Budget 2025: ক্ৰীড়াক্ষেত্ৰলৈ সুখৰ বতৰা আনিলে বাজেটেঃ ইমানলৈ বৃদ্ধি পালে ক্ৰীড়া খণ্ডৰ বাজেট…
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত দাখিল কৰিলে সাধাৰণ বাজেট। কেন্দ্ৰীয় বাজেটত বিভিন্ন শিতানসমূহৰ লগতে ক্ৰীড়া খণ্ডৰ প্ৰতি চৰকাৰে কিদৰে গুৰুত্ব আৰোপ কৰিব পাৰে, বিশেষজ্ঞসকলে এই সন্দৰ্ভতো আলোকপাত কৰিছিল। সামগ্ৰিকভাৱে, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ বাবে এইবাৰ বাজেটত ৩,৭৯৪.৩০ কোটি টকা আবণ্টন দিয়া হৈছে।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত দাখিল কৰিলে সাধাৰণ বাজেট। কেন্দ্ৰীয় বাজেটত বিভিন্ন শিতানসমূহত কিদৰে গুৰুত্ব দিয়া হয়, অৰ্থাৎ বাজেট নিৰ্ধাৰণ কৰা হয় সেই বিষয়ে চাবলৈ উৎসুক হৈ আছিল সমগ্ৰ দেশবাসী। অন্যান্য দিশসমূহৰ লগতে ক্ৰীড়া খণ্ডৰ প্ৰতি চৰকাৰে কিদৰে গুৰুত্ব আৰোপ কৰিব পাৰে, বিশেষজ্ঞসকলে এই সন্দৰ্ভতো আলোকপাত কৰিছিল। বিশেষকৈ ভাৰত চৰকাৰে দেশত ক্ৰীড়াৰ প্ৰসাৰৰ বাবে চলাই অহা চেষ্টাৰ পৰিপ্ৰেক্ষিতত এইবাৰ বাজেটত ক্ৰীড়াখণ্ডৰ বাজেট বৃদ্ধি পাব বুলি আশা কৰা হৈছিল।
দেশত ক্ৰীড়াৰ প্ৰসাৰৰ বাবে ভাৰত চৰকাৰে খেলো ইণ্ডিয়া আঁচনি আৰম্ভ কৰিছিল। ইয়াৰ অধীনত তৃণমূল পৰ্যায়ত ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়ন, ক্ৰীড়াৰ প্ৰতি যুৱক-যুৱতীসকলৰ আগ্ৰহ বৃদ্ধি আৰু দেশত ক্ৰীড়া সংস্কৃতি গঢ়ি তোলাৰ কাম কৰা হয়। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত দাখিল কৰা বাজেটত ‘খেলো ইণ্ডিয়া’ৰ বাবে নিৰ্ধাৰণ কৰা বাজেট বৃদ্ধিৰ কথা ঘোষণা কৰে। এই আঁচনিৰ বাবে এইবাৰ বাজেটত ১০০০ কোটি টকা আবণ্টন দিয়া হৈছে।
পূৰ্বৰ বাজেটত এই আঁচনিৰ বাবে ৯০০ কোটি টকা আবণ্টন দিয়া হৈছিল। অৰ্থাৎ এইবাৰ বাজেটত খেলো ইণ্ডিয়া আঁচনিৰ বাবে ১০০ কোটি টকা বৃদ্ধি কৰা হৈছে। উল্লেখ্য যে বিগত বৰ্ষৰ বাজেটত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ তুলনাত ২০ কোটি টকা বৃদ্ধি কৰি এই আঁচনিৰ বাজেট ৮৮০ টকাৰ পৰা ৯০০ কোটিলৈ বৃদ্ধি কৰিছিল। আনহাতে ২০২২-২৩ বিত্তীয় বৰ্ষত খেলো ইণ্ডিয়াৰ বাবে ৫৯৬.৩৯ কোটি টকা আবণ্টন দিয়া হৈছিল।
উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ২০১৮ চনত এই খেলো ইণ্ডিয়া আঁচনি আৰম্ভ কৰিছিল। তেতিয়াৰ পৰাই ভাৰত চৰকাৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা উদীয়মান ক্ৰীড়া প্ৰতিভাক আগুৱাই নিবলৈ এই আঁচনিখনত যথেষ্ট বিনিয়োগ কৰিছে। সামগ্ৰিকভাৱে, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ বাবে এইবাৰ ৩,৭৯৪.৩০ কোটি টকা আবণ্টন দিয়া হৈছে। বিগত বাজেটতকৈ এইবাৰ ক্ৰীড়া খণ্ডত বাজেট ৩৫১.৯৮ কোটি টকা বৃদ্ধি হৈছে।
যিহেতু আগন্তুক বছৰত অলিম্পিক, কমনৱেলথ বা এছিয়ান গেমছৰ দৰে কোনো বৃ্হৎ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত নহয়, সেয়ে ক্ৰীড়া খণ্ডৰ বাবে এই হাৰ সঠিক বুলি বিবেচনা কৰা হয়। ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনসমূহক সহায়ৰ বাবে আৱণ্টিত পৰিমাণো ৩৪০ কোটি টকাৰ পৰা ৪০০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে।