এদিনীয়াত ত্ৰিশতকৰ দিশে কোহলীঃ কেইবাটাও অভিলেখেৰে বিশেষ ক্ষণক অধিক বিশেষ কৰাৰ সুযোগ
কাইলৈ চেম্পিয়নছ ট্ৰফীত নিউজিলেণ্ডৰ বিপক্ষে মেচখন ভাৰতীয় ক্ৰিকেট দলৰ মহাতাৰকা বিৰাট কোহলীৰ এদিনীয়া কেৰিয়াৰৰ ৩০০ তম মেচ হ’ব। সেয়ে কাইলৈৰ মেচখন কোহলীৰ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ এক বিশেষ ক্ষণ হৈ পৰিব। মেচৰ সময়ত কেইটামান অভিলেখেৰে এই বিশেষ ক্ষণটিক অধিক বিশেষ কৰি তোলাৰ সুযোগ লাভ কৰিব বিৰাট কোহলীয়ে।

চলিত আইচিচি চেম্পিয়নছ ট্ৰফীত কাইলৈ অন্তিমখন গ্ৰুপ মেচত নিউজিলেণ্ডৰ বিপক্ষে অৱতীৰ্ণ হ’ব ভাৰতীয় দল। সন্মুখীন হ’ব ভাৰতীয় দল। এই মেচখন ভাৰতীয় ক্ৰিকেট দলৰ মহাতাৰকা বিৰাট কোহলীৰ এদিনীয়া কেৰিয়াৰৰ ৩০০ তম মেচ হ’ব। দেশৰ সপ্তমগৰাকী ক্ৰিকেটাৰ হিচাপে এই অনন্য কৃতিত্বৰ অধিকাৰী হ’ব কোহলী। সেয়ে কাইলৈৰ মেচখন কোহলীৰ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ এক বিশেষ ক্ষণ হৈ পৰিব। এই বিশেষ ক্ষণটিক অধিক বিশেষ কৰি তোলাৰ সুযোগ লাভ কৰিব বিৰাট কোহলীয়ে।
নিজ কেৰিয়াৰত অভিলেখৰ লহৰ তুলি অহা কোহলীয়ে কাইলৈ বহুকেইটা অভিলেখ ৰচনাৰ সুযোগ লাভ কৰিব। নিউজিলেণ্ডৰ বিপক্ষে মেচৰ সময়তে কোহলীয়ে চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত ভাৰতীয় দলৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ স্থাপনৰ সুযোগ পাব। এইক্ষেত্ৰত তাৰকা ক্ৰিকেটাৰগৰাকীয়ে এসময়ৰ সতীৰ্থ শিখৰ ধাৱানক অতিক্ৰম কৰিব। ধাৱানে এইপৰ্যন্ত চেম্পিয়নছ ট্ৰফীৰ ১০খন মেচত ৭০১ ৰান সংগ্ৰহ কৰি শীৰ্ষত আছে।
আনহাতে কোহলীয়ে চেম্পিয়নছ ট্ৰফীত এতিয়ালৈকে ১৫খন মেচত ৬৫১ ৰান সংগ্ৰহ কৰিছে। অৰ্থাৎ কাইলৈ নিউজিলেণ্ডৰ বিৰুদ্ধে ৫১ ৰান সংগ্ৰহ কৰাৰ লগে লগে কোহলীয়ে ধাৱানক অতিক্ৰম কৰি ভাৰতৰ হৈ প্ৰতিযোগিতাখনৰ ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হ’ব। সামগ্ৰিকভাৱে এই তালিকাৰ শীৰ্ষস্থানত আছে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন তাৰকা ক্ৰীছ গেইল।
