কনষ্টাছক খুন্দা মৰাৰ ফল ভুগিলে কোহলীয়েঃ সন্মুখীন হ’ল এনে শাস্তিৰ…

মেলবৰ্ণ টেষ্টৰ প্ৰথম দিনাই আজি ঘৰুৱা দল অষ্ট্ৰেলিয়াৰ হৈ অভিষেক ঘটোৱা ১৯ বৰ্ষীয় অপেনিং বেটাৰ ছেম কনষ্টাছে ৬০ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে। ইফালে ভাৰতীয় তাৰকা বিৰাট কোহলীয়ে কনষ্টাছক খেলৰ মাজতে ইচ্ছাকৃতভাৱে খুন্দা মৰাক লৈ এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয়। এনে আচৰণৰ বাবে এতিয়া শাস্থিৰ সন্মুখীন হৈছে কোহলী।

কনষ্টাছক খুন্দা মৰাৰ ফল ভুগিলে কোহলীয়েঃ সন্মুখীন হ’ল এনে শাস্তিৰ…

কনষ্টাছক খুন্দা মাৰি শাস্তি পালে কোহলীয়ে

Published: 

26 Dec 2024 14:52 PM

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থখন মেচ আজিৰ পৰা মেলবৰ্ণত আৰম্ভ হৈছে। এই টেষ্টৰ প্ৰথম দিনাই আজি ঘৰুৱা দল অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰি এক সবল স্থিতি লাভ কৰিছে। এই মেচখনত অষ্ট্ৰেলিয়াৰ হৈ অভিষেক ঘটাইছে ১৯ বৰ্ষীয় অপেনিং বেটাৰ ছেম কনষ্টাছে। অভিষেক মেচতে যুৱ বেটাৰগৰাকীয়ে এক উজ্জল কেৰিয়াৰৰ প্ৰতিশ্ৰুতি বহন কৰি এক চমকপ্ৰদ অৰ্ধশতকীয় ইনিংছ খেলে। ভাৰতীয় বলিং আক্ৰমণক হেলাৰঙে প্ৰতিহত কৰি কনষ্টাছে ঘটায় এক বিস্ফোৰক আৰম্ভণি।

কনষ্টাছৰ এই আক্ৰমণৰ পৰা ৰক্ষা নাপালে স্বয়ং বুমৰাহেও। তাৰকা পেচাৰগৰাকীৰ এটা অভাৰতে ১৮ ৰান সংগ্ৰহ কৰি সকলোকে হচকিত কৰি তোলে যুৱ বেটাৰগৰাকীয়ে। এনে আক্ৰমণাত্মক বেটিঙৰ বাবে কনষ্টাছক শ্লেজিঙৰো লক্ষ্য কৰি লয় ভাৰতীয় খেলুৱৈয়ো। বিশেষকৈ বিৰাট কোহলীয়ে অভিষেককাৰী যুৱ খেলুৱৈগৰাকীৰ সমুখত অধিক কঠোৰ হৈ পৰে। মৌখিক আক্ৰমণৰ লগতে কোহলীয়ে আনকি কনষ্টাছক ইচ্ছাকৃতভাৱে খুন্দাও মাৰে।

এই আচৰণৰ বাবে শাস্তিৰ সন্মুখীন হৈছে বিৰাট কোহলীয়ে। মেলবৰ্ণ টেষ্টৰ মেচ ৰেফাৰীয়ে কোহলীক এনে ব্যৱহাৰৰ বাবে দোষী সাব্যস্ত কৰি জৰিমনা বিহিছে। বিৰাট কোহলীৰ মেচ মাচুল ২০ শতাংশ কৰ্তন কৰা হৈছে। প্ৰকাশিত খবৰ অনুসৰি বিৰাট কোহলীক লেভেল ১ৰ দোষী সাব্যস্ত কৰা হৈছে। সেই অনুসৰি বিৰাট কোহলীক এটা ডিমেৰিট পইণ্ট দিয়া হৈছে। ভাৰতৰ দৃষ্টিকোণৰ পৰা কোহলীৰ ওপৰত এই লঘু শাস্তি যথেষ্ট সকাহৰ কথা।

মেলবৰ্ণ টেষ্টৰ প্ৰথম দিনটোৰ খেল সমাপ্ত হোৱাৰ লগে লগে মেচ ৰেফাৰী এণ্ডি পাইক্ৰফ্টৰ সন্মুখত হাজিৰ হয় বিৰাট কোহলি। সেই সময়তে বিৰাট কোহলীয়ে নিজৰ অপৰাধ স্বীকাৰ কৰে। ইয়াৰ পিছতে মেচ ৰেফাৰীয়ে বিৰাট কোহলীৰ মেচ মাচুলৰ ২০ শতাংশ কৰ্তন কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে দশম অভাৰৰ অন্ত পৰাৰ পিছত কনষ্টাছক ক্ৰীজৰ কাষতে ইচ্ছাকৃতভাৱে খুন্দা মাৰিছিল বিৰাট কোহলীয়ে।

অভাৰৰ সমাপ্তিৰ পিছত কনষ্টাছে উইকেটৰ আনটো মূৰলৈ গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা আহি থকা বিৰাট কোহলীয়ে ইচ্ছাকৃতভাৱে কনষ্টাছৰ কান্ধত খুন্দা মাৰে। এই ঘটনাৰ পিছতে সমালোচনাৰো সন্মুখীন হৈছে বিৰাট কোহলী। সততে ক্ৰীজত আগ্ৰাসী মনোভাৱৰ আভাস দাঙি ধৰা কোহলীক আজিৰ এই ঘটনাৰ পিছত কমেণ্ট বক্সত থকা ভাৰতৰ প্ৰাক্তন খেলুৱৈ তথা প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়েও সমালোচনা কৰে।

ধাৰাভাষ্যকাৰ হিচাপে খেলৰ ধাৰাবিৱৰণী দি থকা ৰবি শাস্ত্ৰীয়ে বিৰাট কোহলীয়ে এনে আচৰণ কৰাৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰে। ইফালে কোহলীৰ পৰা এনে অপ্ৰত্যাশিত প্ৰত্যাহ্বানৰ পিছতো কনষ্টাছে অৱশ্যে নিজৰ চমকপ্ৰদ বেটিঙেৰে সকলোৰে প্ৰশংসা বুটলে। অভিষেক মেচতে কনষ্টাছে ৬৫টা বলত ৬০ ৰানৰ ইনিংছ খেলে। অপেনিঙত উছমান খোৱাজৰ সৈতে ১৯.২ অভাৰত ৮৯ ৰানৰ যুটি বান্ধি দলক এক সফল আৰম্ভণি দিয়ে যুৱ বেটাৰগৰাকীয়ে।

পাকিস্তানৰ সৈতে কি সম্পৰ্ক আছিল মনমোহন সিঙৰ?
আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!