5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ শীৰ্ষক্ৰমৰ বেটাৰৰ বেটিং বিক্ৰমঃ উভতি ধৰিছে ভাৰতেও

মেলবৰ্ণত আজিৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বক্সিং ডে টেষ্ট। অষ্ট্ৰেলিয়ান অধিনায়ক পেট কামিন্সে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত দলৰ শীৰ্ষক্ৰমৰ বেটাৰসকলে দলক এক শক্তিষালী স্থিতিত উপনীত কৰাইছে। দিনটোৰ খেল সামৰণিৰ পৰলৈ অষ্ট্ৰেলিয়াই অষ্ট্ৰেলিয়াই ৬ উইকেটত ৩১১ ৰান সংগ্ৰহ কৰে।

মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ শীৰ্ষক্ৰমৰ বেটাৰৰ বেটিং বিক্ৰমঃ উভতি ধৰিছে ভাৰতেও
মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ শীৰ্সক্ৰমৰ বেটাৰৰ বেটিং বিক্ৰম
monjit-dutta
Monjit Dutta | Published: 26 Dec 2024 16:06 PM

মেলবৰ্ণত আজিৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বক্সিং ডে টেষ্ট। ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা তিনিখন টেষ্টত দুয়োটা দল এখনকৈ মেচত জয়ী হোৱাৰ বিপৰীতে এখন টেষ্ট ড্ৰ’ হোৱাৰ পিছত মেলবৰ্ণ টেষ্ট চলিত শৃংখলাটোৰ গুৰুত্বপূৰ্ণ মেচ হিচাপে বিবেচিত হৈছে। ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত আধিপত্য অব্যাহত ৰখাৰ লগতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দিশৰ পৰা ভাৰতৰ বাবে এই টেষ্টত জয় অপৰিহাৰ্য। পিছে ভাৰতৰ এই লক্ষ্যৰ দৌৰ সহজ হ’বলৈ নিদিব অষ্ট্ৰেলিয়াই। আজি টেষ্টত প্ৰথম দিনাই এই ইংগিত দিছে ঘৰুৱা দলটোৱে।

অষ্ট্ৰেলিয়ান অধিনায়ক পেট কামিন্সে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। অধিনায়ক কামিন্সৰ এই সিদ্ধান্তক সঠিক প্ৰমাণিত কৰি দুই অপেনাৰ কনষ্টাছ আৰু খাৱাজাই দলক এক সবল আৰম্ভণি দিয়ে। মেলবৰ্ণ টেষ্টৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটোৱা কনষ্টাছে আৰম্ভণিৰ পৰাই বিস্ফোৰক বেটিঙেৰে ভাৰতীয় বলিং আক্ৰমণক দিশহাৰা কৰি তোলে। মাত্ৰ ৫২ টা বলতে অৰ্ধশতক সম্পূৰ্ণ কৰে যুৱ বেটাৰগৰাকীয়ে।

অৱশ্যে এই শক্তিশালী আৰম্ভণিক দীঘলীয়া ইনিংছলৈ ৰূপান্তৰিত কৰাত ব্যৰ্থ হয় কনষ্টাছ। কিন্তু অভিষেকতে নিজৰ প্ৰতিভাৰ উমান দি তেওঁ ৬৫টা বলত ৬০ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে। উছমান খোৱাজৰ সৈতে প্ৰথম উইকেটত ১৯.২ অভাৰত ৮৯ ৰানৰ যুটি বন্ধাৰ পিছত কনষ্টাছক বিদায় দিয়ে ৰবীন্দ্ৰ জাদেজাই। ইয়াৰ পিছত পুনৰ দ্বিতীয় উইকেটত ক্ৰীজত খোপনি পোতে খাৱাজা আৰু লাবুচেন।

দুয়ো দ্বিতীয় উইকেটত ৬৫ ৰান যোগ দি দলৰ স্ক’ৰ ১৫৪ ৰানলৈ আগুৱাই নিয়ে। বুমৰাহে খাৱাজাৰ (৫৭) উইকেট দখলেৰে এই যুটি ভংগ কৰি সকাহ দিয়ে ভাৰতক। পিছে তৃতীয় উইকেটত পুনৰ ভাৰতৰ সমুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰে লাবুচেন আৰু স্মিথে। দুয়ো ৮৩ ৰানৰ যুটি বন্ধাৰ পিছত সুন্দৰৰ বলত বিদায় লয় লাবুচেনে (৭২)। ইয়াৰ পিছতে ভাৰতীয় দল তথা অনুৰাগীক আটাইতকৈ আকাংক্ষিত সকাহ দিয়ে বুমৰাহে।

ভাৰতীয় দলৰ বাবে মূৰৰ কামোৰণি হৈ পৰা বিস্ফোৰক বেটাৰ ট্ৰেভিছ হেডক আজি খোপনি পুতিবলৈ নিদিলে বুমৰাহে। আজি কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে ক্ৰীজ এৰিবলৈ বাধ্য হয় হেড। ইয়াৰ পিছতে বুমৰাহে মাৰ্শ্বৰ (৪) উইকেটো দখল কৰি ভাৰতৰ স্থিতি কিছু শক্তিশালী কৰে। অৱশ্যে পুনৰ স্মিথে কেৰীৰ সৈতে আগুৱাই নিয়ে দলৰ ইনিংছ। দুয়ো ষষ্ঠ উইকেটত ৫৩ ৰান যোগ দিয়ে। তাৰ মাজতে স্মিথে সম্পূৰ্ণ কৰে অৰ্ধশতক।

এইদৰে অষ্ট্ৰেলিয়াৰ শীৰ্ষক্ৰমৰ চাৰিওগৰাকী বেটাৰে অৰ্ধশতকীয় ইনিংছেৰে দলৰ স্থিতি মজবুত কৰি তোলে। আকাশদীপৰ বলত কেৰীয়ে (৩১) বিদায় ল’লেও ৬৮ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয় স্মিথ। তেওঁৰ সৈতে ৮ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছে অধিনায়ক পেট কামিন্স। দিনটোৰ খেল সামৰণিৰ পৰলৈ অষ্ট্ৰেলিয়াই ৬ উইকেটত ৩১১ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ বুমৰাহে ৩টা উইকেট দখল কৰাৰ বিপৰীতে জাদেজা. সুন্দৰ আৰু আকাশদীপে এটাকৈ উইকেট দখল কৰিছে।

Latest News