শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Champions trophy 2025: ১৯ দিন, ৮টা দল, ১৫ খন মেচ…আজিৰে পৰা আৰম্ভ চেম্পিয়নছ ট্ৰফী, চাওক মেচৰ সম্পূৰ্ণ সূচী

Champions Trophy Match Schedule: ৮ বছৰৰ পিছত আকৌ অনুষ্ঠিত হ'ব চেম্পিয়নছ ট্ৰফী। ৮টা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। এই প্ৰতিযোগিতাখন ১৯ দিনলৈ চলিব, য’ত ইখনৰ পিছত সিখনকৈ ১৫খন মেচ উপভোগ কৰিব পাৰিব অনুৰাগীয়ে, যাৰ মাজত আছে ভাৰত-পাকিস্তানৰ মেচ।

Champions trophy 2025: ১৯ দিন, ৮টা দল, ১৫ খন মেচ…আজিৰে পৰা আৰম্ভ চেম্পিয়নছ ট্ৰফী, চাওক মেচৰ সম্পূৰ্ণ সূচী
চেম্পিয়নছ ট্ৰফী ২০২৫
trishna-kalita
Trishna Kalita | Published: 19 Feb 2025 07:27 AM

১৯ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰে পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫। বহু অপেক্ষাৰ অন্তত ঘূৰি আহিছে এইখন ক্ৰিকেট প্ৰতিযোগিতা। বৰ্তমান সময়ত চেম্পিয়নছ ট্ৰফীৰ জ্বৰত আক্ৰান্ত হাছে ক্ৰিকেট বিশ্ব।  এই প্ৰতিযোগিতাখন শেষবাৰৰ বাবে ২০১৭ চনত অনুষ্ঠিত হৈছিল। তেথিয়া ইংলেণ্ডে আয়োজন কৰা এই প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছিল পাকিস্তানে। এতিয়া প্ৰায় ৮ বছৰৰ পাছত এইবাৰ পাকিস্তানৰ আতিথ্যত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী। কিন্তু এইবাৰ এই প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব। আচলতে বিচিচিআইয়ে পাকিস্তানলৈ পঠোৱা নাই টীম ইণ্ডিয়াক। এনে পৰিস্থিতিত টীম ইণ্ডিয়াই নিজৰ সকলো মেচ ডুবাইত খেলিব। ইয়াৰ বাহিৰে আন দলৰ মেচ কেৱল পাকিস্তানতহে অনুষ্ঠিত হ’ব।

 ৮টা দলৰ মাজত হ’ব মেচ

চেম্পিয়নছ ট্ৰফী ২০২৫ত ৮টা দলে খেলা দেখা যাব। ইয়াৰ ভিতৰত আছে ভাৰত, পাকিস্তান, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, বাংলাদেশ, আফগানিস্তান আৰু ইংলেণ্ডৰ দলসমূহ। এই ৮ টা দলক ২ টা গ্ৰুপত ভাগ কৰা হৈছে। গ্ৰুপ Aত ভাৰত, পাকিস্তান, বাংলাদেশ আৰু নিউজিলেণ্ডৰ দলসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে, গ্ৰুপ Bত আফগানিস্তান, অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ দল আছে। গ্ৰুপ পৰ্যায়ত সকলো দলেই নিজৰ গ্ৰুপৰ দলৰ সৈতে এবাৰকৈ মুখামুখি হ’ব আৰু তাৰ পিছত দুয়োটা গ্ৰুপৰ পৰা ২টাকৈ দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব।

ক’ত হ’ব এই খেলবোৰ?

মুঠ ৪খন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫ৰ মেচ। য’ত আছে পাকিস্তানৰ ৩খন আৰু ডুবাইৰ ১খন ষ্টেডিয়াম। পাকিস্তানত কৰাচীৰ নেশ্যনেল ষ্টেডিয়াম, লাহোৰৰ গাদ্দাফি ষ্টেডিয়াম আৰু ৰাৱালপিণ্ডিৰ ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়ামত এই খেল অনুষ্ঠিত হ’ব। আনহাতে ডুবাইত টীম ইণ্ডিয়াই নিজৰ সকলো খেল ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত খেলিব। উল্লেখ্য যে, এই টুৰ্ণামেণ্টৰ সময়ত ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২:৩০ বজাৰ পৰা সকলো মেচ আৰম্ভ হ’ব আৰু দুপৰীয়া ২ বজাত টছ হ’ব।

ভাৰতত খেলসমূহ ক’ত কেনেকৈ চাব পাৰিব?

