5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মেলবৰ্ণ টেষ্টৰ পূৰ্বে সংকটত ভাৰতঃ এইবাৰ আঘাতৰ বাবে অনুশীলন এৰিলে ৰোহিতে

এতিয়া ২৬ ডিচেম্বৰৰ পৰা এই শৃংখলাৰ চতুৰ্থখন মেচ মেলবৰ্ণত অনুষ্ঠিত হ’ব। এই মেচখনৰ বাবে ভাৰতীয় দলক মেলবৰ্ণত পূৰ্ণ প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে। পিছে অনুশীলনথলীৰ পৰাই ভাৰতীয় অনুৰাগীৰ বাবে এক চিন্তনীয় খবৰ পোহৰলৈ আহিছে। নেট অনুশীলনৰ সময়ত আজি আঘাত পাইছে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই।

মেলবৰ্ণ টেষ্টৰ পূৰ্বে সংকটত ভাৰতঃ এইবাৰ আঘাতৰ বাবে অনুশীলন এৰিলে ৰোহিতে
ৰাহুলৰ পিছত এইবাৰ ৰোহিতৰ আঘাত
monjit-dutta
Monjit Dutta | Published: 22 Dec 2024 16:35 PM

পাৰ্থ টেষ্টত জয়ৰ পিছত শেহতীয়া দুখন টেষ্টত ব্যৰ্থ হৈছে ভাৰতীয় ক্ৰিকেট দল। এডিলেইড টেষ্টত পৰাজয়ৰ সন্মুখীন হোৱাৰ বিপৰীতে গাব্বা টেষ্টত বৰষুণে পৰাজয়ৰ পৰা ৰক্ষা কৰিছিল ভাৰতীয় দলক। এতিয়া ২৬ ডিচেম্বৰৰ পৰা এই শৃংখলাৰ চতুৰ্থখন মেচ মেলবৰ্ণত অনুষ্ঠিত হ’ব। এই মেচখনৰ বাবে ভাৰতীয় দলক মেলবৰ্ণত পূৰ্ণ প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে। পিছে অনুশীলনথলীৰ পৰাই ভাৰতীয় অনুৰাগীৰ বাবে এক চিন্তনীয় খবৰ পোহৰলৈ আহিছে।

শনিবাৰে অনুশীলনৰ সময়ত আঘাত লাভ কৰিছিল কে এল ৰাহুলে। এই শৃংখলাত এইপৰ্যন্ত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা ৰাহুলৰ আঘাত দলৰ বাবেই অপ্ৰত্যাশিত খবৰ। এইবাৰ ভাৰতীয় দলত আন এক আঘাতৰ সমস্যাই আগুৰি ধৰিছে। ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাও এইবাৰ আঘাতৰ সন্মুখীন হৈ পৰিছে। নেট অনুশীলনৰ সময়ত আজি আঘাত পাইছে ৰোহিত শৰ্মাই।

জানিব পৰা মতে, নেটত বেটিং কৰি থকাৰ সময়তে আঁঠুত আঘাত লাভ কৰিছে ৰোহিতে। টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি থ্ৰ’ডাউন বিশেষজ্ঞ দয়াৰ সৈতে অনুশীলন চলাই থকাৰ সময়তে ৰোহিতে বাওঁ আঁঠুত আঘাত লাভ কৰে। ইয়াৰ পিছতো ভাৰতীয় অধিনায়কগৰাকীয়ে কিছু সময় বেটিং কৰিবলৈ চেষ্টা কৰে। কিন্তু বিষ ক্ৰমাৎ অধিক হৈ পৰাৰ বাবে অনুশীলন এৰিবলৈ বাধ্য হয় ৰোহিত।

ইয়াৰ কিছুসময় পিছতে ৰোহিতক আঁঠুত বৰফৰ পেক পিন্ধি চকীত বহি থকা অৱস্থাত দেখিবলৈ পোৱা যায়। এই সময়ছোৱাত দলৰ ফিজিঅ’ও ৰোহিতৰ সৈতে থাকে। অৱশ্যে ৰোহিতৰ এই আঘাত বিশেষ গুৰুতৰ নহয়। তদুপৰি বক্সিং ডে’ টেষ্টৰ বাবে এতিয়াও ৪ দিন বাকী আছে। গতিকে মেলবৰ্ণত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ বাবে সম্পূৰ্ণ ফিট হৈ উঠাৰ বাবে সময় লাভ কৰিব ৰোহিতে।

ভাৰতীয় দলৰ বেগী বলাৰ আকাশ দীপেও ৰোহিতৰ আঘাত গুৰুতৰ নহয় বুলি জানিবলৈ দিছে। কিন্তু যদিহে ৰোহিতে পৰৱৰ্তী টেষ্টত অংশ ল’ব নোৱাৰে, তেতিয়া তেওঁৰ স্থানত কোনগৰাকী খেলুৱৈয়ে সুযোগ লাভ কৰিব সেয়াও চৰ্চিত বিষয় হ’ব। এইক্ষেত্ৰত প্ৰথমতেই উচ্চাৰিত হৈছে ছৰফৰাজ খানৰ নাম। এইপৰ্যন্ত শৃংখলাটোৰ এখনো মেচত ছৰফৰাজে সুযোগ লাভ কৰা নাই।

ইফালে ৰোহিতে এই মেচখনত খেলিব নোৱাৰিলে বুমৰাহে ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব বহন কৰিব লাগিব। শৃংখলাৰ প্ৰথমখন টেষ্টত ৰোহিতৰ অনুপস্থিতিত বুমৰাহে ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিছিল। মেচখনত অধিনায়োচিত বলিঙেৰে ভাৰতীয় দলৰ বাবে জয় কঢ়িয়াই আনিছিল বুমৰাহে। পাৰ্থত ভাৰতীয় দলে ২৯৫ ৰানৰ বৃ্হৎ ব্যৱধানত জয়লাভ কৰিছিল।

Latest News