বেটাৰৰ বধ্যভূমিত পৰিণত পাৰ্থঃ প্ৰথমদিনাই পতন ১৭টা উইকেটৰ, ভাৰতৰ অগ্ৰগতিৰ সুযোগ
আজিৰ পৰা পাৰ্থত আৰম্ভ হোৱা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টৰ প্ৰথমদিনাই ১৭টা উইকেটৰ পতন ঘটিছে। মেচখনত ভাৰতীয় দলে প্ৰথমে বেটিং কৰা ভাৰতীয় দলে ১৫০ ৰানত প্ৰথম ইনিংছ সামৰাৰ পিছত অষ্ট্ৰেলিয়ায়ো মাত্ৰ ৬৭ ৰানত ৭টা উইকেট হেৰুৱাই বিপদত পৰিছে।
আজিৰ পৰা আৰম্ভ হৈছে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্ট। পাৰ্থত অনুষ্ঠিত হোৱা এই প্ৰথম টেষ্টৰ আজি প্ৰথমদিনাই দেখা গ’ল বলাৰৰ যাদু। পেচ বলিং সহায়ক পাৰ্থৰ উইকেট বলাৰৰ বিধ্বংসী প্ৰদৰ্শনৰ ফলশ্ৰুতিত বেটাৰৰ বাবে একপ্ৰকাৰে বধ্যভূমিত পৰিণত হৈছে। উইকেটত খোপনি পুতি বলিং আক্ৰমণ প্ৰতিহত কৰাটোৱেই প্ৰতিগৰাকী বেটাৰৰ বাবে হৈ পৰিছে অসম্ভৱপ্ৰায়। এনে পৰিস্থিতিত আজি টেষ্টৰ প্ৰথমদিনাই পতন ঘটিছে ১৭টা উইকেটৰ। উইকেটৰ এনে প্ৰকৃতিৰ সুযোগ গ্ৰহণ কৰিয়েই আজি বেটিঙত চূড়ান্ত ব্যৰ্থ ভাৰতীয় দলে বলিঙৰ জৰিয়তে প্ৰথম ইনিংছত অগ্ৰগতিৰ সুযোগৰো সৃষ্টি কৰিছে।
ৰোহিত শৰ্মাৰ অনুপস্থিতিত ভাৰতীয় দলৰ নেতৃত্ব বহন কৰা যশপ্ৰীত বুমৰাহে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। মূল দলত দুগৰাকীকৈ যুৱ খেলুৱৈ ক্ৰমে নীতিশ কুমাৰ ৰেড্ডী আৰু হৰ্ষিত ৰাণাৰ অভিষেকেৰে কেংগাৰু বাহিনীৰ বিপক্ষে যুঁজৰ বাবে খেলপথাৰত নামে ভাৰতীয় দল। পিছে ইনিংছৰ প্ৰথমৰে পৰা বিপৰ্যস্ত হৈ পৰে ভাৰতীয় দলৰ বেটিং বিভাগ। মাত্ৰ ৫ ৰানৰ দলীয় স্ক’ৰতে কোনো ৰান সংগ্ৰহ নকৰাকৈ বিদায় লয় জয়ছোৱালে।
ইয়াৰ পাছতে ভাৰতীয় বেটিং লাইন আপত খহনীয়াৰ সৃষ্টি হয় আৰু মাত্ৰ ৭৩ ৰানতে ছয়গৰাকী বেটাৰ পেভিলিয়নলৈ উভতে। দলৰ মূল ভৰসা কোহলী (৫) পুনৰ এবাৰ ব্যৰ্থ হয়। একেদৰে ব্যৰ্থ হয় পাড়িক্কাল (০), জুৰেল (১১), সুন্দৰ (৪)। ৰোহিত শৰ্মাৰ স্থানত অপেনিঙৰ দায়িত্ব লোৱা ৰাহুলে ২৬ ৰানৰ অৱদান আগবঢ়ায়। অৱশ্যে ৰাহুলৰ উইকেটৰ সিদ্ধান্তক লৈ কিছু বিতৰ্কৰো সৃষ্টি হয়।
দলৰ এই বিপৰ্যয়ৰ পিছতে পণ্ট আৰু অভিষেককাৰী নীতিশ ৰেড্ডীয়ে সপ্তম উইকেটত ৪৮ ৰানৰ যুটি বান্ধি কিছু সকাহ দিয়ে। পণ্টে ৩৭ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই কামিন্সৰ বলত বিদায় লয়। ইয়াৰ পিছত দলৰ ইনিংছ চমু চাপি আহে আৰু ১৫০ ৰানত ভাৰতীয় ইনিংছৰ যৱনিকা পৰে। দললৈ সৰ্বাধিক ৪১ ৰানৰ অৱদান আগবঢ়ায় নীতিশ কুমাৰ ৰেড্ডীয়ে। অন্তিমটো উইকেটৰ ৰূপত কামিন্সৰ বলত আউট হয় নীতিশ।
ভাৰতীয় দলৰ এই ইনিংছৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়ায়ো আৰম্ভণিতে খায় উজুটি। ভাৰপ্ৰাপ্ত অধিনায়ক বুমৰাহে ইনিংছৰ তৃতীয় অভাৰত নাথান মেক্ছুইনী (১০)ৰ ৰূপত ঘৰুৱা দলটোৰ ইনিংছত প্ৰথমটো আঘাত হানে। ইয়াৰ পিছতে বুমৰাহে ইনিংছৰ সপ্তম অভাৰত ক্ৰমাগত দুটা বলত খাৱাজা (৮) আৰু স্মিথৰ (০) উইকেট দখল কৰি ঘৰুৱা দলটোক বিপৰ্যয়ৰ মাজলৈ ঠেলি দিয়ে।
এই বিপৰ্যয়ৰ পৰা দিনটোৰ খেল সামৰণি পৰলৈকে আৰু মূৰ দাঙি উঠিব নোৱাৰিলে অষ্ট্ৰেলিয়াই। অভিষেককাৰী হৰ্ষিত ৰাণাই ট্ৰেভিছ হেডক (১১) বিদায় দি প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় উইকেটৰ সোৱাদ লভে। আনহাতে কিছ সময় ক্ৰীজত খোপনি পুতি ৰ’লেও বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে মাৰ্নুচ লাবুচেনে। ৫২টা বল খেলি ২ ৰান সংগ্ৰহ কৰা অৱস্থাত লাবুচেনক বিদায় দিয়ে চিৰাজে।
আনহাতে মিচেল মাৰ্শ্ব (৬) আৰু অধিনায়ক কামিন্সকো (৩) বিদায় দিয়ে ক্ৰমে চিৰাজ আৰু বুমৰাহে। দিনটোৰ খেল সামৰণিৰ পৰলৈ অষ্ট্ৰেলিয়াই ৬৭ ৰানত ৭টা উইকেট হেৰুৱাইছে। এনে পৰিস্থিতিত ভাৰততকৈ এতিয়াও ৮৩ ৰানত পিছ পৰি আছে ঘৰুৱা দলটো। অষ্ট্ৰেলিয়াৰ এই বিপৰ্যয়ৰ কাৰণ হৈ পৰা বুমৰাহে অধিনায়কোচিত প্ৰদৰ্শনেৰে ১৭ ৰানত ৪টা উইকেট দখল কৰিছে।