চেম্পিয়নছ ট্ৰফীত বৰষুণৰ বিঘিনিঃ ছেমি ফাইনেললৈ অষ্ট্ৰেলিয়া, আশাভংগ আফগানিস্তানৰ

চলিত আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ত নিশ্চিত হৈছে ছেমি ফাইনেলৰ তৃতীয়টো দল। আজি বৰ্ষাবিঘ্নিত মেচত এটা পইণ্ট সংগ্ৰহেৰে ছেমিৰ পথ প্ৰশস্ত কৰিছে বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াই। আনহাতে আশাভংগ হৈছে প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখনত অংশ লোৱা আফগানিস্তানৰ।

চেম্পিয়নছ ট্ৰফীত বৰষুণৰ বিঘিনিঃ ছেমি ফাইনেললৈ অষ্ট্ৰেলিয়া, আশাভংগ আফগানিস্তানৰ

ছেমিত অষ্ট্ৰেলিয়া

Published: 

28 Feb 2025 23:50 PM

চলিত আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ত নিশ্চিত হৈছে ছেমি ফাইনেলৰ তৃতীয়টো দল। আজি বৰ্ষাবিঘ্নিত মেচত এটা পইণ্ট সংগ্ৰহেৰে ছেমিৰ পথ প্ৰশস্ত কৰিছে বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াই। আনহাতে আশাভংগ হৈছে প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখনত অংশ লোৱা আফগানিস্তানৰ। আজি দুয়োটা দলৰ মাজত লাহোৰৰ গাড্ডাফি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ মেচখন বৰষুণৰ বাবে বাতিল কৰাৰ লগে লগে অষ্ট্ৰেলিয়াৰ ছেমিৰ পথ নিশ্চিত হৈ পৰে। আনহাতে এতিয়ালৈকে প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱা বুলি ক’ব নোৱাৰিলেও এয়া প্ৰায় নিশ্চিত হৈ পৰিছে আফগানিস্তানৰ বাবে।

গ্ৰুপ এৰ পৰা ভাৰত আৰু নিউজিলেণ্ডে ইতিপূৰ্বেই ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ পিছত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছিল গ্ৰুপ বিৰ ওপৰত। এই গ্ৰুপৰ পৰা ইংলেণ্ড ইতিমধ্যে বাহিৰ হোৱাৰ বিপৰীতে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, আফগানিস্তান- এই তিনিওটা দলৰ হাতত আছিল ছেমিত প্ৰৱেশৰ সুযোগ। ইয়াৰে ভিতৰত আজি অষ্ট্ৰেলিয়াই ছেমিৰ দৌৰত অগ্ৰগতি লাভ কৰাৰ পিছত দক্ষিণ আফ্ৰিকাই ছেমিৰ আনটো দল হিচাপে বিবেচিত হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকাশ পাইছে।

এতিয়া ১ মাৰ্চ, অৰ্থাৎ কাইলৈ দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ ফলাফলৰ দ্বাৰা ছেমি ফাইনেলৰ চতুৰ্থটো দল নিশ্চিত হৈ পৰিব। এক কথাত দক্ষিণ আফ্ৰিকাৰ হাততে এইক্ষেত্ৰত আটাইতকৈ সুযোগ আছে। কেৱল প্ৰটিয়াছ বাহিনী যদি মেচখনত দুই শতাধিক ৰানৰ বৃ্হৎ ব্যৱধানত মেচখনত পৰাস্ত হয়, তেতিয়াহে আফগানিস্তানৰ বাবে ভাগ্যৰ দুৱাৰ মুকলি হ’ব পাৰে। কিন্তু এনে সমীকৰণৰ সম্ভাৱনা প্ৰায় শূন্যই বুলিব পাৰি।

