাত্ৰ ১২ গড়ে ২৪ ৰানহে কৰিবলৈ সক্ষম হৈছে। সেয়ে ব’লাণ্ডৰ অনুপস্থিতি গাব্বাত কোহলীৰ বাবে এক সকাহ বিবেচিত হৈছে। গাব্বাত এতিয়া কোহলীৰ বেটৰ পৰা এক দুৰন্ত ইনিংছ আশা কৰিছে অনুৰাগীয়ে।

গাব্বা টেষ্টৰ বাবে অষ্ট্ৰেলিয়াৰ মূল একাদশঃ উছমান খোৱাজা, নাথান মেকছুইনী, মাৰ্নাছ লাবুচেন, ষ্টিভ’ স্মিথ, ট্ৰেভিছ হেড, মিচেল মাৰ্শ্ব, এলেক্স কেৰী, পেট কামিন্স, মিচেল ষ্টাৰ্ক, নাথান লায়ন, জ’ছ হেজলউড।

Latest News