শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কি ভয়ে খেদিছে অশ্বিনক! আই পি এলৰ মাজতে ক’লে মনোবিজ্ঞানীৰ কাষ চপাৰ কথা

নিজৰ প্ৰদৰ্শনৰ লগতে এগৰাকী ক্ৰিকেট বিশেষজ্ঞ তথা বিশ্লেষক হিচাপেও ৰবিচন্দ্ৰন অশ্বিনে উচ্চ প্ৰশংসা লাভ কৰি আহিছে। সেয়ে ক্ৰিকেট সংক্ৰান্তীয় যিকোনো বিষয়ত অশ্বিনৰ মতামত অত্যন্ত গুৰুত্বসহকাৰে বিবেচনা কৰা হয়। এতিয়া আই পি এলৰ মাজতে অশ্বিনে কৰা এক মন্তব্যও আলোচনাৰ বিষয় হৈ পৰিছে।

কি ভয়ে খেদিছে অশ্বিনক! আই পি এলৰ মাজতে ক’লে মনোবিজ্ঞানীৰ কাষ চপাৰ কথা
ৰবিচন্দ্ৰন অশ্বিন
monjit-dutta
Monjit Dutta | Published: 27 Mar 2025 18:32 PM

অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়তে সকলোকে হচকিত কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনাইছিল ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম এগৰাকী শ্ৰেষ্ঠ তাৰকা ৰবিচন্দ্ৰন অশ্বিনে। ইয়াৰ পিছত আই পি এলৰ জৰিয়তে পুনৰ এবাৰ অনুৰাগীৰ আগত নিজৰ ক্ৰীড়া নিপুণতা প্ৰদৰ্শন কৰিছে তাৰকা অফ স্পিনাৰগৰাকীয়ে। নিজৰ প্ৰদৰ্শনৰ লগতে এগৰাকী ক্ৰিকেট বিশেষজ্ঞ তথা বিশ্লেষক হিচাপেও ৰবিচন্দ্ৰন অশ্বিনে উচ্চ প্ৰশংসা লাভ কৰি আহিছে। সেয়ে ক্ৰিকেট সংক্ৰান্তীয় যিকোনো বিষয়ত অশ্বিনৰ মতামত অত্যন্ত গুৰুত্বসহকাৰে বিবেচনা কৰা হয়।

এতিয়া আই পি এলৰ মাজতে অশ্বিনে কৰা এক মন্তব্যও আলোচনাৰ বিষয় হৈ পৰিছে। তাৰকা খেলুৱৈগৰাকীৰ মতে আই পি এলত যিদৰে বেটিং প্ৰদৰ্শন দেখা গৈছে, সেয়া চালে অতি সোনকালে প্ৰতিগৰাকী বলাৰৰ লগত এগৰাকী ব্যক্তিগত মনোবিজ্ঞানীৰ প্ৰয়োজন হ’ব। অশ্বিনৰ এই মন্তব্যৰ আঁৰত কাৰণো নথকা নহয়। টি-২০ ক্ৰিকেটত সম্প্ৰতি দেখা পোৱা গৈছে বেটাৰৰ অদমনীয় আধিপত্য।

বিশ্বৰ বিভিন্ন স্থানত হোৱা টি-২০ লীগ আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো বহু নিয়ম প্ৰৱৰ্তন হৈছে, এই নিয়মসমূহো বহুলাংশে বেটাৰৰ সহায়ক হিচাপেই প্ৰমাণিত হৈছে। বিশেষকৈ আই পি এলত বিগত ছিজনৰ পৰা বৃ্হৎ বৃ্হৎ স্ক’ৰ সংগ্ৰহ হোৱা দেখিবলৈ পোৱা গৈছে। ছানৰাইজাৰ্ছ হায়দৰাবাদে বিগত ছিজনত ২৭৭ আৰু ২৮৭ ৰান সংগ্ৰহ কৰি সকলোকে আচৰিত কৰি তুলিছিল। এই ছিজনতো নিজৰ প্ৰথমখন মেচত দলটোৱে ২৮৬ ৰান সংগ্ৰহ কৰে।

এনে বৃ্হৎ স্ক’ৰৰ প্ৰয়োভৰৰ পিছত এতিয়া আই পি এলত ৩০০ ৰানৰ সম্ভাৱ্য স্ক’ৰক লৈও আলোচনা চলিছে। বেটাৰৰ সহায়ত উইকেট নিৰ্মাণ আৰু কিছুমান নিয়ম প্ৰৱৰ্তনৰ পিছত এতিয়া বলাৰৰ সহায়ক ব্যৱস্থা গ্ৰহণক লৈও আলোচনা হৈছে। এই প্ৰসঙ্গতে শেহতীয়াকৈ অশ্বিনে কৰিছে এনে মন্তব্য। অশ্বিনে বৰ্তমানৰ বেটাৰৰ আধিপত্যক বলাৰসকলৰ মানসিক স্বাস্থ্যৰ বাবে বিপদজনক বুলি অভিহিত কৰিছে।

নিজৰ ইউটিউব চেনেলত ৰক্ষণাত্মক বলিং সন্দৰ্ভত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত অশ্বিনে কয়, “মই এই বিষয়ে ক’ব বিচাৰো। মই ভাবো যে অতি সোনকালে বলাৰসকলক এজন ব্যক্তিগত মনোবিজ্ঞানীৰ প্ৰয়োজন হ’ব। মই সঁচাকৈয়ে তেনেকৈয়ে ভাবো। মানুহে কৈছে যে বলাৰসকল ৰক্ষণাত্মক হৈ পৰিছে। আমি এই যুক্তি মানি লওঁ, কিন্তু কিছুমান সময়ত বলিং একেবাৰে অসম্ভৱ হৈ পৰিছে।”

বলাৰে সন্মুখীন হোৱা সমস্যাৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা অশ্বিনেই প্ৰথমজন বলাৰ নহয়। তেওঁৰ পূৰ্বে চলিত আই পি এলতে দক্ষিণ আফ্ৰিকাৰ তাৰকা পেচাৰ কেগিছ’ ৰাবাডায়ো বলাৰসকলৰ সপক্ষে উইকেট নিৰ্মাণৰ দাবী জনায়। তেওঁ কয় যে যদি কেৱল বৃ্হৎ স্ক’ৰেই হৈ থাকে, তেতিয়া ক্ৰিকেট বিৰক্তিকৰ হৈ পৰিব আৰু ক্ৰিকেট বুলি কোৱাৰ পৰিৱৰ্তে এই খেলক ‘বেটিং’ বুলি কোৱাটোৱেই ভাল হ’ব।