আজিৰ মেচখনত টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল আফগানিস্তানে। প্ৰথম অভাৰতে দলটোৰ অপেনিং বেটাৰ গুৰবাজ আৰু ইনিংছৰ ১৪ সংখ্যক অভাৰত ইংলেণ্ডৰ বিপক্ষে দলটোৰ জয়ৰ নায়ক ইব্ৰাহিম জড্ৰান পেভিলিয়নমুখী হৈছিল যদিও অষ্ট্ৰেলিয়াৰ সমুখত ২৭৪ ৰানৰ এক প্ৰত্যাহ্বানজনক লক্ষ্য থিয় কৰাইছিল। দলটোৰ হৈ যুৱ বেটাৰ ছেদিকুল্লাহ অটলে ৮৫ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলিছিল।

তেওঁৰ লগতে আজমাতুল্লাহ ওমৰজাইয়ে ৬৩টা বলত ৬৭ ৰানৰ এক চমকপ্ৰদ ইনিংছ খেলি দলক এক সবল স্থিতি প্ৰদান কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই বিস্ফোৰক বেটিঙেৰে মাত্ৰ ১২.৫ অভাৰত এটা উইকেট হেৰুৱাই ১০৯ ৰান সংগ্ৰহ কৰাৰ সময়তে বৰষুণৰ আগমন ঘটে। সেই সময়ত দলৰ অপেনাৰ ট্ৰেভিছ হেডে ৫৯ ৰান আৰু অধিনায়ক ষ্টিভেন স্মিথে ১৯ ৰান সংগ্ৰহ কৰি বেটিং কৰি আছিল।

অৱশ্যে বৰষুণৰ বাবে মেচখন পুনৰ আৰম্ভ কৰিব পৰা নগ’ল আৰু মেচৰ আম্পায়াৰ তথা মেচ ৰেফাৰীয়ে এনে পৰিস্থিতিত মেচখন বাতিল কৰা বুলি ঘোষণা কৰে। মেচ বাতিল হোৱাৰ ফলত দুয়োটা দলে এক পইণ্টকৈ ভগাই ল’বলগা হয় আৰু এইদৰে অষ্ট্ৰেলিয়াই সামগ্ৰিকভাৱে ৪ পইণ্ট লাভ কৰি গ্ৰুপৰ পৰা প্ৰথমটো দল ৰূপে ছেমি ফাইনেলত প্ৰৱেশ কৰে। লক্ষণীয়ভাৱে আশা ক্ষীণ হ’লেও এইপৰ্যন্ত ছেমিৰ দৌৰৰ পৰা পিছে বাহিৰ হোৱা নাই আফগানিস্তান।

কাইলৈ দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনত যদি ইংলেণ্ডে ৩০০তকৈ অধিক ৰান সংগ্ৰহ কৰি দক্ষিণ আফ্ৰিকাক ২০৭ ৰানৰ ব্যৱধানত পৰাস্ত কৰে, তেতিয়া আফগানিস্তানৰ বাবে ছেমিৰ পথ মুকলি হ’ব। কিন্তু মেচখনত যদি দক্ষিণ আফ্ৰিকা জয়ী হয় বা বৰষুণৰ বাবে মেচখন বাতিলো হয়, তেতিয়াই প্ৰটিয়াছ দলটোৱে ছেমিত প্ৰৱেশ কৰিব। সেয়ে এই মুহূৰ্তত প্ৰটিয়াছ বাহিনীয়েই ছেমিৰ আনটো দলৰূপে পৰিগণিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

ইতিহাস প্ৰসিদ্ধ চৰাইদেউ মৈদামৰ আছে বহু ৰহস্য, মৈদাম কি জানেনে?
আপোনাৰ পাৰ্ছত ৰাখক এই সামগ্ৰী, কেতিয়া নহ'ব ধনৰ অভাৱ!
সমগ্ৰ বিশ্বত কিমান সনাতনী লোক আছে?
কোন দেশৰ লোকে সবাতোকৈ বেছি গো মাংস খায়? জানক সবিশেষ...