ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত দেখা পোৱা যাব ছামিক! অধিনায়ক বুমৰাহে ক’লে এইদৰে….

অষ্ট্ৰেলিয়াৰ বিপক্ষে গুৰুত্বপূৰ্ণ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ বাবে দল ঘোষণাৰ সময়ত তাৰকা পেচাৰ মহম্মদ ছামিক দলত অন্তৰ্ভুক্ত নকৰাক কেন্দ্ৰ কৰি যথেষ্ট আলোচনা হৈছিল। কাইলৈৰ পৰা আৰম্ভ হ’ব শৃংখলাৰ প্ৰথমখন টেষ্ট আৰু এই টেষ্টৰ প্ৰাকমুহূৰ্ততো এই বিষয়ত চৰ্চা অব্যাহত আছে। তাৰ মাজতে ভাৰপ্ৰাপ্ত অধিনায়ক বুমৰাহে কৰিছে বিশেষ মন্তব্য।

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত দেখা পোৱা যাব ছামিক! অধিনায়ক বুমৰাহে ক’লে এইদৰে....

ছামি প্ৰসঙ্গত বুমৰাহৰ বিশেষ মন্তব্য

Updated On: 

21 Nov 2024 16:07 PM

কাইলৈৰ পৰা আৰম্ভ হ’ব ক্ৰিকেটপ্ৰেমীৰ বহু প্ৰত্যাশিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী। পাৰ্থত হ’বলগীয়া শৃংখলাৰ প্ৰথমখন টেষ্টত ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা দলত নথকাটো নিশ্চিত হৈছে। সন্তান জন্মৰ বাবে বৰ্তমান পৰিয়ালৰ সৈতে আছে ৰোহিত। তেওঁৰ অনুপস্থিতিত দলৰ সহ-অধিনায়ক যশপ্ৰীত বুমৰাহে পাৰ্থ টেষ্টত অধিনায়কৰ দায়িত্ব বহন কৰিব। ইফালে এই টেষ্টত আঘাতৰ বাবে শুভমন গিলো নিশ্চিত নহয়। প্ৰথমখন টেষ্টৰ বাবে প্ৰস্তুতিৰ মাজতে বুধবাৰে সংবাদমেল সম্বোধন কৰে ভাৰপ্ৰাপ্ত অধিনায়ক বুমৰাহে।

এই সংবাদমেলত বুমৰাহে ভাৰতীয় দল সন্দৰ্ভত এক তাৎপৰ্যপূৰ্ণ ইংগিত দিছে। অষ্ট্ৰেলিয়াৰ বিপক্ষে এই গুৰুত্বপূৰ্ণ শৃংখলাৰ বাবে দল ঘোষণাৰ সময়তে তাৰকা পেচাৰ মহম্মদ ছামিক অন্তৰ্ভুক্তি নকৰাক কেন্দ্ৰ কৰি যথেষ্ট আলোচনা হৈছিল। আঘাতৰ বাবে দীৰ্ঘদিন খেলপথাৰৰ পৰা বাহিৰত থকা ছামিয়ে এই শৃংখলাৰ জৰিয়তেই পুনৰ খেলপথাৰলৈ উভতিব পাৰে বুলি চৰ্চা চলিছিল যদিও মূৰকত সেয়া সম্ভৱ হোৱা নাছিল।

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অভিজ্ঞ ছামিৰ অনুপস্থিতিক লৈ এতিয়াও চৰ্চা অব্যাহত আছে। এই চৰ্চা সন্দৰ্ভতে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ভাৰপ্ৰাপ্ত অধিনায়ক বুমৰাহে। সংবাদ মেলত বুমৰাহৰ মন্তব্য অনুসৰি, যদি সকলো ঠিকে থাকে, ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অষ্ট্ৰেলিয়ান ভূমিত অভিজ্ঞ পেচাৰ মহম্মদ ছামিক দেখা পোৱা যাব পাৰে। আঘাতমুক্ত ছামি শেহতীয়াকৈ সুদীৰ্ঘ প্ৰায় এটা বছৰৰ মূৰত ৰঞ্জী ট্ৰফীৰ জৰিয়তে পুনৰ খেলপথাৰলৈ উভতি আহিছে।

ইতিপূৰ্বে ভাৰতীয় দলৰ নিউজিলেণ্ডৰ বিপক্ষে ঘৰুৱা টেষ্ট শৃংখলাৰ সময়ত ভাৰতৰ বলিং প্ৰশিক্ষক মৰ্ণে মৰ্কেলে নেটত ছামিৰ বলিং প্ৰত্যক্ষ কৰিছিল। বুধবাৰে সংবাদ মেলত বুমৰাহে টেষ্ট ফৰ্মেটত ছামিৰ গুৰুত্বৰ ওপৰত লক্ষ্য ৰাখি অভিজ্ঞ পেচাৰগৰাকী অষ্ট্ৰেলিয়াত দলৰ অংশ হোৱাৰ সম্ভাৱনাও স্বীকাৰ কৰে। বুমৰাহে সাংবাদিকৰ আগত কয় যে ছামি দলৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে।

ভাৰতীয় দল পৰিচালনাৰ দায়িত্বত থকা লোকসকলে ছামিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু যদি সকলো ঠিকেই থাকে, তেন্তে অষ্ট্ৰেলিয়াতো ছামিক দেখা পাব পাৰে বুলি বুমৰাহে মন্তব্য কৰে। উল্লেখ্য যে বংগৰ হৈ ছামিয়ে মধ্য প্ৰদেশৰ বিপক্ষে ৰঞ্জী ট্ৰফী মেচৰ জৰিয়তে পুনৰ খেলপথাৰলৈ প্ৰত্যাৱৰ্তন ঘটাইছে। প্ৰত্যাৱৰ্তন মেচতে ছামিয়ে ৭টা উইকেট দখল কৰি নিজৰ অভিজ্ঞতা আৰু ফৰ্মৰ প্ৰমাণ দিয়ে।

ঘৰুৱা ক্ৰিকেটৰ টি-২০ প্ৰতিযোগিতা চৈয়দ মুস্তাক আলী ট্ৰফীৰ বাবে ঘোষিত বংগ দলত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে ঘৰুৱা ক্ৰিকেটত নিজৰ প্ৰদৰ্শনেৰে ছামিয়ে জাতীয় দললৈ পথ মুকলিৰ বাবে চেষ্টা চলাব। এতিয়া বুমৰাহৰ মন্তব্যৰ দৰে যদি ছামিক ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতীয় দলত দেখা পোৱা যায়, সেয়া খেলুৱগৰাকীৰ লগতে অনুৰাগীৰ বাবেও এক বিশেষ খবৰ হ’ব।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস