শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আফগানিস্তান-অষ্ট্ৰেলিয়াৰ মেচত বৰষুণৰ আশংকাঃ মেচ অনিৰ্ণায়ক হৈ ৰ’লে কোনে খেলিব ছেমি!

আজি গ্ৰুপত নিজৰ অন্তিমখন মেচ খেলিছে ছেমিৰ দুই দাবীদাৰ অষ্ট্ৰেলিয়া আৰু আফগানিস্তানে। এই মেচখনত আজি যিটো দলেই জয়ী হয়, প্ৰৱেশ কৰিব ছেমিত। আনহাতে আফগানিস্তান মেচখনত পৰাস্ত হ’লে প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ব যদিও অষ্ট্ৰেলিয়াৰ হাতত থাকিব কিছু সুযোগ। ইফালে এই সমীকৰণত বতৰেও কিছু প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।

আফগানিস্তান-অষ্ট্ৰেলিয়াৰ মেচত বৰষুণৰ আশংকাঃ মেচ অনিৰ্ণায়ক হৈ ৰ’লে কোনে খেলিব ছেমি!
গুৰুত্বপূৰ্ণ মেচত আজি আফগানিস্তান-অষ্ট্ৰেলিয়া
monjit-dutta
Monjit Dutta | Published: 28 Feb 2025 16:20 PM

এক ৰোমাঞ্চকৰ স্থিতিত উপনীত হৈছে আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫। ইতিমধ্যে গ্ৰুপ এৰ পৰা ভাৰত আৰু নিউজিলেণ্ডে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে যদিও গ্ৰুপ বিৰ স্থিতি আকৰ্ষণীয় হৈ পৰিছে। এই গ্ৰুপৰ পৰা ইংলেণ্ডে ইতিমধ্যে দুখন মেচত পৰাস্ত হোৱাৰ পিছত প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে। আনহাতে তিনি পণ্টকৈ সংগ্ৰহেৰে দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া গ্ৰুপত শীৰ্ষ দুটা স্থানত থকাৰ বিপৰীতে দুই পইণ্টেৰে তৃতীয় স্থানত আছে আফগানিস্তান। এনে স্থিতিত এই তিনিওটা দলৰ বাবে ছেমিত প্ৰৱেশৰ সুযোগ আছে।

আজি গ্ৰুপত নিজৰ অন্তিমখন মেচ খেলিছে ছেমিৰ দুই দাবীদাৰ অষ্ট্ৰেলিয়া আৰু আফগানিস্তানে। এই মেচখনত আজি যিটো দলেই জয়ী হয়, প্ৰৱেশ কৰিব ছেমিত। আনহাতে আফগানিস্তান মেচখনত পৰাস্ত হ’লে প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ব যদিও অষ্ট্ৰেলিয়াৰ হাতত থাকিব কিছু সুযোগ। এইক্ষেত্ৰত দলটোৱে দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডৰ মাজৰ মেচখনৰ ফলাফললৈ অপেক্ষা কৰিব লাগিব।

ইফালে এই সমীকৰণত বতৰেও কিছু প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। লাহোৰৰ গাড্ডাফি ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই মেচখন। পিছে গুৰুত্বপূৰ্ণ এই মেচখনত বৰষুণৰ শংকা আছে। যদি আজি মেচৰ সময়তে বৰষুণ আহে আৰু বৰষুণৰ বাবে মেচখন অনিৰ্ণায়ক হৈ ৰয়, তেতিয়া কোনটো দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব! চাওঁ আহক এই সমীকৰণ-

সম্প্ৰতি অষ্ট্ৰেলিয়াই ৩ পইণ্ট লাভ কৰি +০.৪৭৫ নেট ৰান ৰেটেৰে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে। আনহাতে আফগানিস্তানে ২ পইণ্ট লাভ কৰি -০.৯৯০ নেট ৰান ৰেটেৰে পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে। ইফালে দক্ষিণ আফ্ৰিকাই ২খন মেচৰ পৰা ৩ পইণ্ট আৰু +২.১৪০ নেট ৰান ৰেটেৰে  প্ৰথম স্থানত আছে। অৰ্থাৎ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ হ’লে আফগানিস্তানৰ দলটোৱে যিকোনো মূল্যতে জয়লাভ কৰাটো প্ৰয়োজনীয়।

কিন্তু যদি মেচখন বৰষুণৰ বাবে সম্পূৰ্ণ নোহোৱাকৈ ৰয়, তেতিয়া দুয়োটা দলে ১ পইণ্টকৈ লাভ কৰিব। ইয়াৰ লগে লগে অষ্ট্ৰেলিয়াই ৪ পইণ্টেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে আফগানিস্তানে ৩ পইণ্টেৰে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হ’ব। কাৰণ দক্ষিণ আফ্ৰিকাৰ দলটোৱে অন্তিমখন মেচত পৰাস্ত হ’লেও দলটোৰ পইণ্ট আফগানিস্তানৰ সমান হ’ব যদিও নেট ৰাণ ৰেটৰ ভিত্তিত দলটোৱে ছেমিত প্ৰৱেশ কৰিব।

সম্প্ৰতি মেচখন চলি থকাৰ সময়ত লাহোৰৰ আকাশত ডাৱৰৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে। বতৰৰ এনে স্থিতি আফগানিস্তানৰ বাবে দুৰ্ভাগ্যৰ কাৰণ হৈ পৰিব পাৰে। সেয়ে সমগ্ৰ ক্ৰিকেট বিশ্বত থকা আফগান অনুৰাগীয়ে এতিয়া বতৰৰ বাধা অবিহনে মেচখন সম্পূৰ্ণ হৈ উঠাৰ বাবে প্ৰাৰ্থনা কৰিব আৰু অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ছেমিত প্ৰৱেশেৰে আফগানিস্তানে ইতিহাস ৰচনা কৰাৰ আশাৰে অপেক্ষা কৰিব।