শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আজৱ কথা! ১২ বছৰে চেম্পিয়নছ ট্ৰফীৰ এখনো মেচত জয়ী হোৱা এই বিশ্বজয়ী দল…

আইচিচি চেম্পিয়নছ ট্ৰফী প্ৰথমবাৰৰ বাবে ১৯৯৮ চনত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ পিছত এতিয়ালৈকে প্ৰতিযোগিতাখনৰ আঠটা সংস্কৰণ অনুষ্ঠিত হৈছে। ভাৰত আৰু অষ্ট্ৰেলিয়াই দুবাৰকৈ খিতাপ জয়েৰে এই প্ৰতিযোগিতাৰ আটাইতকৈ সফল দল হিচাপে স্বীকৃতি লাভ কৰিছে। পিছে চেম্পিয়নছ ট্ৰফীৰ বিগত দুটা সংস্কৰণত এখনো মেচত জয়ী হোৱা নাই এটা শক্তিশালী দল।

আজৱ কথা! ১২ বছৰে চেম্পিয়নছ ট্ৰফীৰ এখনো মেচত জয়ী হোৱা এই বিশ্বজয়ী দল…
চেম্পিয়নছ ট্ৰফীলৈ আৰু কেইটামান দিন
monjit-dutta
Monjit Dutta | Updated On: 18 Feb 2025 11:00 AM

অহা ১৯ ফেব্ৰুৱাৰীৰ আৰম্ভ হ’ব ক্ৰিকেটপ্ৰেমীসকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা আইচিচি চেম্পিয়নছ ট্ৰফী। সুদীৰ্ঘ ৮টা বছৰৰ মূৰত আইচিচিৰ এই অনন্য প্ৰধান প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সেয়ে ক্ৰিকেট অনুৰাগীসকলৰ মাজত চেম্পিয়নছ ট্ৰফীৰ বাবে এক বিশেষ উৎসাহ পৰিলক্ষিত হৈছে। এই প্ৰতিযোগিতা এদিনীয়া ফৰ্মেটত অনুষ্ঠিত হ’ব আৰু এই ফৰ্মেটৰ শীৰ্ষ ৮টা দলে প্ৰতিদ্বন্দিতা আগবঢ়াব। এনে পৰিস্থিতিত ক্ৰিকেট বিশ্বই স্বাভাৱিকতেই এক ৰোমাঞ্চকৰ তথা প্ৰতিদ্বন্দিতাপূৰ্ণ প্ৰতিযোগিতা উপভোগৰ সুযোগ পাব।

আইচিচি চেম্পিয়নছ ট্ৰফী প্ৰথমবাৰৰ বাবে ১৯৯৮ চনত অনুষ্ঠিত হৈছিল আৰু উদ্বোধনী বৰ্ষৰ খিতাপ জয় কৰিছিল দক্ষিণ আফ্ৰিকাই। ইয়াৰ পিছত এতিয়ালৈকে প্ৰতিযোগিতাখনৰ আঠটা সংস্কৰণ অনুষ্ঠিত হৈছে। ভাৰত আৰু অষ্ট্ৰেলিয়াই দুবাৰকৈ খিতাপ জয়েৰে এই প্ৰতিযোগিতাৰ আটাইতকৈ সফল দল হিচাপে স্বীকৃতি লাভ কৰিছে। এইবাৰ স্বাভাৱিকতেই এই দুয়োটা দলৰ ওপৰতে মূলতঃ সকলোৰে দৃষ্টি থাকিব।

অষ্ট্ৰেলিয়া সম্প্ৰতি এদিনীয়া বিশ্বকাপ বিজয়ী দল আৰু ভাৰতীয় দলৰ শক্তিৰ কথা পুনৰাই দোহৰাৰ প্ৰয়োজন নাই। গতিকে ক্ৰিকেট বিশেষজ্ঞসকলেও এই দুয়োটা দলকে প্ৰতিযোগিতাৰ হট ফেভাৰিট আখ্যা দিছে। কিন্তু আঘাতৰ সমস্যাই এই সময়ত দুয়োটা দলকে সমস্যাত পেলাইছে। তথাপি ভাৰত আৰু অষ্ট্ৰেলিয়াই খেলপথাৰত যিকোনো সময়তে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম।

চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত অষ্ট্ৰেলিয়া অন্যতম সফল দল যদিও পিছে দলটোৰ শেহতীয়া প্ৰদৰ্শন এই প্ৰতিযোগিতাখনত অত্যন্ত হতাশাজনক। বিগত এটা দশকৰ ভিতৰত অষ্ট্ৰেলিয়াই দুবাৰকৈ এদিনীয়া বিশ্বকাপ জয় কৰিছে, কিন্তু চেম্পিয়নছ ট্ৰফীৰ শেহতীয়া দুটা সংস্কৰণত দলটোৱে এখনো মেচত জয়ৰ মুখ দেখা নাই।

এই প্ৰতিযোগিতাখনৰ অন্তিম দুটা সংস্কৰণ ২০১৩ আৰু ২০১৭ চনত অনুষ্ঠিত হৈছিল। অৰ্থাৎ বিগত ১২ বছৰত অষ্ট্ৰেলিয়া এই প্ৰতিযোগিতাত কোনো এখন মেচত জয়ী হোৱা নাই। অষ্ট্ৰেলিয়াক এদিনীয়া ক্ৰিকেটৰ আটাইতকৈ শক্তিশালী তথা সফল দল হিচাপে গণ্য কৰা হয়। দুবাৰ চেম্পিয়নছ ট্ৰফী জয়ৰ সমান্তৰালকৈ দলটওৱে ৬ বাৰ এদিনীয়া বিশ্বকাপৰ খিতাপ দখল কৰিছে। কিন্তু দলটোৰ চেম্পিয়নছ ট্ৰফীৰ শেহতীয়া প্ৰদৰ্শন অতি শোচনীয়।

২০১৩ চনৰ চেম্পিয়নছ ট্ৰফীৰ সংস্কৰণত অষ্ট্ৰেলিয়া গ্ৰুপ পৰ্যায়তে বাহিৰ হৈছিল। এই সংস্কৰণত অষ্ট্ৰেলিয়াই খেলা ৩ খন মেচৰ প্ৰথমখনত ইংলেণ্ডৰ বিৰুদ্ধে ৪৮ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। ইয়াৰ পিছত বৰষুণৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে মেচ বাতিল হৈছিল আৰু তাৰ পিছত শ্ৰীলংকা্ৰ বিপক্ষেও ২০ ৰানত পৰাস্ত হৈছিল। ইয়াৰ পিছত ২০১৭ চনৰ সংস্কৰণতো দেখা গৈছিল এনে পৰিস্থিতি।

দলটোৰ প্ৰথম দুখন মেচ বৰষুণৰ বাবে বাতিল হোৱাৰ পিছত তৃতীয়খন মেচত ইংলেণ্ডৰ হাতত ৪০ ৰানত পৰাস্ত হয়। এনে পৰিস্থিতিত আকৌ এবাৰ গ্ৰুপ ষ্টেজৰ পৰা বাহিৰ হয় অষ্ট্ৰেলিয়া। এইবাৰো প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে দলটো আঘাতৰ বাবে দুৰ্বল হৈ পৰিছে। কামিন্স, হেজেলউডসহ কেইবাগৰাকীও তাৰকাৰ আঘাতৰ পিছত মিচেল ষ্টাৰ্কেও নিজৰ নাম প্ৰত্যাহাৰ কৰিছে। গতিকে এইবাৰো প্ৰতিযোগিতাখনত দলটোৰ অভিযান সহজ নহ’ব।