আইচিচি চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলৰ সকলো খেল ষ্টাৰ স্প’ৰ্টছ আৰু স্প’ৰ্টছ18 চেনেলত বিভিন্ন ভাষাত টেলিভিছনত প্ৰদৰ্শিত হ’ব। একে সময়তে ইয়াক জিঅ’ষ্টাৰ নেটৱৰ্কত ষ্ট্ৰীম কৰা হ’ব। ডিজিটেল প্লেটফৰ্মত অনুৰাগীসকলে ইংৰাজী, হিন্দী, মাৰাঠী, হাৰিয়ানৱী, বাংলা, ভোজপুৰী, তামিল, তেলেগু আৰু কানাড়া ভাষাত এই খেলখন শুনিব পাৰিব।

ভাৰতীয় দলৰ স্কোৱাড

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ভাৰতীয় দলটোত আছে ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল, ঋষভ পন্ত, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, মহম্মদ ছামি, অৰ্শদীপ সিং, ৰবীন্দ্ৰ জাদেজা, বৰুণ চক্ৰৱৰ্তী।

টীম ইণ্ডিয়াৰ খেলৰ সময়সূচী

২০ ফেব্ৰুৱাৰীৰ পৰা এই প্ৰতিযোগিতাত অভিষেক ঘটাব টীম ইণ্ডিয়াই। এই মেচত বাংলাদেশৰ বিৰুদ্ধে খেলপথাৰ নামিব ভাৰতীয় দলটোৱে। ইয়াৰ পিছতে পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন মেচ খেলিব টিম ইণ্ডিয়াই। এই খেলখন অনুষ্ঠিত হ’ব ২৩ ফেব্ৰুৱাৰীত। ইয়াৰ পিছত গ্ৰুপৰ অন্তিমখন মেচত ২ মাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব। ইয়াৰ পিছত ছেমি ফাইনেল আৰু ফাইনেল মেচ অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাখনৰ আটাইতকৈ সফল দল

এই প্ৰতিযোগিতাৰ ইতিহাসত আটাইতকৈ সফল দল হৈছে টীম ইণ্ডিয়া। চেম্পিয়নছ ট্ৰফীত এই পৰ্যন্ত ২৯খন মেচ খেলি ১৮খন খেলত জয়লাভ কৰিছে ভাৰতে। আনহাতে ৮ত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। ইয়াৰে তিনিখন মেচ নিৰ্ণায়ক নহয়। ইয়াৰ উপৰিও ভাৰতে দুবাৰকৈ খিতাপ দখল কৰিছে। ২০০২ চনত টীম ইণ্ডিয়া আৰু শ্ৰীলংকা এই প্ৰতিযোগিতাৰ যৌথ বিজয়ী হৈছিল।  বৰষুণত বাবে বাতিল হ’ল ফাইনেল মেচখন। একে সময়তে ২০১৩ চনত ভাৰতীয় দলটোৱে ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰে।

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সূচী-

মেচৰ তাৰিখ, দল

১৯ ফেব্ৰুৱাৰী, পাকিস্তান বনাম নিউজিলেণ্ড
২০ ফেব্ৰুৱাৰী, বাংলাদেশ বনাম ভাৰত ডুবাই
২১ ফেব্ৰুৱাৰী, আফগানিস্তান বনাম দক্ষিণ আফ্ৰিকা
২২ ফেব্ৰুৱাৰী, অষ্ট্ৰেলিয়া বনাম ইংলেণ্ড
২৩ ফেব্ৰুৱাৰী, পাকিস্তান বনাম ভাৰত
২৪ ফেব্ৰুৱাৰী, বাংলাদেশ বনাম নিউজিলেণ্ড
২৫ ফেব্ৰুৱাৰী, অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা
২৬ ফেব্ৰুৱাৰী, আফগানিস্তান বনাম ইংলেণ্ড
২৭ ফেব্ৰুৱাৰী, পাকিস্তান বনাম বাংলাদেশ
২৮ ফেব্ৰুৱাৰী, আফগানিস্তান বনাম অষ্ট্ৰেলিয়া
১ মাৰ্চ, দক্ষিণ আফ্ৰিকা বনাম ইংলেণ্ড
২ মাৰ্চ, নিউজিলেণ্ড বনাম ভাৰত
SF1- ৪ মাৰ্চ, ছেমিফাইনেল ১
SF2- ৫ মাৰ্চ, ছেমিফাইনেল ২
ফাইনেল – ৯ মাৰ্চ, TBD