এডিলেইট টেষ্টৰ বাবে চিন্তামুক্ত ভাৰত! বাহিৰ হ’ল এইগৰাকী অষ্ট্ৰেলিয়ান তাৰকা
পাৰ্থ টেষ্টত জয়ৰ পিছত এতিয়া অহা ৬ ডিচেম্বৰৰ পৰা এডিলেইডত দ্বিতীয় টেষ্টত অৱতীৰ্ণ হ’ব ভাৰতীয় দল। এই টেষ্টখনৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে ভাৰতীয় দলে এক সকাহৰ খবৰ লাভ কৰিছে। আঘাতৰ বাবে এডিলেইড টেষ্টৰ পৰা বাহিৰ হৈছে অষ্ট্ৰেলিয়া দলৰ এগৰাকী তাৰকা পেচাৰ।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টত বৃ্হৎ বিজয় সাব্যস্ত কৰে ভাৰতীয় দলে। নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাৰ লগতে শুভমন গিলৰ অনুপস্থিতিৰ পিছতো ভাৰতে যশপ্ৰীত বুমৰাহৰ নেতৃত্বত দুৰন্ত প্ৰদৰ্শন দাঙি ধৰি পাৰ্থ টেষ্টত ঘৰুৱা দলটোক ২৯৫ ৰানত পৰাস্ত কৰি শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰে। অৱশ্যে প্ৰাৰম্ভিক অৱস্থাত বিপৰ্যয়ৰে সন্মুখীন হৈছিল ভাৰত। প্ৰথমে বেটিং কৰি মাত্ৰ ১৫০ ৰানত প্ৰথম ইনিংছ সামৰাৰ পিছত স্বাভাৱিকতেই ভাৰতীয় দলৰ জয়ৰ সম্ভাৱনাৰ ক্ষেত্ৰত সন্দিহান হৈ পৰিছিল সকলো অনুৰাগী।
কিন্তু এই বিপৰ্যয় নেওচি শক্তিশালী বলিং প্ৰদৰ্শনৰ লগতে দ্বিতীয় ইনিংছত চমকপ্ৰদ বেটিঙেৰে জয়লাভ কৰিছিল ভাৰতে। পাৰ্থত জয়ৰ পিছত এতিয়া অহা ৬ ডিচেম্বৰৰ পৰা এডিলেইডত দ্বিতীয় টেষ্টত অৱতীৰ্ণ হ’ব ভাৰতীয় দল। এই দিবা নৈশ টেষ্টখনৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে ভাৰতীয় দলে এক সকাহৰ খবৰ লাভ কৰিছে। ইয়াৰ বিপৰীতে চিন্তিত হৈ পৰিছে অষ্ট্ৰেলিয়াৰ শিবিৰ। ঘৰুৱা দলটোত দেখা দিছে আঘাতৰ সমস্যাই।
দলটোৰ মূল বেগী বলাৰ জ’ছ হেজলউড আঘাতৰ বাবে এডিলেইড টেষ্টৰ পৰা বাহিৰ হৈছে। এতিয়া তেওঁৰ স্থানত ঘৰুৱা দলটোৱে দুই পেচাৰ শ্বীন এব’ট আৰু ব্ৰেণ্ডন ডগেটক দলত অন্তৰ্ভুক্ত কৰিছে। হেজেলউডৰ আঘাত এফালে অষ্ট্ৰেলিয়াৰ বাবে যিদৰে চিন্তাৰ কাৰণ হৈ পৰিছে, তাৰ সমান্তৰালকৈ ভাৰতৰ বাবে একপ্ৰকাৰে চিন্তা দূৰ হোৱা বুলিব পাৰি। কিয়নো পাৰ্থ টেষ্টত ভাৰতৰ সমুখত প্ৰধান বিপদ হৈ পৰিছিল পেচাৰগৰাকী।
পাৰ্থত ভাৰতৰ প্ৰথম ইনিংছৰ বিপৰ্যয়ৰ কাৰণ হৈ পৰা হেজেলউডে ২৯ ৰানত ৪ উইকেট দখল কৰিছিল। দ্বিতীয় ইনিংছতো ২১ অভাৰ বলিং কৰি মাত্ৰ ২৮ ৰান দি ১ উইকেট দখল কৰিছিল হেজেলউডে। লক্ষণীয়ভাৱে ভাৰতৰ ইয়াৰ পূৰ্বৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত এডিলেইডত অনুষ্ঠিত হোৱা দিবা নৈশ টেষ্টত হেজেলউডৰ সমুখত শোচনীয়ভাৱে আত্মসমৰ্পণ কৰিছে ভাৰতীয় দলে। এই টেষ্টত মাত্ৰ ৩৬ ৰানতে লজ্জাজনকভাৱে অল আউট হৈছিল ভাৰতে।
এডিলেইডৰ উক্ত টেষ্টত হেজেলউড ঘাতক বলিঙেৰে ৫ অভাৰত মাত্ৰ ৮ ৰানত ৫টা উইকেট দখল কৰিছিল। গতিকে আগন্তুক এডিলেইড টেষ্টত হেজেলউডৰ অনুপস্থিতি ভাৰতৰ বাবে স্বাভাৱিকতেই সকাহৰ খবৰ। ইফালে অধিনায়ক ৰোহিত শৰ্মাৰ লগতে আঘাতমুক্ত গিল এই টেষ্টত পুনৰ দললৈ ঘূৰিব। এনে পৰিস্থিতিত এডিলেইডত ভাৰতৰ মূল একাদশত কোনকেইগৰাকী খেলুৱৈক বাদ দিয়া হয়, সেয়া হ’ব লক্ষণীয়।