গেইলে নিজ কেৰিয়াৰৰ সময়ত প্ৰতিযোগিতাখনত ১৭খন মেচত ৭৯১ ৰান সংগ্ৰহ কৰিছিল। এই অভিলেখ ভংগ কৰিবলৈ কোহলীক ১৪১ ৰানৰ প্ৰয়োজন। নিউজিলেণ্ডৰ বিৰুদ্ধে মেচতে কোহলীয়ে এই অভিলেখ নিজৰ নামত সংযোজিত কৰিব পাৰিব। যদি সেয়া সম্ভৱ হৈ নুঠে, চলিত প্ৰতিযোগিতাতে কোহলীয়ে৪ এই কৃতিত্ব অৰ্জন কৰিব পাৰিব। কাইলৈৰ মেচখনৰ সময়তে কোহলীয়ে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰৰ এক অভিযোগ ভংগ কৰাৰ সুযোগ পাব।
এইপৰ্যন্ত নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়াত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ আছে শচীনৰ নামত। কিৱি বাহিনীৰ বিপক্ষে শচীনে কেৰিয়াৰৰ ৪২খন এদিনীয়াত ১৭৫০ ৰান সংগ্ৰহ কৰিছিল। আনহাতে কোহলীয়ে এই পৰ্যন্ত দলটোৰ বিপক্ষে ৩১খন মেচত ১৬৪৫ ৰান সংগ্ৰহ কৰিছে। এনে অৱস্থাত কাইলৈ ১০৬ ৰান সংগ্ৰহ কৰাৰ লগে লগে শচীনৰ এই অভিলেখ ভংগ কৰিব পাৰিব কোহলীয়ে। ইয়াৰ লগে লগে শচীনে বীৰেন্দ্ৰ সেহৱাগৰ এক অভিলেখো ভংগ কৰিব।
নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়াত সৰ্বাধিক শতক অৰ্জনৰ ক্ষেত্ৰত সম্প্ৰতি ছয়টাকৈ শতকেৰে সেহৱাগৰ সৈতে কোহলী যুটিয়াভাৱে শীৰ্ষত আছে। পাকিস্তানৰ বিপক্ষে শতক অৰ্জনেৰে ফৰ্মলৈ উভতি অহা সেহৱাগে কাইলৈ পুনৰ যদি শতক সম্পূৰ্ণ কৰে, সেহৱাগক অতিক্ৰম কৰিব কোহলীয়ে। ইফালে আন এক অভিলেখ ৰচনাৰে কোহলীয়ে কাইলৈ ধাৱান, সৌৰভ গাংগুলী আৰু ৰাহুল দ্ৰাবিড়ক অতিক্ৰমৰ সুযোগ পাব।
চেম্পিয়নছ ট্ৰফীত ধাৱান, গাংগুলী আৰু দ্ৰাবিড়ৰ লগতে কোহলীয়েও এটা ইনিংছত ৬ বাৰকৈ ৫০ বা তাতোধিক ৰান সংগ্ৰহ কৰিছে। এতিয়া কাইলৈ ৩০০ সংখ্যক এদিনীয়াত অৰ্ধশতক সম্পূৰ্ণ কৰিলেই কোহলীয়ে নিজৰ নামত এই অভিলেখ সংযোজিত কৰিব। ইফালে বিৰাট কোহলীয়ে এই পৰ্যন্ত ২৯৯খন মেচত ১৪০৮৫ ৰান সংগ্ৰহ কৰিছে। কাইলৈ যদি কোহলীয়ে নিউজিলেণ্ডৰ বিপক্ষে ১৫০ ৰানৰ ইনিংছ খেলে এক অনন্য কৃতিত্ব অৰ্জন কৰিব।
কাইলৈ যদি কোহলীয়ে ১৫০ ৰান সংগ্ৰহ কৰিব পাৰে, তেতিয়া শ্ৰীলংকাৰ কিংবদন্তি তাৰকা কুমাৰ ছাংগাকাৰাক অতিক্ৰমি এদিনীয়াত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হ’ব। ছাংগাকাৰাই নিজ কেৰিয়াৰত ৪০৪খন মেচত ১৪২৩৪ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ উপৰিও কাইলৈৰ মেচখনত যদি কোহলীয়ে তিনিটা কেচ আয়ত্ব কৰে, ৰিকী পণ্টিঙক (১৬০টা কেচ) অতিক্ৰমি এদিনীয়াত দ্বিতীয় সৰ্বাধিক কেচ লোৱা খেলুৱৈ হিচাপে পৰিগণিত হ’ব।