5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সন্মুখত ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীঃ অনুৰাগীলৈ ৰোহিতে দিলে অনাকাংক্ষিত খবৰ

নিউজিলেণ্ডৰ বিপক্ষে লজ্জাজনক পৰাজয়ৰ পিছত এতিয়া ভাৰতৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পথ কঠিন হৈ পৰিছে। এনে পৰিস্থিতিত ভাৰতৰ আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণ অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। পিছে এই ভ্ৰমণৰ পূৰ্বে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই অনুৰাগীলৈ দিছে এক অনাকাংক্ষিত বাৰ্তা।

সন্মুখত ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীঃ অনুৰাগীলৈ ৰোহিতে দিলে অনাকাংক্ষিত খবৰ
ৰোহিত শৰ্মা
monjit-dutta
Monjit Dutta | Published: 03 Nov 2024 21:16 PM

এক অপ্ৰত্যাশিত ফলাফলেৰে আজি অন্ত পৰিল নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা। ঘৰৰ মাটিতে ৩-০ ব্যৱধানত লজ্জাজনকভাৱে পৰাজয় স্বীকাৰ কৰিলে ভাৰতীয় দলে। এইদৰে প্ৰথমবাৰৰ বাবে নিজ দেশত টেষ্ট শৃংখলাত ভাৰতীয় দলে ক্লীন ছুইপৰ সন্মুখীন হ’ল। এই শৃংখলাটোত ভাৰতৰ পৰাজয়ৰ প্ৰধান কাৰণ কাৰণ হৈ পৰিল বেটিং বিভাগৰ চূড়ান্ত ব্যৰ্থতা। বিশেষকৈ অধিনায়ক ৰোহিত শৰ্মা আৰু জ্যেষ্ঠ তাৰকা বিৰাট কোহলীৰ ব্যৰ্থতা ভাৰতীয় দলৰ বাবে বিপৰ্যয়ৰ কাৰণ হৈ পৰিল।

নিউজিলেণ্ডৰ বিপক্ষে এই লজ্জাজনক পৰাজয়ৰ পিছত এতিয়া ভাৰতৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পথ কঠিন হৈ পৰিছে। এনে পৰিস্থিতিত ভাৰতৰ আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণ অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। পিছে এই ভ্ৰমণৰ পূৰ্বে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই অনুৰাগীলৈ দিছে এক অনাকাংক্ষিত বাৰ্তা। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ এই বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী অহা ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব।

এই শৃংখলাৰ প্ৰথমখন খেল পাৰ্থত অনুষ্ঠিত হ’ব। কিন্তু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন টেষ্টত ভাৰতীয় দলত নাথাকিব পাৰে অধিনায়ক ৰোহিত শৰ্মা। আজি নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাত পৰাস্ত হোৱাৰ পাছত এক সংবাদমেল সম্বোধন কৰি ৰোহিত শৰ্মাই পাৰ্থ টেষ্টত তেওঁ খেলিব নে নেখেলে সেই বিষয়ে নিশ্চিত নহয় বুলি উল্লেখ কৰে।

উল্লেখ্য যে বিগত কিছুদিনৰ পৰা ৰোহিত আৰু ঋতিকাৰ সংসাৰলৈ শীঘ্ৰেই দ্বিতীয় সন্তানৰ আগমন ঘটিব পাৰে বুলি চৰ্চা চলিছে আৰু এই কাৰণতে ৰোহিতে ব’ৰ্ডাৰ গাভাস্কাৰ টেষ্টৰ প্ৰথমখন মেচত অংশ ল’ব নোৱাৰিব পাৰে বুলি বাতৰি প্ৰকাশ পাইছে। আজি সংবাদমেলত ভাৰতীয় অধিনায়ক গৰাকীক এই বাতৰি সন্দৰ্ভত এক প্ৰশ্ন কৰা হয় আৰু এই প্ৰশ্নৰ উত্তৰত তেওঁ সেই বিষয়ে এতিয়া নিশ্চিত নহয় বুলি উল্লেখ কৰে।

চৰ্চা চলাৰ দৰেই যদি ৰোহিত শৰ্মাই এই মেচখনত অংশ নলয়, তেতিয়া যশপ্ৰীত বুমৰাহে পাৰ্থ টেষ্টত দলৰ অধিনায়ক হিচাপে দায়িত্ব বহন কৰিব পাৰে। আনহাতে ৰোহিতৰ অনুপস্থিতিত অভিমন্যু ইশ্বৰনে পাৰ্থ টেষ্টতে জাতীয় দলৰ হৈ অভিষেক ঘটোৱাৰ সুযোগ লাভ কৰিব পাৰে। লক্ষণীয়ভাৱে নিউজিলেণ্ডৰ বিপক্ষে শৃংখলাৰ পূৰ্বে ভাৰতীয় দলৰ টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত স্থান প্ৰায় নিশ্চিত বুলিয়েই ধাৰণা কৰা হৈছিল।

কিন্তু এই শৃংখলাত ক্লীন ছুইপৰ পিছত এতিয়া সকলো সমীকৰণ সলনি হৈছে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত স্থান লাভ কৰিবলৈ এতিয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫খন টেষ্টত ৪ খনত জয় আৰু এখনত ড্ৰ’ অনিবাৰ্য হৈ পৰিছে। তেতিয়াহে ভাৰতীয় দলে পোনপটীয়াকৈ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিব পাৰিব। অন্যথা এইক্ষেত্ৰত আন দলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব ভাৰতীয় দলে।

Latest News